ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উন্মোচন তিনিখন গ্ৰন্থ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ প্ৰেক্ষাগৃহত ২৯ মে'ত অনুষ্ঠিত হোৱা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই প্ৰকাশ কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উন্মোচন তিনিখন গ্ৰন্থ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উন্মোচন তিনিখন গ্ৰন্থ

ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ প্ৰেক্ষাগৃহত ২৯ মে'ত অনুষ্ঠিত হোৱা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই প্ৰকাশ কৰা তিনিখন গ্ৰন্থ উন্মোচিত হোৱাৰ লগতে অসম সাহিত্য সভাই জানুৱাৰী মাহত 'সাহিত্যাচাৰ্য' সন্মানেৰে বিভূষিত কৰা বিশ্ববিদ্যালয়ৰ তিনিগৰাকী প্ৰাক্তন অধ্যাপকক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

Advertisment

ড° জ্যোতিপ্ৰসাদ শইকীয়া আৰু ড° পৰমানন্দ সোনোৱালে সম্পাদনা কৰা 'দ্য ব্ৰহ্মপুত্ৰ : লাইফলাইন অৱ নৰ্থইষ্ট ইণ্ডিয়া' শীৰ্ষক ইংৰাজী ভাষাৰ গ্ৰন্থখন উন্মোচন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই। লণ্ডন নিবাসী লেখক, অনুবাদক ড° পূৰৱী দেৱীৰ 'আধুনিক বিজ্ঞান আৰু নাৰী জাগৰণ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড° কৰৱী ডেকা হাজৰিকাই। আনহাতে বিশিষ্ট ভূতাত্ত্বিক ড° যোগেন্দ্ৰনাথ শৰ্মাৰ 'আলফ্ৰেড ৱেগনাৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট ভাষা বিজ্ঞানী ড° ভীমকান্ত বৰুৱাই। 

অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাই 'সাহিত্যাচাৰ্য' সন্মানেৰে বিভূষিত কৰা বিশিষ্ট সাহিত্য সমালোচক ড° আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক ড° কৰৱী ডেকা হাজৰিকা আৰু বিশিষ্ট ভাষাবিজ্ঞানী ড° ভীমকান্ত বৰুৱাক এটা কলম, এখন পাটৰ গামোচা আৰু অভিনন্দনপত্ৰ সম্বলিত এটি স্মাৰক চিহ্নৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা আৰু পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। বিশেষ অসুবিধাৰ বাবে ড° আনন্দ বৰমুদৈ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত ড° কৰৱী ডেকা হাজৰিকা আৰু ড° ভীমকান্ত বৰুৱাই বিশ্ববিদ্যালয়ৰ সৈতে তেওঁলোকৰ দীৰ্ঘদিনীয়া বৌদ্ধিক আৰু শৈক্ষিক সান্নিঢ্যৰ কথা স্মৃতিচাৰণ কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ আঁত ধৰে স্বপ্নালী ভূঞাই। অনুষ্ঠানত ডাঃ প্ৰণয় ফুকন, ড° সন্ধ্যা দেৱী, ড° ফৰিদা আহমেদ, ড° জাহ্নৱী গগৈ, ড° পল্লৱী ডেকা বুজৰবৰুৱা, ড° জয়ন্ত কুমাৰ বৰা, ভূৱনমোহন গোস্বামী, ড° কল্যাণ ভূঞাকে প্ৰমুখ্যে কৰি বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় মহানগৰৰ ভালেসংখ্যক অধ্যাপক, ছাত্ৰ, গৱেষক, লেখক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়