এপলৰ চিইঅ'ক ট্ৰাম্পৰ ভাবুকিঃ আমেৰিকাত নিৰ্মাণ কৰা সামগ্ৰীহে আমেৰিকাত বিক্ৰী কৰিব পাৰিব

আমেৰিকাৰ বজাৰত বিক্ৰী হ’বলগীয়া আইফোন আমেৰিকাতে নিৰ্মাণ হ'ব লাগিব। ভাৰত বা আনো কোনো দেশত নিৰ্মাণ কৰিলে নহ'ব। এপলৰ চিইঅ'ক এই ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ।

author-image
Tushar Pratim
New Update
এপলৰ চিইঅ'ক ট্ৰাম্পৰ ভাবুকিঃ আমেৰিকাত নিৰ্মাণ কৰা সামগ্ৰীহে আমেৰিকাত বিক্ৰী কৰিব পাৰিব

ডিজিটেল ডেস্কঃ  আমেৰিকাৰ বজাৰত বিক্ৰী হ’বলগীয়া আইফোন আমেৰিকাতে নিৰ্মাণ হ'ব লাগিব। ভাৰত বা আনো কোনো দেশত নিৰ্মাণ কৰিলে নহ'ব। আন দেশত নিৰ্মাণ কৰা আইফোন যদি আমেৰিকাৰ বজাৰত বিক্ৰী কৰা হয় তেন্তে অতি কমেও ২৫ শতাংশ শুল্ক আৰোপ কৰা হ'ব। এই হুংকাৰ দিছে ড'নাল্ড ট্ৰাম্পে। 

Advertisment

শুকুৰবাৰে ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্টকৈ কয়, তেওঁ ইতিমধ্যে এপলৰ চিইঅ’ টিম কুকক জনাইছে যে যদি তেওঁ আমেৰিকাত আইফোন বিক্ৰী কৰিব বিচাৰে তেন্তে সেই আইফোন আমেৰিকাত নিৰ্মাণ কৰিব লাগিব। উল্লেখ্য যে, শেহতীয়াকৈ ট্ৰাম্পে এপলৰ চিইঅ’ কুকক ভাৰতত এপলৰ সামগ্ৰী নিৰ্মাণ বন্ধ কৰিবলৈ মুকলিকৈ পৰামৰ্শ দিছিল। 


আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কুকক কৈছিল, "মই শুনিছো যে আপুনি ভাৰতত আইফোন তৈয়াৰ কৰিছে। মই নিবিচাৰো আপুনি ভাৰতত সামগ্ৰী তৈয়াৰ কৰক। আমি আপোনাৰ লগত ভাল কাম কৰি আছো। আপুনি চীনত নিৰ্মাণ কৰা উৎপাদন প্লাণ্টবোৰ আমি বছৰ বছৰ ধৰি সহ্য কৰি আহিছো। কিন্তু আপুনি ভাৰতত নিৰ্মাণ কৰা কাৰখানাবোৰ বাবে আমি ভাল পোৱা নাই। ভাৰতে নিজৰ যত্ন নিজেই ল'ব পাৰে আৰু তেওঁলোকেও যথেষ্ট ভাল কাম কৰি আছে।"

ট্ৰাম্পৰ এনে মন্তব্যৰ পিছতো অৱশ্যে এপলে ভাৰতত বিনিয়োগৰ বাবে পূৰ্বে যি পৰিকল্পনা লৈছিল সেই পৰিকল্পনাত কোনো সালসলনি কৰা নাছিল। আমেৰিকাৰ বহুজাতিক প্ৰযুক্তি কোম্পানীটোৱে ভাৰতক এপলৰ সামগ্ৰীৰ অন্যতম বৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে বাছি লৈছে।

ট্ৰাম্পৰ শেহতীয়া ভাবুকিৰ পিছতে ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াসকলে কেলিফৰ্ণিয়াৰ ছিলিকন ভেলীৰ কুপাৰটিনোত থকা এপলৰ মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছে। এপলৰ বিষয়াসকলে তেওঁলোকক আশ্বাস দিছে তেওঁলোকৰ পূৰ্বৰ পৰিকল্পনাত কোনো সালসলনি কৰা নহয়।

তেওঁলোকৰ ভাৰতত বিনিয়োগৰ পৰিকল্পনা অক্ষত আছে। তেওঁলোকে স্পষ্ট কৰি দিছে ভাৰত এপলৰ সামগ্ৰীৰ অন্যতম প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে বিবেচিত হৈছে।

যদিও এপল আমেৰিকাৰ বহুজাতিক প্ৰতিষ্ঠান তথাপিও তেওঁলোকৰ বেছিভাগ সামগ্ৰীয়েই দীৰ্ঘদিন ধৰি আমেৰিকাৰ বাহিৰত নিৰ্মাণ কৰা হৈছে। শেহতীয়াকৈ চিএনবিচিৰ এক প্ৰতিবেদন অনুসৰি এপলৰ ৮০ শতাংশতকৈ অধিক সামগ্ৰী চীনত নিৰ্মিত। 

আমেৰিকান বহুজাতিক কোম্পানীটোৰ প্ৰায় ৮০ শতাংশ আইপেড চীনত নিৰ্মাণ কৰা হয়। এপলে নিৰ্মাণ কৰা কম্পিউটাৰৰ আধাতকৈ অধিক নিৰ্মাণ হয় চীনত। বৰ্তমান এপলৰ প্ৰায় ২০ শতাংশ আইফোন ভাৰতত নিৰ্মাণ কৰা হয়। 

ভাৰতত নিৰ্মাণ কৰা এই আইফোনৰ অধিকাংশই আমেৰিকাৰ বজাৰত বিক্ৰী হয়। ট্ৰাম্পে দীৰ্ঘদিন ধৰি এপলে আন দেশৰ পৰিবৰ্তে আমেৰিকাতে উৎপাদন কৰাৰ ওপৰত জোৰ দি আহিছে। যোৱা এপ্ৰিল মাহতো হোৱাইট হাউছে এই কথা স্পষ্টকৈ কৈছিল।

কিন্তু এপলৰ বাবে আমেৰিকাতকৈ ভাৰতত সামগ্ৰী নিৰ্মাণ কৰাটো অতি লাভজনক। কিয়নো ভাৰতত সামগ্ৰী নিৰ্মাণ কৰিলে তেওঁলোকৰ নিৰ্মাণ ব্যয় যথেষ্ট কম হয়। সেইবাবেই এপলে তেওঁলোকৰ সামগ্ৰী উৎপাদনৰ বাবে ভাৰতমুখী হৈছিল।

বৰ্তমান ফক্সকন, টাটা ইলেক্ট্ৰনিকছ, আৰু পেগাট্ৰন ইণ্ডিয়া ভাৰতৰ আইফোন উৎপাদনৰ সৈতে জড়িত তিনিটা কোম্পানী। শেহতীয়াকৈ ফক্সকনে এয়াৰপড নিৰ্মাণৰ বাবে তেলেংগানাত এটা উৎপাদন কেন্দ্ৰও স্থাপন কৰিছে।

 

ড'নাল্ড ট্ৰাম্প আইফোন এপল