/asomiyapratidin/media/media_files/2025/05/25/r6UnPYhaQuGb4eYhTOS9.jpg)
ডিজিটেল সংবাদ,মুছলপুৰঃ "জোন দাসৰ সকলো কথা যুক্তিহীন আৰু ভিত্তিহীন। ঘনশ্যাম দাসৰ বিৰুদ্ধে তথ্য ফাদিল কৰা তথা অবড়ো সুৰক্ষা সমিতিৰ নেতা বুলি নিজকে জাহিৰ কৰা জোন দাসৰ কোনো নিৰ্দিষ্ট সমিতিয়েই নাই।বিপিএফৰ বাবে এসময়ত অবড়ো নেতা মহেন্দ্ৰ হীৰা, বিদ্যুৎ, খনীনৰ মৃত্যু হৈছিল কিন্তু হত্যাকাৰী বিপিএফৰ পক্ষ লৈছে অবড়ো জোন দাসে"- মুছলপুৰত এখন সংবাদমেল সম্বোধন কৰি এই মন্ত্ব্য কৰে ইউপিপিএল নেতা হৰেকৃষ্ণ পাঠকে।
তেওঁ লগতে কয়, অনাবড়ো আন্দোলনৰ সময়তে শ্বহীদ হোৱা মনোজ দাসৰ শ্বহীদ বেদী বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই বনাইছে, কিন্তু অবড়ো বুলি নাম লোৱা জোন দাসে বনোৱা নাই। বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ কাম-কাজৰ খতিয়ান দাঙি ধৰি জোন দাসক মুকলি প্ৰত্যাহ্বান জনাই হৰেকৃষ্ণ পাঠকে কয় যে, ৰাকেশ ব্ৰহ্মই কি কৰিছে কৰা নাই আপুনি চাই আহক।
মুছলপুৰ পৰিষদীয় সমষ্টিত অবড়ো সুৰক্ষা সমিতিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি কোৱা কথাৰ ওপৰত ভিত্তি কৰি হৰেকৃষ্ণ পাঠকে কয় যে, মুছলপুৰ সমষ্টিৰ ৰাইজে ভাগ্যৰ বলত ৰাকেশ ব্ৰহ্মৰ দৰে এজন জনপ্ৰতিনিধি পাইছে। গতিকে মুছলপুৰ সমষ্টিৰ ৰাইজে বিপিএফৰ পক্ষত থকা অবড়ো সুৰক্ষা সমিতিক সমৰ্থন নিদিয়ে।
লেম লৈ চৰম সিদ্ধান্ত ল'বলৈ যোৱা আৰু কেলেংকাৰীৰ ফাইল খুলিম বুলি আগতীয়াকৈ কোৱা একে কথা বুলিও কটাক্ষ কৰে ইউপিপিএল নেতা গৰাকীয়ে । জোন দাসক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে, আপোনাৰ যদি সাহস আছে মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী হৈ দেখাওক তেতিয়াহে আপোনাক আমি চেল্যুট দিম।
কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়োৰ বিৰুদ্ধে জোন দাসে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে হৰেকৃষ্ণ পাঠকে। তেওঁ ইউপিপিএল দল কোনো এটা নিৰ্দিষ্ট জাতিৰ দল নহয়, সকলোৰে মিলিত প্ৰচেষ্টাত বিটিআৰৰ উন্নয়ন প্ৰমোদ বড়োৰ লক্ষ্য বুলিও মন্তব্য কৰে। সংবাদমেলত হৰেকৃষ্ণ পাঠকে দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এ-ব্লক, বি-ব্লক আৰু চি-ব্লকৰ মাটিৰ সমস্যা সোনকালেই সমাধান হ'ব বুলিও জানিবলৈ দিয়ে ।