/asomiyapratidin/media/media_files/2025/05/23/lPyRoXVRqGGMMhywQf9q.jpg)
টুলুঙা নাৱেৰে অতি বিপদ সংকুলভাৱে বিদ্যালয়লৈ যায় শিক্ষাৰ্থী
ডিজিটেল সংবাদ, গহপুৰঃ অতি ভয়ংকৰ আৰু বিপদ সংকুলভাৱে চলিছে গহপুৰৰ খাৰৈ নৈৰ ভলুকাগুৰি পাৰ ঘাট। মিচিং অট'নমাচ কাউন্সিলৰ দখলত থকা পাৰঘাটটোত নাৱেৰে যাত্ৰা কৰোতে নাই কোনো সুৰক্ষা ব্যৱস্থা। শ শ শিক্ষাৰ্থী দৈনিক পাৰাপাৰ হয় এই ঘাটটোৰে। টুলুঙা নাৱত জোখতকৈ অধিক লোক কঢ়িয়াই পাৰ কৰে নাৱৰীয়াই। নাই লাইফ জেকেট, নাই টিউবৰ ব্যৱস্থা। এখন ভগ্নপ্ৰায় মেচিন নাও আৰু ব্যক্তিগত দুই এখন টুলুঙা নাৱেৰে পাৰাপাৰ হয় দহ খনৰো অধিক গাৱঁৰ ৰাইজে।
ফেনেফুটুকাৰে ওপচি পৰা খাৰৈ নৈৰ বুকুৰে বিশেষকৈ শিক্ষাৰ্থীসকল এনেদৰেই অসুৰক্ষিত ভাৱে যাবলগীয়া হয় বিদ্যালয়লৈ। যাৰবাবে অনবৰতে অভিভাৱক সকলে চিন্তা আৰু শংকাত পাৰ কৰিব লগীয়া হয় সময়। কিন্তু ইমানৰ পিছতো সকলো দেখিও নেদেখাৰ ভাৱত আছে বিভাগীয় কৰ্তৃপক্ষ। ভয়ংকৰ বিপদ নোহোৱাৰ আগতেই শিক্ষাৰ্থী সকলৰ কথা চিন্তা কৰি লাইফ জেকেট আৰু টিউবৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে গাওঁবাসীয়ে।