অৱশেষত চাওমিন কাণ্ডৰ অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী প্ৰতাপ দাসক গ্ৰেপ্তাৰ ...

অৱশেষত হাওৰাঘাটৰ চাওমিন কাণ্ডৰ অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী প্ৰতাপ দাসক মঙলবাৰে আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে হাওৰাঘাটত ২৮ মাৰ্চত চাওমিন খাই মুঠ ১২ জন লোক বিষক্ৰিয়াত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল
অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী
অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী
Published on
Updated on

ডিজিটেল সংবাদ, হাওৰাঘাটঃ অৱশেষত হাওৰাঘাটৰ চাওমিন কাণ্ডৰ অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী প্ৰতাপ দাসক মঙলবাৰে আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে হাওৰাঘাটত ২৮ মাৰ্চত চাওমিন খাই মুঠ ১২ জন লোক বিষক্ৰিয়াত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল।

হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পাঁচজন ছাত্ৰ আৰু সাতজন শিক্ষক-শিক্ষয়িত্ৰী, লগতে শিক্ষাকৰ্মী অসুস্থ হৈ পৰি পৰিছিল । তেওঁলোকক ততাতৈয়াকৈ হাওৰাঘাট চৰকাৰী হাস্পাতালত ভৰ্তি কৰা হৈছিল যদিও পিছলৈ নগাঁও আৰু গুৱাহাটী লৈ নি চিকিৎসা কৰোৱা হৈছিল ।

কিন্তু মৃত্যুৰ সতে যুঁজি যুঁজি হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন ছাত্ৰ তথা হাওৰাঘাটৰ ১ নং ৱাৰ্ডৰ দন বৰাৰ পুত্ৰ তন্ময় বৰাৰ মৃত্যু হয় । ছাত্ৰজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী
অচিন ৰোগৰ আতংক মঙলদৈৰ এখন গাঁও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in