দম দেখুৱালে শৃংখলে! গাড়ীৰ আগৰ আসনত বহিহে গ'ল থানালৈ...

দুলীয়াজানলৈ ৰাওনা হোৱাৰ সময়তে আদবাটতে শৃংখল চলিহাক আটক কৰে অসম আৰক্ষীয়ে। বৰ্তমান ডিব্ৰুগড় এছ পি অফিচত ৰখা হৈছে শৃংখল চলিহাক। ডিমৌত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ৰ এটা ভিডিঅ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।

New Update
frfff

ডিজিটেল ডেস্কঃ দুলীয়াজানলৈ ৰাওনা হোৱাৰ সময়তে আদবাটতে শৃংখল চলিহাক আটক কৰে অসম আৰক্ষীয়ে। বৰ্তমান ডিব্ৰুগড় এছ পি অফিচত ৰখা হৈছে শৃংখল চলিহাক। ডিমৌত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ৰ এটা ভিডিঅ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।

Advertisment

আৰক্ষীয়ে যেতিয়া শৃংখল চলিহাক আটক কৰি আৰক্ষীৰ গাড়ীত বহুৱাব বিচাৰিছিল, তেতিয়াই শৃংখলে উভতি ধৰিছিল আৰক্ষীক। আৰক্ষীৰ গাড়ীত বহি কলৈকো নাযাও বুলি উভতি ধৰিছিল শৃংখলে। শৃংখলৰ এই ৰুদ্ৰমূৰ্তি দেখি আৰক্ষীয়ে অৱশেষত তেওৰ গাড়ীতে লৈ যোৱাৰ ব্যৱস্থা কৰিছিল।

নিজৰ গাড়ীত বহুৱাৰ সময়তো শৃংখল চলিহাই পুনৰ উভতি ধৰিলে আৰক্ষীক। শৃংখল চলিহাই আৰক্ষীক পুনৰ উভতি ধৰি ক'লে যে, মই পাছৰ চিটত নবহো, আগত বহি যাম। নহলে নাযাও। -  ৰাস্তাৰ মাজতে শৃংখলক চম্ভালিবলৈ আৰক্ষীয়ে এই দাবীও মানি লয়। অৱশেষত শৃংখল চলিহাক আগৰ চিটত বহুৱাই আৰক্ষীৰ সকলো লোক পিছৰ চিটত বহি  আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ যায় দলটোৱে। 

শৃংখল চলিহাৰ এই ভিডিঅ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে এতিয়া একাংশই শৃংখলৰ এই কাৰ্যক প্ৰশংসা কৰাৰ লগতে এচামে আইন হাতত তুলি লোৱাতো উচিত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে। সেয়া যি কি নহলেও, বহিৰাগতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীয়ে বাধা দিওতে শৃংখলৰ এই সাহসক অধিকাংশই সমৰ্থন কৰিছে।

শৃংখল চলিহাৰ এই ৰূপ দেখি একাংশ লোকে তেওৰ পিতৃ আৰু ককাকৰ সাহসৰ কথাও ৰোহন্থন কৰিছে। 

শৃংখল চলিহা