দৰ্শকে আৰু উপভোগ কৰিবলৈ নাপাব এইগৰাকী প্ৰখ্যাত পৰিচালকৰ ছবি

মোৰ বয়স গ'ল। এতিয়া মই পৰিচালনা কৰা ছবিবোৰ নতুন প্ৰজন্মই একেবাৰেই ভাল নাপাব।সেয়েহে মই আৰু ইয়াৰ পৰা দূৰত থাকিম বুলিয়েই ভাবিছো।এই মন্তব্য বলীউডৰ প্ৰখ্যাত প্ৰযোজন তথা পৰিচালক মহেশ ভাটৰ।

author-image
Asomiya Pratidin
New Update
দৰ্শকে আৰু উপভোগ কৰিবলৈ নাপাব এইগৰাকী প্ৰখ্যাত পৰিচালকৰ ছবি

ডিজিটেল ডেস্ক: মোৰ বয়স গ'ল। এতিয়া মই পৰিচালনা কৰা ছবিবোৰ নতুন প্ৰজন্মই একেবাৰেই ভাল নাপাব।সেয়েহে মই আৰু ইয়াৰ পৰা দূৰত থাকিম বুলিয়েই ভাবিছো।এই মন্তব্য বলীউডৰ প্ৰখ্যাত প্ৰযোজন তথা পৰিচালক মহেশ ভাটৰ।হয়, শেহতীয়া এক সাক্ষাৎকাৰত আৰু ছবিৰ সৈতে তেওঁ আৰু জড়িত নহয় বুলি স্পষ্ট কৰিলে।

Advertisment

মহেশ ভাটে পৰিচালনা কৰা শেষৰখন ছবি আছিল 'ছড়ক ২'।এই ছবিখনে ২০২০ত মুক্তি লাভ কৰিছিল।য'ত তেওঁৰ কন্যা আলিয়া ভাট, সঞ্জয় দত্ত, আদিত্য ৰয় কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।তেওঁৰ কন্যা পূজা ভাটেও এই ছবিখনত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।

মহেশ ভাটে তেওঁৰ কেৰিয়াৰত ৫০ খনতকৈও অধিক ছবি পৰিচালনা কৰিছে।বৰ্তমানলৈ অগনন সন্মানৰে সন্মানিত মহেশ ভাটে পৰিচালনা কৰা প্ৰথমখন ছবি আছিল 'মঞ্জিলে অ'ৰ ভী হে', যিখনে মুক্তি লাভ কৰিছিল ১৯৭৪ত। 

এই সাক্ষাৎকাৰত পৰিচালকজনে লগতে কয়, 'মই আচলতে বিলুপ্ত আগ্নেয়গিৰি। অৱশ্যে, মোৰ পদচিহ্নবোৰ সময়ৰ বালিত এৰি দিয়াৰ হেঁপাহ নাই, যিটো মনোৰঞ্জন জগতত খুব বেছিকৈ দেখা যায়। যিসকলে ইয়াক প্ৰস্তুত কৰে, তেওঁলোকৰ সময়ৰ বালিত তেওঁলোকৰ পদচিহ্ন এৰি যাবলৈ এক অতৃপ্ত তৃষ্ণা থাকে।'

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত