স্বৰ্গ কেনেকুৱা? কোনো ব্যক্তিয়ে স্বৰ্গৰ বাহ্যিক সৌন্দৰ্য কেনেকুৱা সেই বিষয়ে ক’ব নোৱাৰে যদিও এই কথা স্পষ্ট যে জম্মু কাশ্মীৰৰ সৌন্দৰ্য যিয়ে এবাৰ উপভোগ কৰিছে তেওঁ বিনাদ্বিধাই ক’বলৈ কুণ্ঠাবোধ নকৰিব স্বৰ্গখন ঠিক এনেকুৱাই।
ভূ-স্বৰ্গ হিচাপে খ্যাতি লাভ কৰা জম্মু কাশ্মীৰত কি নাই? প্ৰকৃতিৰ সকলো উপাদানেৰে ভৰপূৰ জম্মু কাশ্মীৰ। এই পাহাৰীয়া অঞ্চলটোত হিমালয় পৰ্বতমালা, হ্ৰদ, নদ-নদী সকলো আছে। এফালে যদি চকু জুৰ পেলোৱা সেউজীয়া পাহাৰ আনফালে আকৌ ঋতুৰ পৰিবৰ্তনৰ সৈতে তুষাৰ আবৃত পৰ্বত, পাহাৰ। এই অঞ্চল যিয়ে ভ্ৰমণ কৰিছে তেওঁ এন অনন্য অভিজ্ঞতাৰ সাক্ষী হৈ ৰৈছে।
নতুন বছৰটোৰ আৰম্ভণিতে যদিহে আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে জম্মু কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনা হাতত ল’ব পাৰে। যিসকলে শান্ত প্ৰাকৃতিক পৰিবেশ ভাল পায়, যিসকলে এডভেঞ্চাৰ ভাল পায়, বৰফ ভাল পায়, সেউজীয়া ভাল সেই সকলো যাব পাৰে জম্মু কাশ্মীৰলৈ।
পাটনিটোপ
পাটনিটোপ কাশ্মীৰৰ এক অন্যতম এডভেঞ্চাৰৰ কেন্দ্ৰ। ইয়াত স্কিইং, হাইকিং, পেৰাগ্লাইডিং আদিৰ অভিজ্ঞতা আহৰণ কৰিব পাৰিব। ইয়াৰ বিল্লু দি পুৰি পইণ্ট আৰু নাথটপত পেৰাগ্লাইডিঙৰ ব্যৱস্থা আছে। স্নোব'ৰ্ডিঙৰ দৰে দুঃসাহসিকতাৰো ৰোমাঞ্চকৰ অভিজ্ঞতা ইয়াত আহৰণ কৰিব পাৰিব।
পাটানিটোপৰ পৰা নাথটপলৈ খোজ কাঢ়ি যাওঁতে কাশ্মীৰী খাদ্যৰ সোৱাদ ল'ব পাৰি। শীতকালত বৰফেৰে আবৃত এই ঠাইখন গ্ৰীষ্মকালত সেউজীয়া ঘাঁহেৰে ভৰি থাকে। ইয়াত তিনিটাকৈ শীতল পানীৰ নিজৰাও আছে। সময়ত এই নিজৰাৰ পানী বৰফলৈ ৰূপান্তৰ হয়।
শ্রীনগৰ
ঝেলুম নদীৰ পাৰত অৱস্থিত শ্ৰীনগৰ পৰ্যটকৰ অন্যতম আকৰ্ষণীয় স্থান। শ্ৰীনগৰৰ ডাল হ্ৰদ আৰু মোগল উদ্যান কাশ্মীৰৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ ভিতৰত অন্যতম । শ্ৰীনগৰৰ দল হ্ৰদৰ ভিতৰত শিকাৰালৈও আপুনি ফুৰিবলৈ যাব পাৰে ।
ইয়াৰ উপৰিও ডাল হ্ৰদৰ মাজত এখন বজাৰো আছে য’ৰ পৰা আপুনি কাশ্মীৰত উপলব্ধ সামগ্ৰী ক্ৰয় কৰিব পাৰে। ডাল হ্ৰদৰ হাউচবোটত উঠি সূৰ্যোদয়ৰ মনোমুগ্ধকৰ দৃশ্য উপভোগ কৰাটো জীৱনৰ অন্যতম প্ৰিয় অভিজ্ঞতাৰ ভিতৰত যে এটা হব সেয়া নিশ্চিত।
পাহালগাম
পাহালগামো কাশ্মীৰৰ অন্যতম এক জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ। পাহালগাম চন্দনৱাড়ী, বেতাব উপত্যকা আৰু আদু উপত্যকাৰ বাবে বিখ্যাত। ইয়াত ঘোঁৰাত উঠি ভ্ৰমণ কৰাৰ এক অনন্য অভিজ্ঞতা আহৰণ কৰিব পাৰিব। ইয়াত সেউজীয়া অৰণ্য আৰু বৰফৰে আবৃত পৰ্বতবোৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ডেবিয়ান আৰু বাইচাৰণ অঞ্চল ভ্ৰমণ কৰিব পাৰে ।
অৰু ভেলী
অৰু ভেলী অনন্তনাগ জিলাৰ এক অতি গুৰুত্বপূৰ্ণ ভ্ৰমণ কেন্দ্ৰ। এই অঞ্চলটো অৰণ্য, হ্ৰদ আৰু বৰফৰে আবৃত পৰ্বতৰ বাবে বিখ্যাত। এইটো টাৰ্চাৰ হ্ৰদ আৰু কোলহোই হিমবাহলৈ ট্ৰেকিং কৰাৰ এক কেন্দ্ৰবিন্দু।
ছানাচাৰ
জম্মু-কাশ্মীৰৰ মনোৰম পৰ্যটনস্থলীসমূহৰ ভিতৰত হিলছ ষ্টেচন ছানাচাৰ হৈছে দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহীসকলৰ এক আকৰ্ষণীয় স্থান। ইয়াত পেৰাগ্লাইডিং আৰু ৰক ক্লাইম্বিংৰ দৰে ৰোমাঞ্চকৰ কাৰ্যকলাপ কৰিব পাৰি। ইয়াৰ অৰণ্য অঞ্চলত কেম্পেইনিঙৰ বিশেষভাৱে বিখ্যাত। ইয়াত অংশগ্ৰহণকাৰীসকলক ৰোমাঞ্চকৰ দুঃসাহসিক অভিজ্ঞতা আহৰণে সুযোগ প্ৰদান কৰে।
লামায়ুৰু
শ্ৰীনগৰ-লেহ ঘাইপথৰ দ্বিতীয় সৰ্বোচ্চ পাছত অৱস্থিত লামায়ুৰু জম্মু-কাশ্মীৰৰ এটা অতি সুন্দৰ পাহাৰীয়া কেন্দ্ৰ। লামায়ুৰু ইয়াৰ পুৰণি তিব্বতীয় বৌদ্ধ মঠৰ বাবে বিখ্যাত।
বৈষ্ণো দেৱী
বৈষ্ণো দেৱী এক পবিত্ৰ পাহাৰীয়া ঠাই। বৈষ্ণো দেৱী তীৰ্থযাত্ৰীসকলৰ বাবে প্ৰথম পচন্দৰ স্থান। কোৱা হয় বৈষ্ণো দেৱীৰ দৰ্শনৰ বাবে তীৰ্য যাত্ৰীসকলে পাহাৰ বগোৱাৰ সময়ত চাৰিওফালৰ নান্দনিক দৃশ্যই তীৰ্য যাত্ৰীসকলক অদৃশ্য শক্তি প্ৰদান কৰে। বৈষ্ণো দেৱীলৈ যাত্ৰা কৰিবলৈ শিশু আৰি বৃদ্ধসকলে ঘোঁৰাৰ পিঠিত উঠি বা অন্যান্য তেনে সুবিধা গ্ৰহণ কৰিব পাৰে।
লাদাখ
পৃথিৱীৰ স্বৰ্গ হিচাপেই বিখ্যাত লাদাখ। লাদাখৰ অপূৰূপ সৌন্দৰ্যই ইয়াৰ পৰিচয়। ইয়াৰ জনসাধাৰণো অতি অতিথিপৰায়ণ। এই অঞ্চলটো হিমালয় আৰু কাৰাকোৰাম পৰ্বতমালাৰ মাজত অৱস্থিত।
লাদাখত আছে নান্দনিক সৌন্দৰ্যৰ মন্দিৰ, মনোৰম প্ৰাকৃতিক পৰিবেশ আদি। লাদাখৰ বৈশিষ্টপূৰ্ণ পৰিবেশ, ভূগোল ইয়াৰ সংস্কৃতিয়ে ইয়াক বিখ্যাত কৰি ৰাখিছে। লাদাখ এতিয়া সকলো শ্ৰেণীৰ লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
কিষ্টৱাৰ
কিষ্টৱাৰ হৈছে এক বিখ্যাত হিলছ ষ্টেচন। কিষ্টিৱাৰ প্ৰাকৃতিক সৌন্দৰ্য, ইতিহাস আৰু শিল্পকৰ্মৰ বাবে জনাজাত। ই ১৭০০ মিটাৰৰ পৰা ৪৮০০ মিটাৰ উচ্চতাত অৱস্থিত। শ্ৰীনগৰৰ পৰা এই অঞ্চললৈ যোৱাৰ পথত দাধপেথ, বান্দৰকোট, ছত্ৰ, মোগল ময়দান, সিন্থান আৰু ডাখুমৰ অতিক্ৰম কৰিব লাগে।
চেনাব নদীৰ ওপৰত আৰু নাগিন শ্বায়াৰ হিমবাহৰ তলত অৱস্থিত, কিষ্টৱাৰক "সুন্দৰ কেশৰৰ অঞ্চল" বুলিও কোৱা হয়। ইয়াত বৃহৎ পৰিমাণৰ কেশৰ উৎপাদন হয়। এই পাহাৰবোৰ পৰ্বত আৰোহণকাৰীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ।
ইয়াৰ সুন্দৰ জলপ্ৰপাতবোৰে পৰ্বতৰ ঢালবোৰৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। কিষ্টৱাৰ অৰণ্যসমূহ বৰফ হৰিণ, নাহৰফুটুকী বাঘ, নীলা গাই আৰু কস্তুৰী হৰিণৰ দৰে এক বৈচিত্ৰ্যপূৰ্ণ বন্যপ্ৰাণীৰ বাসস্থান।
পুলৱামা
পৃথিৱীৰ ৰত্ন হিচাপে পৰিচিত পুলৱামা। শ্ৰীনগৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পুলৱামালৈ পৰ্যটকসকলে শান্ত, মনোৰম পৰিৱেশ উপভোগ কৰিবলৈ আহে।