বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন
বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন  
অসম

বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন । ৮০০ কোটি টকাৰ সাধাৰণ বাজেট দাখিল । বিপিএফ দলৰ নেতা তথা বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীয়ে বাজেট সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । বাজেটক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিভাগীয় চেক্টৰেল এক্সন প্লেন নিদিয়াত ক্ষোভ প্ৰকাশ কৰে ।

বিৰোধী দলৰ দলপতিগৰাকীয়ে লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বাজেটত ধন ঠিকেই নিৰ্ধাৰণ কৰে, কিন্ত বিটিচি চৰকাৰে বাজেটত ধাৰ্য কৰা ধন খৰছ কৰিব নোৱাৰে । শ্বহীদৰ নামত বাজেটত ধাৰ্য কৰা ধনো খৰছ কৰিব পৰা নাই চৰকাৰে । ৰাজ্য চৰকাৰে ধাৰ্য কৰা ২০০ কোটি এটকাও খৰছ কৰিব পৰা নাই ।

ইপিনে কাৰ্যবাহী সদস্য গৌতম দাসে মন্তব্য কৰে যে পূৰ্বৰ চৰকাৰে টকা জধে-মধে খৰছ কৰিছিল । যাৰবাবেই অনাদেয় ধনৰ পৰিমান বাঢ়ি গৈছিল। বৰ্তমানৰ চৰকাৰে সকলো চাই-মেলি খৰছ কৰে ।

এই লৈ সদনত শাসক -বিৰোধীৰ তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছে । বিপিএফৰ নেতা দেৰহাছাৎ বসুমতাৰীকে ধৰি বহু নেতাই বনাঞ্চলৰ ২০ হাজাৰ হেক্টৰ ভূমি বেদখল কৰিছে বুলি অভিযোগ কৰিছে বুলি দিয়া অভিযোগক বিৰোধীয়ে তথ্য দিয়ক বুলি মন্তব্য কৰি প্ৰত্যাহ্বান জনাইছে ।

বুধবাৰে অন্ত পৰিব বাজেট অধিবেশন । ইপিনে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় আমি ৰাজনীতিৰ বাবে ৰাজনীতি কৰা নাই । জনতাৰ কল্যানৰ বাবে ৰাজনীতি কৰিছো । উল্লেখ্য যে বুধবাৰে অন্ত পৰিব পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন ।