ভয়ংকৰ অনিয়ম: পাইলত লোৰ পৰিৱৰ্তে লগাইছে গছৰ কুন্দা, কাটিছে শ শ গছ

লোকনিৰ্মাণ বিভাগৰ লখিমপুৰ সংমণ্ডলৰ ৰঙানদী বিধানসভা সমষ্টি এলেকাত পকী দলং নিৰ্মাণৰ কামত দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে অবৈধভাৱে শ শ গছ গছনি কাটি পাইল লগোৱাৰ ঘটনাই সচেতন লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
পাইলত লোৰ পৰিৱৰ্তে লগাইছে গছৰ কুন্দা, কাটিছে শ শ গছ

পাইলত লোৰ পৰিৱৰ্তে লগাইছে গছৰ কুন্দা, কাটিছে শ শ গছ

ডিজিটেল সংবাদ, নাওবৈচা : লোকনিৰ্মাণ বিভাগৰ লখিমপুৰ সংমণ্ডলৰ ৰঙানদী বিধানসভা সমষ্টি এলেকাত পকী দলং নিৰ্মাণৰ কামত দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে অবৈধভাৱে শ শ গছ গছনি কাটি পাইল লগোৱাৰ ঘটনাই সচেতন লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, নৱগঠিত ৰঙানদী বিধানসভা সমষ্টি ফুলবাৰী গাঁও পঞ্চায়ত এলেকাত ২০২৪-২৫ বিত্তীয় বৰ্ষত বিশ্ববেংকৰ এআৰআৰবিপি আঁচনিৰ ৪ কোটি টকা আবন্টন মৰ্মে ডিজু -বিলগড়ৰ পৰা ফুলবাৰী শান্তিপুৰ হৈ হাৰমতী সংযোগী গড়কাপ্তানী পথৰ পাভ নদীৰ ওপৰত ৫০ মিটাৰ দৈৰ্ঘ্যৰ পকী দলঙ নিৰ্মাণৰ কামত হৃদয় ৰঞ্জন শইকীয়া নামৰ ঠিকাদাৰ গৰাকীয়ে বন বিভাগৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি দাঁতি-কাষৰীয়া ৰঙা সংৰক্ষিত বনাঞ্চলৰ চেগুন,গমাৰি,এজাৰ, ঔটেঙা, পুজা আদি শতাধিক গছ কাটি গছৰ কুন্দা দলঙৰ পাইলত ব্যৱহাৰ কৰিছে।

Advertisment

বন বিভাগৰ হাৰমতী আঞ্চলিক বন বিষয়া, ফুলবাৰী বন খণ্ডৰ খণ্ড বন বিষয়াৰ চূড়ান্ত দায়িত্বহীনতাৰ পৰিপ্ৰেক্ষিতত দলঙৰ ওপৰৰ চাদ নিৰ্মাণৰ পূৰ্বে তলৰ অংশত লোৰ পৰিৱৰ্তে বনাঞ্চলৰ গছ কাটি পকী কামত লগোৱা কাৰ্যৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছে অৰুণাচল প্ৰদেশৰ দাঁতি-কাষৰীয়া ফুলবাৰী, উত্তৰ লালুক পঞ্চায়তৰ জনগন। মন কৰিবলগীয়া যে, দলঙখনৰ নিৰ্মাণকাৰ্য তদাৰক কৰি থকা ঠিকাদাৰৰ কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মত অনুসৰি, ঠিকাদাৰ গৰাকীয়ে নিৰ্মাণ কৰা আন আন পকী দলঙৰ কামতো গছৰ খুঁটা ব্যৱহাৰ কৰি আহিছে। আনহাতে, দলঙখনৰ পকী খুঁটা  প্ৰাককলনত উল্লেখিত ২২ মিটাৰৰ পৰিৱৰ্তে মাত্ৰ ১৩ মিটাৰহে তললৈ পোতাৰ দৰে ভয়ংকৰ অনিয়ম সন্দৰ্ভতো ৰহস্যজনক কাৰণত লোকনিৰ্মাণ কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তাই নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা সন্দৰ্ভত সীমামূৰীয়া ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক জৰুৰীভাৱে তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

লখিমপুৰ জিলা