আচৰিত হাৰত বৃদ্ধি পাইছে এই হোটেলত থকা অতিথিৰ সংখ্যা

আপুনি যেতিয়া কাম বা ভ্ৰমণৰ খাতিৰত কোনো অচিন ঠাইলৈ যায়, তেতিয়া হয়তো এদিন, দুদিন বা কাম থকালৈকে এখন হোটেলত থাকে আৰু তাৰ পিছত ঘৰলৈ উভতি আহে। কিন্তু এইখন দেশতে এনে এখন হোটেল আছে, যিখন হোটেলত থকাৰ পাছত আপুনি আৰু সোঁশৰীৰে কেতিয়াও ঘৰলৈ ঘূৰি আহিব নোৱাৰে।

author-image
Asomiya Pratidin
New Update
হোটেল

ডিজিটেল ডেস্ক: আপুনি যেতিয়া কাম বা ভ্ৰমণৰ খাতিৰত কোনো অচিন ঠাইলৈ যায়, তেতিয়া হয়তো এদিন, দুদিন বা কাম থকালৈকে এখন হোটেলত থাকে আৰু তাৰ পিছত ঘৰলৈ উভতি আহে। কিন্তু এইখন দেশতে এনে এখন হোটেল আছে, যিখন হোটেলত থকাৰ পাছত আপুনি আৰু সোঁশৰীৰে কেতিয়াও ঘৰলৈ ঘূৰি আহিব নোৱাৰে। আচৰিত যেন লাগিলেও এয়া একেবাৰেই সঁচা।

Advertisment

বিশ্বাস মতে, বাৰাণসীত মৃত্যু হোৱা লোকসকলে স্বৰ্গত স্থান লাভ কৰে। আনহাতে, বহুতে মৃত্যুৰ পিছত এই পৱিত্ৰ ঠাইখনত অন্ত্যেষ্টিক্ৰিয়া কৰাৰ চূড়ান্ত ইচ্ছা প্ৰকাশ কৰে। কিন্তু এতিয়া এই ইচ্ছা পূৰণ কৰিবলৈ বাৰাণসীত এখন বিশেষ হোটেল আছে।  হয়, ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ পৰা অগণন লোক এই বিশেষ হোটেলখনৰ সৈতে চিনাকি হৈছে। ভিডিঅ'টোত বৰ্ণনা কৰা মতে, যিসকল লোকে অনুভৱ কৰে যে তেওঁলোকৰ মৃত্যুৰ বাবে আৰু বেছি সময় বাকী নাই, তেওঁলোকে তেওঁলোকৰ জীৱনৰ শেষ উশাহ ল’বলৈ এই হোটেলখনত থাকে। তেওঁলোকে এই ঠাইত মৃত্যুবৰণ কৰি পোনপটীয়াকৈ স্বৰ্গলৈ যাবলৈ বিচাৰে।

হোটেলখনৰ গৰাকীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰকাশ কৰা মতে, দিনক দিনে এই হোটেলত থকা অতিথিৰ সংখ্যা বৃদ্ধি হৈছে। এই হোটেলখনৰ এটা কোঠাৰ ভাড়া মাত্ৰ ২০ টকা। মৃত্যুৰ বাবে অপেক্ষা কৰি বহু লোক এই হোটেলখনত দুই-তিনিমাহ পৰ্যন্ত থাকে। মৃত্যুৰ বাবে অপেক্ষা কৰা এনে অতিথিৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হবলৈ ধৰাত শেহতীয়াকৈ এই অঞ্চলটোত এনে ‘মৃত্যু’ হোটেলৰ সংখ্যাও বৃদ্ধি পাইছে। 

Also Read: প্ৰেমৰ চহৰত ঘটিল আজৱ ঘটনা