/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/da66c3b9-dad7-4c10-bb5c-24836ea1a8dd/Sangeeta_New.jpg)
অৱশেষত জে'ললৈ গ'ল শিশু নিৰ্যাতনকাৰী চিকিৎসক ডাঃ সংগীতা দত্ত...
ডিজিটেল ডেস্কঃ অৱশেষত জে'ললৈ প্ৰেৰণ কৰা হ'ল শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত চিকিৎসক ডাঃ সংগীতা দত্তক। তোলনীয়া সন্তানক নিৰ্যাতন চলোৱা গুৱাহাটীৰ বিখ্যাত চিকিৎসক দম্পত্তি ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক প্ৰথমে আটক কৰিছিল পল্টনবজাৰ আৰক্ষীয়ে।
স্থানীয় লোকে তোলনীয়া সন্তানক ঘৰৰ ছাঁদত প্ৰখৰ ৰ'দত বান্ধি থোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰি সমগ্ৰ বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছিল। ইয়াৰ পাছতে চাইল্ড লাইনৰ সহযোগত পল্টনবজাৰ আৰক্ষীয়ে প্ৰথমে ৱালিউল ইছলাম আৰু তাৰ পাছত সংগীতা দত্তক আটক কৰিছিল।
ইয়াৰ পাছতে ৰাজ্যত শিশু সৰবৰাহৰ এক ভয়ংকৰ চক্ৰৰ বিষয়ে পোহৰলৈ আহিছিল। শিশু সৰবৰাহৰ সৈতে জড়িত কেইবাজনো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সুদীৰ্ধ দিন আৰক্ষী জিম্মাত থকাৰ পাছত আজি সংগীতা দত্তক পুনৰ POCSO আদালতত হাজিৰ কৰোৱা হয়।
আদালতে সংগীতা দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ন্যায়ালয়ে সংগীতা দত্তৰ স্বামী তথা চিকিৎসক, শিশু নিৰ্যাতনকাৰী ৱালিউল ইছলামকো জে'ললৈ প্ৰেৰণ কৰিছে।
Also Read: নগাঁৱৰ পৰা আঁতৰিল লীনা দলেঃ লখিমপুৰৰ দায়িত্ব আনন্দ মিশ্ৰক....