/asomiyapratidin/media/media_files/2025/02/05/VBVSwEch7aRi5NhOu1sJ.jpeg)
ডিজিটেল ডেস্কঃ আকৌ সলনি হ'ল অযোধ্যাৰ ৰাম মন্দিৰৰ দৰ্শনৰ সময়। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ঘোষণা কৰিছে ৰাম মন্দিৰ দৰ্শনৰ নতুন সময়। হয়, ৬ ফেব্ৰুৱাৰীৰ পৰা ভক্তসকলে পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ ৰামলালাৰ দৰ্শন কৰিব পাৰিব।
নতুন দৰ্শন ব্যৱস্থা
এই নতুন সময় ঘোষণাৰ পূৰ্বে পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ মন্দিৰ খোলাৰ ব্যৱস্থা আছিল যদিও ভক্তৰ ভিৰ কম হোৱাৰ বাবে এতিয়া দৰ্শন আৰু আৰতিৰ সময় সলনি কৰা হৈছে।
আৰতিৰ সময়
- পুৱা ৪ বজাত মংগল আৰতি হ’ব। ইয়াৰ পিছত কিছু সময়ৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব।
- পুৱা ৬ বজাত শ্ৰিংগাৰ আৰতিৰ পিছত মন্দিৰৰ দুৱাৰ খোল খাব আৰু ভক্তসকলে ৰামলালাৰ দৰ্শন কৰিব পাৰিব।
- দুপৰীয়া ১২ বজাত ভোগ আৰতি হ’ব। এই সময়ত ভক্তসকল মন্দিৰত থাকিব পাৰিব যদিও প্ৰসাদ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা থাকিব।
- সন্ধিয়া ৭ বজাত শয়ন আৰতিৰ বাবে ১৫ মিনিটৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব।
- নিশা ৯ বজাত ৰাম মন্দিৰত ভক্তৰ প্ৰৱেশ বন্ধ কৰা হ'ব। কিন্তু মন্দিৰত ইতিমধ্যে উপস্থিত থকা ভক্তসকলে ৰামলালাৰ দৰ্শন কৰিব পাৰিব।
-নিশা ১০ বজাত শয়ন আৰতিৰ পিছত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব।
ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত
ৰাম মন্দিৰ ট্ৰাষ্টৰ সদস্য ড০ অনিল মিশ্ৰই ৰাজহুৱা কৰা মতে, কুম্ভ মেলাৰ পৰা উভতি অহা ভক্তৰ বিপুল জনসমাগমৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে মন্দিৰৰ দৰ্শনৰ সময় ১৮ ঘন্টালৈ বৃদ্ধি কৰা হৈছিল। কিন্তু এতিয়া এই ভিৰ কমি আহিছে । সেয়েহে মন্দিৰ দৰ্শনৰ সময় ১৫ ঘন্টালৈ হ্ৰাস কৰা হৈছে।
নতুন ব্যৱস্থাত হৈছে এই পৰিৱৰ্তন
ৰামলালাক দৰ্শনৰ বাবে ভক্তসকলে এতিয়া l১৫ ঘণ্টা সময় পাব। নিশা ৯ বজাৰ পিছত মন্দিৰত ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব। বিশেষ আৰতিৰ সময়ত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। এতিয়া দৰ্শন ব্যৱস্থা পূৰ্বতকৈ অধিক সুবিধাজনক হ’ব, যাৰ বাবে জনসমাগম নিয়ন্ত্ৰিত হ’ব। মন্দিৰ প্ৰশাসনে ভিৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত নতুন কৌশল গ্ৰহণ কৰাৰ বাবে ভক্তসকলে এতিয়া মন্দিৰ দৰ্শনৰ নামত অধিক সময় অপেক্ষা কৰিব নালাগে।
বিশেষ নিৰ্দেশনা
মন্দিৰলৈ অহা ভক্তসকলে নিৰ্ধাৰিত দৰ্শনৰ সময় পালন কৰিব লাগিব। বিশেষ উৎসৱ আৰু অনুষ্ঠানত দৰ্শনৰ সময় বৃদ্ধি কৰা হ’ব পাৰে, যি ন্যাসে আগতীয়াকৈ ঘোষণা কৰিব। মন্দিৰ চৌহদত পৰিস্কাৰ -পৰিচ্ছন্নতা আৰু অনুশাসন বজাই ৰাখিবলৈ বিশেষ ব্যৱস্থাপনা ৰূপায়ণ কৰা হৈছে। সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা ভক্তসকলে নিৰ্ধাৰিত নিয়ম মানি চলিব লাগিব।
Also Read: যদি আপুনি অসুস্থ, ভ্ৰমণ কৰক এই মন্দিৰ