/asomiyapratidin/media/media_files/2025/04/12/RqeSoeUxgyHd3mqaE0cU.jpg)
ডিজিটেল ডেস্ক : অসমৰ ৰাজনীতিত নিজক সকলোতকৈ ক্লীনেষ্ট বুলি ভবা ব্যক্তিজনেই হৈছে প্ৰদ্যুৎ বৰদলৈ। তেওঁ নিজক গংগাৰ পৱিত্ৰ পানী বুলি ভাবে। তেওঁ মিনাৰেল ৱাটাৰতকৈও ওপৰত। - এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
উল্লেখযোগ্য যে, কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে লাহৰীঘাটত দলৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ ২০ লাখ টকা দাবী কৰা অভিযোগ উত্থাপিত হোৱাৰ পিছত বৰদলৈক মন্ত্ৰীগৰাকীয়ে এইদৰে কটাক্ষ কৰে। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলত থকা এইগৰাকী যুৱতীয়ে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মুকলিকৈ এই বিস্ফৰোক অভিযোগ উত্থাপন কৰিছে। যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ টিকটৰ বাবে তেওঁৰ পৰা ২০ লাখ টকা দাবী কৰিছে।
যুৱতীগৰাকীক ফোনযোগে দাবী কৰে এই ধন। এই সন্দৰ্ভত ফোন ৰেকৰ্ডিঙো যুৱতীগৰাকীৰ হাতত মজুত আছে বুলি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমক জনায়। এই ঘটনা পোহৰলৈ অহাৰ পিছত ৰাজনৈতিক ক্ষেত্ৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈক তীব্ৰ কটাক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে অতি ক্লীনেষ্ট বুলি দাবী কৰা প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে প্ৰসন্ন তুৰুং আৰু তেওঁৰ পত্নীৰ হত্যাৰ অভিযোগ আছে বুলি উল্লেখ কৰে।
তেওঁ কয় যে প্ৰদ্যুৎ বৰদলৈক অসমৰ মানুহে আন্ধাৰৰ ৰজা বুলি কয়। তেওঁৰ দিনতেই অসমৰ গঁড় মাৰি শেষ হ’ল। সেই ব্যক্তিজনে নিজে ভাবে যে তেওঁৰ দৰে চাফা মানুহ অসমত দ্বিতীয়জন নাই।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ৰজলিন ফাৰুকি নামৰ এগৰাকী যুৱতীয়ে ২০ লাখ টকা দাবী কৰা কালি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে। এই সন্দৰ্ভত ফোন ৰেকৰ্ড আছে বুলিও যুৱতীগৰাকীয়ে কৈছে। ইংলিছ স্পেকিং প্ৰদ্যুৎ বৰদলৈয়ে এনেকুৱা কাম কৰিব বুলি মানুহে হয়তো নাভাবেও। কিন্তু কংগ্ৰেছ দলৰ এইটো এটা চৰিত্ৰ। টিকট দি পইচা গোটোৱাটো কংগ্ৰেছ দলৰ চৰিত্ৰ। আগৰ পৰাই কংগ্ৰেছ দলে এনে কাম কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
তেওঁ কয় যে এয়া কংগ্ৰেছৰ চৰিত্ৰ। অকল লাহৰীঘাটৰ পৰাই এই খবৰ অহা নাই। ধুবুৰী, গোৱালপাৰা আদি কৰি প্ৰত্যকখন জিলাৰ পৰাই বিশেষকৈ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত য’ত নিৰ্বাচন হৈছে তাৰ পৰাই এই অভিযোগবোৰ আহিছে। এইবোৰ দিনে ৰাতিয়ে আমি টিভিত দেখি আছো। সংখ্যালঘু ৰাইজক তেওঁলোকে এইদৰে প্ৰতাৰণা কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
লগতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ এনে কাৰ্য সুস্থ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকিস্বৰূপ বুলি উল্লেখ কৰি এই কাৰ্যই পুনৰ কংগ্ৰেছৰ অভ্যন্তৰীণ নীতিৰ ফোপোলা স্বৰূপটো ৰাইজৰ সন্মুখত উদঙাই দিছে বুলি কয়। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ২০-৩০ লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয়, তেন্তে টকা দি টিকট লাভ কৰা মানুহজনে সেই টকা উলিয়াই ল’ব আৰু সেয়া অন্যায় কৰি, দুৰ্নীতি কৰিয়েই তেওঁ উলিয়াব। মানে কংগ্ৰেছ দলে টিকট দিয়াৰ দিনাখনেই তেওঁলোকৰ প্ৰাৰ্থীসকলক দুৰ্নীতিত নিমজ্জিত হোৱাৰ লাইচেন্স দি দিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।