খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...
খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

তুষাৰ প্ৰতিম

জোনমণি ৰাভাৰ কাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি কৰাৰ সমান্তৰালকৈ আৰক্ষী আৰু অপৰাধীৰ মাজৰ সম্পৰ্কই চৰ্চাৰ শীৰ্ষত উপনীত হৈছে। জনতাৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰু অপৰাধীক দমন কৰি অপৰাধ নিৰ্মূল এখন সমাজ গঢ়াৰ গধূৰ দায়িত্বত নিয়োজিত আৰক্ষীয়ে কিদৰে অপৰাধীৰে সম্পৰ্ক ৰক্ষা কৰি অপৰাধৰ এখন ৰম্যভূমি গঢ়ি তুলিছে সেই বিষয়বোৰ স্পষ্টকৈ পোহৰলৈ আহিছে।

এনে প্ৰেক্ষাপটত স্বাভাৱিকতে আৰক্ষীৰ প্ৰতি সাধাৰণ মানুহৰ ভোহ ভংগ হোৱাই নহয় আৰক্ষীক বিশ্বাসত ল'বলৈও কুণ্ঠাবোধ কৰিছে। চৌদিশে কেৱল আৰক্ষীলৈ আঙুলি টোৱাই বিভিন্নজনে বিভিন্ন কটু মন্তব্য কৰাৰ লগতে আৰক্ষীক কঠাগড়াত তুলিছে।

জোনমণি ৰাভা কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে যদিও বহুতেই আশংকা কৰিছে সঠিক ভাৱে আগবঢ়া নাই এই তদন্ত। চি আই ডিৰ তদন্তৰ মাজতে দাবী উত্থাপন হৈছে চি বি আইৰ তদন্ত।

অসম আৰক্ষী সঞ্চালক প্ৰধানেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ ঘটনাৰ চি বি আই তদন্তৰ বাবে অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰীয়েও বিষয়টোক গুৰুত্বসহকাৰে লৈ চি বি আইলৈ এই গোচৰৰ তদন্তৰ পোষকতা কৰিছে।

তদন্তৰ অন্তত জোনমণি ৰাভা কাণ্ডৰ প্ৰকৃত সত্য হয়তো পোহৰলৈ আহিব। কিন্তু কথা হ'ল এই তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱাৰ পূৰ্বেই জোনমণি ৰাভা কাণ্ডও অতীত হ'ব নেকি? সংবাদ মাধ্যমে জোনমণি ৰাভা কাণ্ডক পাহৰি আন কোনো ঘটনাত জপিয়াই পৰিব নেকি?

সামাজিক মাধ্যমৰ জৰিয়তে এই প্ৰশ্ন আজি উত্থাপন হৈছে। বহুতেই সংবাদ মাধ্যমক সমালোচনাৰ লক্ষ্য কৰি লৈ ক'বলৈ আৰম্ভ কৰিছে দুদিনৰ পাছত সংবাদ মাধ্যমে জোনমণি ৰাভাক পাহৰি যাব আৰু আন কোনো চাঞ্চল্যকৰ বিষয়ত জপিয়াই পৰিব।

মানুহৰ এই প্ৰশ্ন অৱশ্যে স্বাভাৱিক। বিগত দুই, তিনিটা মাহত অসমত সংঘটিত হোৱা বিভিন্ন ঘটনাৰাজীয়ে অন্তত সেই কথাক কিছু পৰিমাণে সত্য বুলিয়েই প্ৰমাণ কৰে। কিন্তু ইয়াৰ বাবে কেৱল দায়ী সংবাদ মাধ্যমেই নে?

এই প্ৰশ্নৰো কিন্তু সঠিক বিশ্লেষণ হোৱাৰ প্ৰয়োজন। বিভিন্ন ৰাজনৈতিক ঘটনাৰাজিৰ লগতে কিছু মনোৰঞ্জনধৰ্মী খবৰৰ মাজতে হঠাত দেশ কঁপাই জোৱাকৈ গুৱাহাটীত পোহৰলৈ আহিছিল বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰ কেচ।

বন্দনা কলিতাৰ এই ডাৱল মাৰ্ডাৰ কেচৰ বিষয়টোৱে অসমৰ সংবাদ মাধ্যমত ব্যাপক হাৰত প্ৰচাৰ হোৱাৰ লগতে সামাজিক মাধ্যমতো ব্যাপক হাৰত চৰ্চিত হয়। মানুহৰ মুখে মুখে সেই দিন কেইটাত শুনা গৈছিল কেৱল বন্দনা কলিতাৰ নাম।

ফেব্ৰুৱাৰী মাহত পোহৰলৈ আহিছিল বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰ ঘটনা। প্ৰায় ৬ মাহ আগতেই নিজৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক নিজৰ প্ৰেমিকৰ সৈতে লগ লাগি হত্যা কৰাই নহয় তেওঁলোকৰ দেহ টুকুৰা টুকুৰ কৰি মেঘালয়ৰ বিভিন্ন স্থানত পেলাই দিছিল।

নিজে পতা জালত নিজে সোমাই পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত ধৰা পৰা বন্দনা কলিতাৰ এই ডাৱল মাৰ্ডাৰ কেচত আৰক্ষীয়ে বন্দনা কলিতাৰ উপৰিও তেওঁৰ দুই সহযোগী ধনটি ডেকা আৰু আৰূপ দাসকো গ্ৰেপ্তাৰ কৰে।

এই তিনিও হত্যাকাৰীক ন্যায়ালয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। গুৱহাটীৰ কেন্দ্ৰিয় কাৰাগাৰত বন্দী হৈ আছে এই তিনিও অপৰাধী। যোৱা ১৪ মে'ত নুনমাটি আৰক্ষীয়ে ৩ মাহৰ তদন্তৰ অন্তত সমগ্ৰ ঘটনা সন্দৰ্ভত ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে।

আদালতত দাখিল কৰা এই চাৰ্জশ্বীটত সমগ্ৰ হত্যাকাণ্ডৰ প্ৰামাণ্য নথি-পত্ৰ দাখিল কৰি স্পষ্টকৈ উল্লেখ কৰিছে যে, এই হত্যাকাণ্ড পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবে সংঘটিত কৰা হৈছিল। বন্দনা কলিতাৰ নৃশংসাতৰ বলি হৈছিল তেওঁৰ স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'। ( এই খবৰ পঢ়কঃ বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰঃ ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল...)

বন্দনা কলিতাৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি থকাৰ মাজতে মে' মাহত সংঘটিত হ'ল কেইবাটাও ঘটনা। অৱশ্যে বন্দনা কলিতাৰ ঘটনাক তল পেলালে কৰিশ্মা নাথ নামৰ নাগাৰা নামৰ নামতীগৰাকীয়ে। 'পে পে' কন্যা হিচাপে পৰিচিতি লাভ কৰা কৰিশ্মা নাথৰ চৰ্চা সামাজিক মাধ্যমত ইমানেই বৃদ্ধি পালে যে, টেলিভিশ্যন চেনলত আহিও তেওঁ বিখ্যাত হৈ পৰা 'পে পে' গোৱাৰ সুযোগ লাভ কৰিলে।

চৰ্চিত হোৱাৰ লগতে জিনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা কৰিশ্মা নাথক অৱশ্যে একে নিশাই পাহৰিলে চিকিৎসক দম্পত্তিৰ শিশু নিৰ্যাতনৰ ঘটনাই। যোৱা যোৱা প্ৰায় ২ টা মাহত সংঘটিত হ'ল এনে বহু চৰ্চিত ঘটনা।

গুৱাহাটীৰ বিখ্যাত চিকিৎসক দম্পত্তি ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ তোলনীয়া সন্তান নিৰ্যাতন, যোৰহাটৰ পৰ্ণ কাণ্ড, মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণ আৰু হত্যা আৰু তাৰ পাছতে জোনমণি ৰাভা কাণ্ড। অৱশ্যে এই ঘটনাৰ মাজতে বিশেষ চৰ্চা লাভ নকৰা দুটা ঘটনাও ৰাজ্যত সংঘটিত হৈ গ'ল। (সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ খবৰ পঢ়কঃ ভাৱিছিল- আছে ছাৰ, সাহস কাৰ?)

তিনিচুকীয়া জিলাৰে বৰডুমচাত মাৰ্চৰ ২০ তাৰিখে বিজেপি নেতাই এগৰাকী কিশোৰী ধৰ্ষণ কৰিলে। কিশোৰীগৰাকীৰ ধৰ্ষণৰ পাছতে পৰিয়ালটোক বিভিন্ন ধৰণে মানসিক অত্যাচাৰ আৰু ভয়, ভাবুকিৰে ব্যতিব্যস্ত কৰি তোলা বিজেপি নেতাৰ অত্যাচাৰতেই ভুক্তভোগীৰ মাতৃয়ে আত্মহত্যাৰ পথ বাচি ল'লে। ( এই খবৰ পঢ়ক ইয়াতঃ তিনিচুকীয়াৰ ধৰ্ষণকাৰী বিজেপি নেতা পলাতকঃ জিপি সিঙে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে সবিশেষ তথ্য...)

আন এটা বিশেষ চৰ্চা নোপোৱা বিষয় আছিল গহপুৰৰ যুৱক বাবুল বৰুৱাক বিহাৰৰ কিষাণগঞ্জ ৰে'লৱে ষ্টেচনত হত্যা। যদি সুক্ষ্মভাৱে এই গোটেই কেইটা ঘটনাক পৰ্যবেক্ষণ কৰা যায় তেন্তে দেখা যায় যে, এটাৰ পাছত এটাকৈ সংঘটিত হোৱা এই কাণ্ডৰ খবৰে অসমৰ মানুহৰো ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডৰ দৰেই দৃষ্টি কাঢ়িছিল।

আজিৰ তাৰিখত মূল সুঁতিৰ সংবাদ মাধ্যমে সামাজিক মাধ্যমৰ ট্ৰেণ্ডৰ ওপৰত ভৰসা কৰিবলগীয়া হয়। কিয়নো ছ'চিয়েল মিডিয়াই আজিৰ তাৰিখত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰে।

ছ'চিয়েল মিডিয়াত যি বিষয়ে অধিক চৰ্চা লাভ কৰিব বা যিটো বিষয়ে অধিক গুৰুত্ব লাভ কৰিব সেই বিষয়টোকেই মূল সুঁতিৰ সংবাদ মাধ্যমে তুলি ধৰাৰ এক নিয়ম গঢ়লৈ উঠিছে। অপ্ৰিয় হলেও এয়াই সত্য যে, আজিৰ তাৰিখত সামাজিক মাধ্যমে মূল সুঁতিৰ সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ দৰে এক পৰিৱেশ গঢ় লৈ উঠিছে।

যাৰ বাবে সংবাদ মাধ্যমে সামাজিক মাধ্যমৰ চৰ্চিত বিষয়ক আওকান কৰিব নোৱাৰে। মানুহৰ ৰুচী অনুসৰি বাতৰি কৰিবলগীয়া হৈছে। অতি গুৰুত্বপূৰ্ণ খবৰ এটা যিদৰে আজিৰ পাঠক বা দৰ্শকে আওকান কৰে ঠিক তেনেদৰেই অতি তৰল বিষয় এটাক অধিক গুৰুত্ব দিয়াৰ উদাহৰণ বহু আছে।

মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া কিশোৰী ধৰ্ষণ কৰি হত্যা কৰা বিষয়টোৱে যি সময়ত সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছিল, বিষয়টোক লৈ এক জনমত গঠন হৈছিল, ঠিক সেইদৰে কিন্তু একেখন জিলাৰেই বৰডুমচাত সংঘটিত হোৱা বিজেপি নেতাৰ কিশোৰী ধৰ্ষণকাণ্ডই চৰ্চা লাভ নকৰিলে।

মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণকৰি হত্যাকৰাৰ অভিযোগত অভিযুক্ত আনন তাতীৰ 'এনকাউণ্টাৰ'ত উৎফুল্লিত জনসাধাৰণে কিন্তু বৰডুমচাৰ কিশোৰী ধৰ্ষণকাণ্ডৰ সৈতে জড়িত বিজেপি নেতা সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰাৰ প্ৰৱল দাবী আজিও উত্থাপন নহ'ল। এইগৰাকী দুৰ্ভগীয়া কিশোৰীক ধৰ্ষণ কৰি সুমেন্দ্ৰ ৰায়ে ঘটনা সন্দৰ্ভত মুখ নুখুলিবলৈ ভুক্তভোগী পৰিয়ালক ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিততে গৰু বিহুৰ দিনাই আত্মহত্যাৰ দৰে পথ বাচি ল'লে ভুক্তভোগীৰ মাতৃয়ে। (এই ঘটনাৰ শেহতীয়া খবৰঃ তিনিচুকীয়া ধৰ্ষণকাণ্ডঃ ন্যায় বিচাৰি অহা ভুক্তভোগী পৰিয়ালৰ সদস্যক 'আপ' কৰ্মীৰ সৈতে চোচৰাই নিলে আৰক্ষীয়ে...)

এই খবৰ আমি প্ৰকাশ কৰিছিলো যদিও বিষয়টোক লৈ ব্যাপক চৰ্চা নহ'ল। আজিও হয়টো এই বিষয়ে বহু কম লোকেহে জানে। ডাঃ সংগীতা দত্ত, ৱালিউল ইছলামৰ শিশু নিৰ্যাতন আৰু জোনমণি ৰাভা কাণ্ডৰ মাজতে বিহাৰত অকাল মৃত্যুক সাৱটি ল'লে গহপুৰৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক বাবুল বৰুৱাই।

কৰ্কট ৰোগত আক্ৰান্ত বাবুল বৰুৱাই মাতৃৰ বেমাৰৰ খবৰ ল'বলৈ স্বগৃহলৈ অহাৰ সময়তে বিহাৰৰ কিষাণগঞ্জ ৰে'লৱে ষ্টেচনত ৰহস্যজনক মৃত্যুক সাৱটি লয়। ঘটনা সংঘটিত হোৱাৰ দিনাই এই বিষয়ে বাতৰি প্ৰকাশ কৰাৰ লগতে ইয়াৰ পৰৱৰ্তী সময়ত কিদৰে কিষাণগঞ্জৰ পৰা বাবুল বৰুৱাৰ টুকুৰা টুকুৰ দেহ স্বগৃহলৈ ঘূৰাই অনা হ'লে সেই বিষয়েও বাতৰি প্ৰকাশ কৰিছিলো। (এই ঘটনাৰ শেহতীয়া খবৰঃ বাবুল বৰুৱাৰ পত্নীলৈ গহপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আৰ্থিক সাহায্য... )

কিন্তু এই খবৰে বৰ বেছি গুৰুত্ব লাভ নকৰিলে। তাৰ পাছতো একাংশ ছ'চিয়েল মিডিয়া ইউজাৰকাৰীয়ে অভিযোগ উত্থাপন কৰি আহিছে এইবোৰ খবৰক সংবাদ মাধ্যমে গুৰুত্ব নিদিয়াৰ বিষয়টো।গতিকে সংবাদ মাধ্যমক সমালোচনাৰ লক্ষ্য কৰি ল'লেই সকলো শেষ হৈ নাযায়।

সকলোকে একাকাৰ কৰাৰ পৰিৱৰ্তে যিসকলে সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বাতৰি কৰি আহিছে তেওঁলোকক অন্তত লক্ষ্য কৰিব লাগে। সেই বাতৰিক গুৰুত্ব দি বিষয়টো চৰ্চালৈ আনিব লাগে।

সামাজিক মাধ্যমৰ গুৰুত্ব আজিৰ সময়ত যথেষ্ট বৃদ্ধি পাইছে। মূল সুঁতিৰ সংবাদ মাধ্যমত গুৰুত্বহীন হোৱা বিষয় এটাকো সামাজিক মাধ্যমে শক্তিশালী ৰূপত দাঙি ধৰিব পাৰে। তেনে অজস্ৰ উদাহৰণ এইখন অসমতে আছে।

সংবাদ মাধ্যমে যিকোনো এটা বিষয় এৰি চলিলে সেই বিষয়টোক তুলি ধৰিবলৈ আজিৰ তাৰিখত সামাজিক মাধ্যমেই বাধ্য কৰাব পাৰে। তেনে উদাহৰণো বহু আছে। গতিকে সকলোকে একাকাৰ কৰি কেৱল সামাজিক মাধ্যমত গালি-গালাজ কৰাতকৈ বিষয় এটাৰ সুক্ষ্ম পৰ্যবেক্ষণ কৰি তাৰ ওপৰত চৰ্চা কৰিলেহে বিষয়টো অধিক ফলপ্ৰসু হয়।

চাঞ্চল্য সৃষ্টিকাৰী খবৰৰ পৰিৱৰ্তে বস্তুনিষ্ঠ ভাৱে সুক্ষ্ম বিশ্লেষণেৰে তুলি ধৰা খবৰক আজিৰ তাৰিখত গুৰুত্ব দিয়ে কোনে? যিদৰে আজিৰ তাৰিখত সংবাদ মাধ্যমে কি বাতৰি পৰিৱেশন কৰিছে সেই বিষয়টোক লৈ দৰ্শক বা পাঠকে দৃষ্টি ৰাখে ঠিক তেনেকৈয়ে সংবাদ মাধ্যমেও দৰ্শক বা পাঠকে কি চাইছে,পঢ়িছে সেয়া লক্ষ্য কৰে।

খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...
অৱশেষত জে'ললৈ গ'ল শিশু নিৰ্যাতনকাৰী চিকিৎসক ডাঃ সংগীতা দত্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in