Advertisment

জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা, ২০২৫...

শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতে তেওঁ লাভ কৰিলে এক ভাল খবৰ। শিল্পীগৰাকীলৈ বেলতলা ব’হাগী উৎসৱ সমিতিয়ে আগবঢ়াব সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা বঁটা, ২০২৫।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
জুবিন গাৰ্গ

ডিজিটেল ডেস্কঃ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতে তেওঁ লাভ কৰিলে এক ভাল খবৰ। শিল্পীগৰাকীলৈ বেলতলা বহাগী উৎসৱ সমিতিয়ে আগবঢ়াব সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা বঁটা, ২০২৫।

Advertisment

৫২ টা বসন্ত অতিক্ৰম কৰি ৫৩ বছৰ বয়সত ভৰি দিয়াৰ দিনটোতে বেলতলা ব'হাগী উৎসৱ সমিতিয়ে জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ১২ বছৰ ধৰি আগবঢ়াই অহা বেলতলা ব'হাগী উৎসৱ সমিতিৰ এই সন্মানীয় বঁটা ইতিমধ্যে অসমৰ কেইবাগৰাকীয়ও স্বনামধন্য শিল্পীৰ লগতে বলিউডৰো প্ৰথিতযশা শিল্পীয়ে গ্ৰহণ কৰিছে।

২০২৪ বৰ্ষত এই বঁটা লাভ কৰিছিল বলিউড অভিনেত্ৰী ৰবীনা তেণ্ডনে। ২০২৩ ত এই বঁটা গ্ৰহণ কৰিছিল অভিনেতা জৰ্জ বেকাৰে।জুবিন গাৰ্গক এই বঁটা ২০২৫ ৰ ব'হাগী উৎসৱৰ অনুষ্ঠানত আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ব বুলি আজি এক সংবাদ মেলৰ জৰিয়তে অৱগত কৰিছে অনুষ্ঠানটোৱে। এই বঁটাৰ লগত আছে গামাচো, চেলেং, স্মাৰক, মানপত্ৰ আৰু নগত ২ লাখ টকাৰ ধন।    

বেলতলা জুবিন ড০ ভূপেন হাজৰিকা