/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/74b7cdf4-8caa-408b-ab74-cac717b2fa59/AP_FOR_WEB____________.jpg)
ডিজিটেল ডেস্ক: মহিলাসকলক ইশ্বৰে সহ্য আৰু ধৈয্য কৰিব পৰা এক বিশেষ শক্তিৰ অধিকাৰী কৰি পৃথিৱীলৈ পঠিয়াইছে বুলিয়েই সকলোয়ে বিশ্বাস কৰে।তেওঁলোকে সমাজ-পৰিয়ালৰ লগত মিলি থাকিবলৈ বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াত পৰে আৰু এই সকলোবোৰ খুব সহজভাৱে এৰা-ধৰা কৰি তেওঁলোকে পৰিচালনা কৰিব পাৰে।কিন্তু এটা বিশেষ সময়ত তেওঁলোকে যদি দুখ পায়, সেয়া মৃত্যু পৰ্যন্ত পাহৰিব নোৱাৰে।
হয়, মহিলাসকলক তেওঁলোকৰ গৰ্ভধাৰণ আৰু প্ৰসৱৰ পিছত কেনেদৰে যত্ন লোৱা হয়, সেয়া তেওঁলোকৰ সদায় মনত থাকে।এইসময়ছোৱাত তেওঁলোকক আটাইতকৈ বেছি কোনে সমৰ্থন কৰিছিল আৰু কোনে তেওঁলোকৰ হৃদয়ত আঘাত কৰিছে সেয়াও তেওঁলোকে মৃত্যু পৰ্যন্ত মনত ৰাখে।সেয়েহে এই সময়ছোৱাত মহিলাগৰাকীক সদায়েই ভাল ব্যৱহাৰ কৰিব লাগে।
গৰ্ভাৱস্থাত পৰিয়ালে মহিলাৰ কিদৰে যত্ন ল'ব ?
খাদ্য আৰু পানীয়ৰ যত্ন ল'ব
গৰ্ভৱতী মহিলাসকলৰ খাদ্যৰ বিশেষ যত্ন লোৱা উচিত। এই সময়ত তেওঁলোকে কি খাব লাগে আৰু কি খাব নালাগে তাৰ সম্পূৰ্ণ যত্ন ল'ব লাগে। প্ৰতি তিনি ঘণ্টাত তেওঁলোকক কিবা খাবলৈ দিব লাগে। গৰ্ভৱতী মহিলাসকলক কেৱল পুষ্টিকৰ খাদ্যহে খাবলৈ দিব লাগে।তদুপৰি, পানীয় খাওঁতেও তেওঁলোক সচেতন হ'ব লাগে। বহু পানীয়ত চেনীৰ পৰিমাণ যথেষ্ট বেছি থাকে, যিয়ে গৰ্ভাৱস্থাত ডায়েবেটিছৰ লগতে আন বহু ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
বাহিৰত খোৱা পৰিহাৰ কৰিব
গৰ্ভৱতী মহিলাসকলে কেতিয়াও বাহিৰত খাদ্য খাব নালাগে। বাহিৰত খাদ্য খোৱাৰ ফলত যিকোনো ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি হয়। ইয়াৰ উপৰিও, ই শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গৰ্ভাৱস্থাৰ সময়ত অত্যাধিক তেল আৰু মচলাযুক্ত খাদ্যও খাব নালাগে।
প্ৰতিদিনে পাতল ব্যায়াম কৰিব
গৰ্ভাৱস্থাৰ সময়ত ব্যায়াম কৰাটো খুবেই জৰুৰী।এই সময়ছোৱাত নিজকে সুস্থ তথা সক্ৰিয় কৰি ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ মতে পাতল ব্যায়াম কৰিব পাৰি।
ভ্ৰমণ নকৰিব
গৰ্ভাৱস্থাৰ সময়ত বেছি ভ্ৰমণ কৰিব নালাগে। অকলে ভ্ৰমণ কৰাটোও পৰিহাৰ কৰিব। যদি আপুনি যিকোনো কাৰণত ভ্ৰমণ কৰিব লগা হয়, সদায়ে আপোনাৰ প্ৰয়োজনীয় ঔষধবোৰ আপোনাৰ লগত ৰাখিব।