বটদ্ৰৱা থানৰ হাটীবহাত কেৱলীয়া ভকত সকলে উন্মোচন কৰিলে "হৰি পদ পেখয়ে নপাৱলি মাই" শীৰ্ষক বৰগীত

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ হাটীবহাত কেৱলীয়া ভকত সকলে উন্মোচন কৰিলে "হৰি পদ পেখয়ে নপাৱলি মাই" শীৰ্ষক বৰগীত

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এক সুকীয়া ৰূপ ৰস গন্ধে ভৰপুৰ, প্ৰাচীন বিশ্বসংগীতৰ ভড়াললৈ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ এক সুবিশাল অৱদান হৈছে 'বৰগীত'। দুজনা গুৰুৰ ৰচিত এই বৰগীত বটদ্ৰৱা থানৰ নিত্য প্ৰসংগত শ শ বছৰ ধৰি পৰিৱেশিত হৈ আহিছে।

Advertisment

এক ব্যতিক্ৰমী পৰিৱেশত (বটদ্ৰৱা থানৰ হাটীবহাত) কেৱলীয়া ভকত সকলে আজি "হৰি পদ পেখয়ে নপাৱলি মাই" শীৰ্ষক এটি বৰগীত উন্মোচন কৰে। বৰদোৱা শলগুৰি সত্ৰৰ প্ৰবীণ বায়ন, গায়ন, অংকীয়া নাটৰ শিল্পী, সত্ৰীয়া স্ংস্কৃতিৰ প্ৰশিক্ষক ৰঞ্জিত মহন্তই বিগত অৰ্ধশতিকাৰ চৰ্চা অধ্যয়ন গৱেষণাৰ অভিজ্ঞতাৰে গীতটিত কণ্ঠদান কৰি নিজে খোল-তাল সংগত কৰি নৃত্য নিৰ্দেশনা কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰিছে।

ঐতিহ্যমণ্ডিত হাটীবহাত বৰগীতটি মুকলি কৰি বটদ্ৰৱা থানৰ নামাচাৰ্য, বুঢ়া ভকত দেবেন আতৈকে প্ৰমুখ্য কৰি ভকত সকলে শিল্পী ৰঞ্জিত মহন্তক আশীৰ্বাদ প্ৰদান কৰে। সত্ৰ মণ্ডলী বটদ্ৰবাৰ সৌজন্যত প্ৰস্তুত কৰা "হৰি পদ পেখয়ে নপাৱলি মাই" শীৰ্ষক পত্নী প্ৰসাদ নাটৰ গীতটিৰ ৰাগ -বেলোৱাৰ, তাল - ৰূপক।

বৰগীতটিৰ দৃশ্যাংশত নৃত্যশিল্পী হিচাপে ভুমুকি মাৰিছে জিলমিল মহন্তই। বটদ্ৰৱা থানৰ প্ৰাচীন তথা পৰম্পৰাগত শৈলীৰ এই গীতটো আজিৰে পৰা ইউটিউবত উপলব্ধ হব।

Batadrawa