কোটাৰ পৰিস্থিতিক 'অত্যন্ত ভয়াৱহ' বুলিলে উচ্চতম ন্যায়ালয়ে

সমগ্ৰ বিষয় সন্দৰ্ভত ন্যায়াধীশ পাৰ্দিৱালাই ৰাজস্থান চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাক প্ৰশ্ন কৰে- "ৰাজ্য হিচাপে কি কৰি আছে? কেৱল কোটাতে কিয় আত্মহত্যা কৰিছে এই শিক্ষাৰ্থীসকলে? ৰাজ্য হিচাপে চিন্তা কৰা নাই নেকি?"

author-image
Asomiya Pratidin
New Update
কোটাত আচলতে হৈছে কি?

কোটাত আচলতে হৈছে কি?

ডিজিটেল ডেস্কঃ শুকুৰবাৰে কোটাত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পোৱাক লৈ ৰাজস্থান চৰকাৰক তীব্ৰ সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে এই পৰিস্থিতিক অত্যন্ত ভয়াৱহ বুলি অভিহিত কৰে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱানৰ বিচাৰপীঠে সদৰি কৰে যে, এইবৰ্ষত এতিয়ালৈকে কোটাত ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। 

Advertisment

সমগ্ৰ বিষয় সন্দৰ্ভত ন্যায়াধীশ পাৰ্দিৱালাই ৰাজস্থান চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাক প্ৰশ্ন কৰে- "ৰাজ্য হিচাপে কি কৰি আছে? কেৱল কোটাতে কিয় আত্মহত্যা কৰিছে এই শিক্ষাৰ্থীসকলে? ৰাজ্য হিচাপে চিন্তা কৰা নাই নেকি?" ৰাজস্থান চৰকাৰৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে বিচাৰপীঠে। ইফালে অধিবক্তাই উত্তৰত সদৰি কৰে যে, ৰাজ্যত আত্মহত্যাৰ গোচৰ পৰীক্ষা কৰিবলৈ বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হৈছে।

উল্লেখযোগ্য যে, ৪ মে’ত আই আই টি খড়গপুৰত অধ্যয়ন কৰা ২২ বছৰীয়া এজন ছাত্ৰই হোষ্টেলৰ কোঠাত আত্মহত্যা কৰিছিল। উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণত কৰে এই মন্তব্য। উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে, "এইবোৰ কথা একেবাৰেই সহজভাৱে ল’ব নালাগে, এইবোৰ গুৰুতৰ কথা।" এই গোচৰৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ কথাও বিচাৰপীঠে উল্লেখ কৰে। এই সিদ্ধান্ত অনুসৰি, ছাত্ৰ-ছাত্ৰীৰ মাজত এনেধৰণৰ ঘটনা ৰোধৰ বাবে ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। লগতে তৎক্ষণাত এফআইআৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 

kota ৰাজস্থান