ছ’চিয়েল মেডিয়াত ভাইৰেল এজন ব্যক্তিৰ শিহৰণকাৰী ভিডিঅ’

শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই সকলোকে শিহৰিত কৰি তুলিছে। এই ভিডিঅ’টোত দেখা পোৱা গৈছে যে এজন চিকিৎসকে এজন ব্যক্তিৰ নাকৰ পৰা জীৱিত পোক বাহিৰ কৰি আছে।আচৰিত কথা এয়ে যে, এটা দুটা নহয়, ব্যক্তিজনৰ নাকৰ পৰা চিকিৎসকজনে উলিয়াইছে মুঠ ১৫০ টা জীৱিত পোক।

author-image
Asomiya Pratidin
New Update
ছ’চিয়েল মেডিয়াত ভাইৰেল এজন ব্যক্তিৰ শিহৰণকাৰী ভিডিঅ’

ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই সকলোকে শিহৰিত কৰি তুলিছে। এই ভিডিঅ’টোত দেখা পোৱা গৈছে যে এজন চিকিৎসকে এজন ব্যক্তিৰ নাকৰ পৰা জীৱিত পোক বাহিৰ কৰি আছে।আচৰিত কথা এয়ে যে, এটা দুটা নহয়, ব্যক্তিজনৰ নাকৰ পৰা চিকিৎসকজনে উলিয়াইছে মুঠ ১৫০ টা জীৱিত পোক।

Advertisment

হয়, ভিডিঅ’টোত লাভ কৰা তথ্য মতে, এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘটনা।এই ভুক্তভোগীজনৰ প্ৰথমে নাকৰ ৰক্তক্ষৰণ আৰু ওঁঠ তথা মুখখন ফুলি গৈছিল। ক্ৰমান্বয়ে এই সমস্যা বৃদ্ধি হোৱাত তেওঁ এইচচিএ ফ্লৰিডা মেম'ৰিয়েল হাস্পতালৰ চিকিৎসকৰ কাষ চাপে।এই সন্দৰ্ভত ৰোগীজনে প্ৰকাশ কৰা মতে, ‘কেইদিনমানৰ পৰা মোৰ নাকৰ পৰা তেজ ওলাইছিল আৰু পাছত মোৰ মুখখন ফুলিবলৈ আৰম্ভ কৰিছিল। মোৰ ওঁঠ দুখনো ফুলিছিল। যাৰ বাবে মই কথা ক'বও পৰা নাছিলো।ইয়াৰ লক্ষণবোৰ প্ৰকৃততে ২০২৩ চনতে আৰম্ভ হৈছিল।মাজে মাজে নাকত অসুবিধাৰ সৃষ্টি হৈছিল যদিও সেয়া সাধাৰণ বুলি ভাৱিয়েই মই বিশেষজ্ঞৰ কাষ চপাৰ পৰা বিৰত আছিলো।’

ৰোগীজনৰ এই অৱস্থা দেখি ডাঃ ডেভিড কাৰ্লচনে নাকটো ভালদৰে পৰীক্ষা কৰাত এই ঘটনা পোহৰলৈ আহিছিল।এই পোকবোৰৰ সকললোৰে আকাৰ ভিন্ন আছিল। চিকিৎসকে প্ৰকাশ কৰা মতে, ৰোগীৰ নাক আৰু চাইনাছ গহ্বৰৰ ভিতৰত এই পোকবোৰ আছিল।

Also Read: আচৰিত ! জ্যোতিষীয়ে মৃত্যুৰ ভৱিষ্যতবাণী কৰাৰ পাছতেই মৃত্যুক আকোৱালি ল’লে মহিলাই