বিশ্বৰ কেইখনমান ৰহস্যময়ী ঠাই...

বিশ্বৰ কেইখনমান ৰহস্যময়ী ঠাই...

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানৱ জাতিয়ে চন্দ্ৰ আৰু মহাকাশত বিচৰণ কৰাৰ লগতে মংগল গ্ৰহত বসবাস কৰাৰ যোজা চলাইছে। কিন্তু তথাপিও আমাৰ চাৰিওফালে এনেকুৱা কিছুমান ৰহস্যময় কাহিনী আছে, যিবোৰ এক অবুজ সাঁথৰৰ দৰে।

অতীজৰে পৰা প্ৰকৃতিয়ে মানুহক প্ৰায় আচম্বিত আৰু কৌতুহল কৰি আহিছে। যেতিয়াই আমি ভাবো যে আমি এটা ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ'লো, কিন্তু পুনৰ আন এটা নতুন ৰহস্যই গা কৰি উঠে। পৃথিৱীখনত এনেকুৱা কিছুমান ঠাই আছে যি বিজ্ঞানীসকলৰ বাবেও এক ডাঙৰ ৰহস্য। তথাপিও অনুসন্ধান অব্যাহত আছে। বিশ্বৰ ৪ খন ৰহস্যময়ী ঠাইৰ বিষয়ে জানো আহক।

১) নাজকা লাইনচ্ (NAZCA LINES): পেৰুৰ ৬০০ বৰ্গ কিলোমিটাৰ আগুৰি ১০০টা এনেকুৱা কলাকৃতি আছে যাক কেৱল মহাকাশৰ পৰাহে দেখা যায়। ইয়াক নাজকা লাইনচ্ বুলিও জনা যায়। এই লাইনসমূহত বিভিন্ন আকাৰৰ কলাকৃতি অংকন কৰা আছে ,যেনে জীৱ জন্তু, চৰাই চিৰিকটি আৰু মানুহৰ।

আশ্চৰ্যকৰ যে নাজকা লাইনৰ জ্যামিতি আকাৰো দেখিবলৈ পোৱা যায়। এই লাইন সমূহক পোনপ্ৰথমে ১৯৩০ দশকত দেখা পোৱা গৈছিল। উল্লেখনীয় বিষয় এইটো যে সকলোবোৰ কলাকৃতিৰ আকাৰ ইমানেই ডাঙৰ যে এই সমূহক কেৱল আকাশমাৰ্গৰ পৰাহে দেখিবলৈ সক্ষম হয়।বিশেষজ্ঞ সকলৰ মতে ই প্ৰায়ে ১০০০ বছৰ পুৰণি।

২) ইষ্টাৰ আইলেণ্ড (EASTER ISLAND): ইষ্টাৰ আইলেণ্ড চিলি দেশৰ এনেকুৱা এটা আইলেণ্ড য'ত ৯০০ মূৰ্তিৰ এক বৃহৎ সংগ্ৰহ আছে। এই মূৰ্তিসমূহক মোৱাই নামেৰে জনা যায়। মোৱাইবোৰ আকাৰত মূৰ থকা খোদিত মানুহৰ মূৰ্তি, যিবোৰ প্ৰায়ে আহুছ নামৰ বিশাল শিলৰ পেডেষ্টেলৰ ওপৰত থিয় হৈ থাকে।

কোৱা হয় যে যিমানেই এই মূৰ্তিসমূহ ক্ষয় কৰিবলৈ চেষ্টা কৰিলেও মূৰ্তিসমূহৰ অলপো ক্ষয় ক্ষতি নহয়।এই ৰহস্যময়ী মূৰ্তিসমূহৰ প্ৰতিটোৰে ওজন প্ৰায় ১০০ টন আৰু ৩০-৪০ফুট দীঘল। উল্লেখনীয় যে এই সকলোবোৰ মূৰ্তি দেখাত প্ৰায় একে আকৃতিৰ যেন। বৰ্তমানৰ পৰ্যন্ত এই দ্বীপটো মানুহৰ বসতিৰ কোনো সম্ভেদ পোৱা নাযায়। তথ্যমতে এই মূৰ্তিবিলাক ৰাপানুইসকলে তেওঁলোকৰ উপৰিপুৰুষসকলৰ স্মৃতিত বনাইছিল বুলি লোকবিশ্বাস আছে।

৩) ৰেইনবৌ মাউন্টেইন (RAINBOW MOUNTAIN): পেৰুৰ কুস্কো অঞ্চলৰ এণ্ডিজত অৱস্থিত ভিনিকুংকা, যাক সাত ৰঙৰ পৰ্বত অৰ্থাৎ ৰেইনবৌ মাউন্টেইন বুলি জনা যায়। ২০১৩ চনৰ আগলৈকে এই পৰ্বতটো বৰফে আৱৰি আছিল। বৰফ গলি যোৱাৰ পিছতহে এই পৰ্বতত কেইবাটাও ৰঙৰ সমাহাৰ দেখিবলৈ পোৱা যায়। ৰংবোৰ সম্পূৰ্ণ প্ৰাকৃতিক যেন দেখা যায়।

এই পৰ্বতমালা বৰ্তমানৰ পযৰ্টনৰ আকৰ্ষনীয় হৈ পৰিছে। বিজ্ঞানীসকলৰ মতে এইয়া ৰাসায়নিক সংযোজন। পাহাৰটোত আইৰণ ছালফাইড, অক্সিডাইজড লিম'নাইট আৰু ক্লৰাইড পৰিমাণ বেছি হোৱাৰ হেতুকে বিভিন্ন আকৃতিৰ ৰং উৎপন্ন হয়। যাৰ ফলত এই পৰ্বতত ৰঙা,হালধীয়া,সেউজীয়া আদি ৰং দেখিবলৈ পোৱা যায়।

৪)ব্লাড ফল্চ (BLOOD FALLS): ১৯১১ চনত এন্টাৰ্কটিকাৰ অষ্টেলিয়াৰ ভূতত্ত্ববিদ থমাছ গ্ৰিফিথ টেইলৰে এক আচৰিত বস্তু অনুসন্ধান কৰি উলিয়াইছিল। এনেকুৱা এটা জলপ্ৰপাত য'ত তেজৰ দৰে পানী বিৰিঙি থাকে,ফলত ইয়াক ব্লাড ফল্চ নামেৰে জনা যায়।

এন্টাৰ্কটিকাৰ মেকমাৰ্ডো শুকান উপত্যকাত অৱস্থিত এই জলপ্ৰপাতটো টেইলৰ হিমবাহৰ পৰা ওলাইছে। এন্টাৰ্কটিকা অগ্ৰগামীসকলে প্ৰথমে ৰঙা ৰঙৰ কাৰণ ৰঙা শেলাই বুলি কৈছিল যদিও পিছলৈ ইয়াৰ কাৰণ লোহাৰ অক্সাইড বুলি প্ৰমাণিত হয়।

এনেধৰণৰ আৰু বহুতো ৰহস্যময়ী ঠাই আমাৰ পৃথিৱীত এতিয়াও বিৰাজমান হৈ আছে। যি মানৱজাতিৰ পৰা অজ্ঞাত আৰু নিলগত। যাৰ অনুসন্ধানৰ প্ৰচেষ্টা বৰ্তমানো চলি আছে।

বিশ্বৰ কেইখনমান ৰহস্যময়ী ঠাই...
অদ্ভুত যেন লগা বিশ্বৰ ৪টা উৎসৱ, পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in