সাৱধান! বিদেশী অপতৃণ পার্থেনিয়ামে ভৰিছে নামৰূপৰ চৌপাশ

ৰাজ্যৰ ভিন্ন প্ৰান্তত পার্থেনিয়াম নামৰ এজোপা বিদেশী অপতৃণই ত্ৰাসৰ সৃষ্টি কৰিছে। নামৰূপ অঞ্চলতো এই ভয়ানক তৃণ জোপাই ৰঘুমলাৰ দৰে আবৰি ধৰিছে ।

author-image
Asomiya Pratidin
New Update
 সাৱধান! বিদেশী অপতৃণ পার্থেনিয়ামে ভৰিছে নামৰূপৰ চৌপাশ

সাৱধান! বিদেশী অপতৃণ পার্থেনিয়ামে ভৰিছে নামৰূপৰ চৌপাশ


ডিজিটেল সংবাদ, নামৰূপঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত পার্থেনিয়াম নামৰ এজোপা বিদেশী অপতৃণই ত্ৰাসৰ সৃষ্টি কৰিছে। নামৰূপ অঞ্চলতো এই ভয়ানক তৃণ জোপাই ৰঘুমলাৰ দৰে আবৰি ধৰিছে। আমেৰিকাত উৎপত্তি হোৱা এই ভয়ানক গছজোপাই পৃথিৱীব্যাপী বিস্তাৰিত হোৱাৰ সমান্তৰালভাৱে নামৰূপৰ বিভিন্ন ঠাইত দোপত দোপে বাঢ়ি অহা দেখা গৈছে। নামৰূপৰ গ্ৰাম্যাঞ্চলত, সাৰ উদ্যোগৰ আৱাসিক এলেকাত এই গছ জোপা ঘাঁহ বনৰ দৰে চানি ধৰিছে।  

Advertisment

বি ভি এফ চি এলৰ কলনী আৰু মুকলি হৈ পৰি থকা ভূমি খণ্ডত অধিক প্ৰত্যক্ষ কৰা হৈছে এই বিধ অপতৃণ। উল্লেখযোগ্য যে, এই বিধ অপতৃণৰ পৰা আৰু ইয়াৰ ৰেণুবোৰৰ পৰা বায়ুজনিত ৰোগ যেনে চৰ্দি, কাঁহ, হাপানী, চকুৰ ৰোগ, ছালৰ ৰোগ, জ্বৰ-বমি, হৰম’নৰ বিকাৰ, ৰ’দৰ ফলত হোৱা ছালৰ ৰোগ, এলাৰ্জি, বদ হজম আদি নানা ৰোগৰ সৃষ্টি কৰাৰ উপৰিও কেন্সাৰৰ দৰে ৰোগৰো কাৰক বুলি গৱেষণাত প্রকাশ পাইছে। তুলনামুলকভাবে পৰ্যবেক্ষণ কৰিলে দেখা যায় বৰ্তমান নামৰূপত চৰ্দী জ্বৰ কাঁহ চকুৰ ৰোগত ভোগা ৰোগীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে, এই গছজোপা চিনাক্ত কৰিবলৈ অতিকৈ সহজ। ইয়াৰ উচ্চতা ০.৫ পৰা ২ মিটাৰ পৰ্যন্ত হয়। পাত সৰু আৰু আঙুলিৰ দৰে খাজ কটা, সেউজীয়া, ৰোমযুক্ত, আৰু বিকল্প পাত যুক্ত। গুচ্ছৰূপত ৫ মি.মি. ব্যাসৰ পুষ্পবিন্যাসৰ সৈতে ফুলবোৰ সৰু, বগা ৰঙৰ হয়। বীজ ক'লা, পাখি-আকৃতিৰ, বগা আঁচল থকা। এজোপা গছে বছৰি প্ৰায় ২০ ৰ পৰা ২৫ হাজাৰ পৰ্য্যন্ত গুটি উৎপাদন কৰিব পাৰে। বছৰত দুবাৰ এপ্রিল-জুন আৰু চেপ্তেম্বৰ-নৱেম্বৰ মাহত ফুল ফুলি গুটি ধৰে। ই অতি প্রতিকূল ঠাইটো সহজে জীয়াই থাকিব পাৰে। তাৰোপৰি দ্রুতগতিত বৃদ্ধি হ'ব পৰা ক্ষমতা থকা বাবে কাষৰ ঠাইখিনিৰ পৰা পুষ্টি বেছিকৈ আহৰণ কৰি প্ৰতিৱেশী উদ্ভিদবোৰ ক্ষতি হয়। 

শেহতীয়াভাৱে গৱেষণাৰ পৰা দেখা গৈছে যে, এই অপতৃণই পার্থেনিন নামৰ এবিধ ৰাসায়নিক পদার্থ নিৰ্গত কৰে যি অন্য উদ্ভিদৰ বাবে ক্ষতিকাৰক। এই পার্থেনিনৰ পাশ্বক্ৰিয়াৰ বাবে অন্য উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰাৰ উপৰিও দৰকাৰী উদ্ভিদক মাৰি পেলোৱাৰ সম্ভাৱনা অধিক। জৈৱ বৈচিত্র ধ্বংস কৰা বাবে এইজোপা উদ্ভিদক সেউজ সন্ত্রাসবাদ বুলি অভিহিত কৰা হৈছে। আনহাতে এইবিধ উদ্ভিদ ঘাঁহ খোৱা প্ৰাণীৰ বাবে অতি  বিষাক্ত। এই উদ্ভিদে তৃণভোজী জন্তুৰ খাদ্য গুণাগুণ নষ্ট কৰে। গৰু-মহ, ছাগলী আদি জন্তুৱে খালে মুখত ঘাঁ সৃষ্টি হয়, ছালৰ বেমাৰ সৃষ্টি কৰে, গাইৰ গাখীৰ তিতা হয়। এইবিধ উদ্ভিদ সমগ্র বিশ্বৰ বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে। IUCNয়ে 'বিশ্বৰ আটাইতকৈ ক্ষতিকাৰক অপকাৰী উদ্ভিদ প্রজাতি" ৰ তালিকাত অন্তর্ভুক্ত কৰিছে। ভাৰত, অষ্ট্ৰেলিয়া, ইথিঅপিয়া, আৰু দক্ষিণ আফ্রিকাত বিশেষ সমস্যা ৰূপে থিয় দিছে। 

অৱশ্যে নামৰূপত এই বিধ তৃণ নিৰ্মূলৰ বাবে নামৰূপ মহাবিদ্যালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। নামৰূপ মহাবিদ্যালয়ৰ  এনএছএছ গোট আৰু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দুৰ্গা প্ৰসাদ গগৈৰ নেতৃত্বত অলপতে মহাবিদ্যাল়য়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী সকলে ঐক্যবদ্ধ প্রচেষ্টাৰে  মহাবিদ্যালয়ৰ ওচৰে পাজৰে থকা পার্থেনিয়াম সমূহ নষ্ট কৰাৰ লগতে বায়'টেক হাবৰ উদ্যোগত উদ্ভিদ বিজ্ঞান বিভাগ দ্বাৰা প্ৰচাৰিত  গোহাৰি বিতৰণ আৰু এক সজাগতা মূলক শোভাযাত্ৰাও উলিয়াই।  

অধ্যক্ষ গৰাকীয়ে এই গছবিধ দেখা মাত্রকে উভালি পেলাবলৈ আহ্বান জনোৱা লগতে ফুল নুফুলাৰ আগতে যদি আটাইবোৰ গছ উভালি পেলোৱা হয় তেতিয়া লাহে লাহে নাইকিয়া হৈ যাব বুলিও মন্তব্য কৰে। অৱশ্যে ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিও  ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। Glyphosate, Atrazine আৰু Metsulfuron-methyl দৰে অপতৃণনাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি এই তৃণ ধ্বংস কৰিব পৰা যায়। জলবায়ু পৰিবৰ্তনৰ লগে লগে ইয়াৰ বিস্তাৰণ ক্ষিপ্ৰতৰ হ'বলৈ ধৰিছে। ইয়াৰ বিস্তাৰ নতুন অঞ্চললৈ হোৱাৰ সম্ভাৱনা অধিক। মানুহ, জীৱ-জন্তুৰ লগতে পৰিৱেশৰ প্ৰতি প্ৰবল ভাবুকি কঢ়িয়াই অনা এই অপতৃণ বিধক শীঘ্ৰে ধ্বংস কৰিবলৈ সচেতন মহলে আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে।

নামৰূপ