বাবুল বৰুৱাৰ পত্নীলৈ গহপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আৰ্থিক সাহায্য...

বাবুল বৰুৱাৰ পত্নীলৈ গহপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আৰ্থিক সাহায্য...
বাবুল বৰুৱাৰ পত্নীলৈ গহপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আৰ্থিক সাহায্য...

ডিজিটেল সংবাদ গহপুৰঃ বিহাৰৰ কিষাণগঞ্জ ৰে'লৱে ষ্টেচনত দুৰ্বৃত্তই হত্যা কৰা বাবুল বৰুৱাৰ পৰিয়াললৈ ৬০ সংখ্যক সদৌ গহপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে ৩১,৫১১ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। বিহু সন্মিলনৰ বিষয়ববীয়া, সদস্য-সদস্যা সকলে আগবঢ়াইছে এই ধনৰাশি।

আজি সদৌ গহপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ধ্ৰুৱজ্যোতি হাজৰিকা, সাধাৰণ সম্পাদক দ্বয় হেমন্ত জোন বৰুৱা, পংকজ হাজৰিকা আৰু প্ৰশান্ত কলিতাই মৃতকৰ ঘৰলৈ গৈ দুখৰ সমভাগী হোৱাৰ লগতে উক্ত ধনৰাশি বাবুল বৰুৱাৰ পত্নী পৰিস্মিতা হীৰা বৰুৱা হাতত অৰ্পণ কৰে।

ইফালে গহপুৰৰ বিশিষ্ট ব্যৱাসায়ী উদয় গোস্বামীয়েও এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছে। বাবুল বৰুৱাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হোৱা উদয় গোস্বামীয়ে বাবুস বৰুৱাৰ মৃতদেহ বিহাৰৰ পৰা স্বগৃহলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও এই সকলো ক্ষেত্ৰতে আৰ্থিক ভাৱেহ সহায় কৰি আহিছে।

উল্লেখ্য যে, বহি: ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ এক ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙী ৰজাবাৰীৰ বিবাহিত যুৱক বাবুল বৰুৱাই। বিহাৰৰ কৃষাণগঞ্জ ৰেলৱে ষ্টেচনত সঁচাকৈয়ে বাবুল বৰুৱাক হানি-খুঁচি হত্যা কৰা হ'ল নে তেওঁক ৰে'লে খুন্দিয়ালে নে বাবুল বৰুৱাই ৰে'লৰ আগত পৰি আত্মহত্যা কৰিলে তাকে লৈও সন্দিহান হৈ পৰিছিল গহপুৰৰ ৰাইজৰ লগতে আৰক্ষী-প্ৰশাসন।

বাবুল বৰুৱাৰ দেহৰ বিভিন্ন অংশ ক্ষত বিক্ষত অৱস্থাত থকাৰ লগতে মূৰ আৰু এখন হাত দেহৰ পৰা বিচ্ছিন্ন হৈ থকালৈ চাই তেওঁক চলন্ত ৰে'লে মহটিয়াই নিয়া বুলি আশংকা কৰা হৈছিল। কিন্তু গহপুৰ ৰে'লৱে পুলিচে কৃষাণগঞ্জ ৰে'লৱে আৰক্ষীৰ পৰা বিষয়টো জানিব বিচৰাত কৃষাণগঞ্জ ৰে'লৱে আৰক্ষীয়ে "ৰান অভাৰ" হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে।

ইফালে মৃত্যুৰ পূৰ্বে বাবুল বৰুৱাই পত্নীলৈ ফোন কৰি যি কেইটা কথা কৈছিল সেই কথাবোৰেও বিভিন্ন প্ৰশ্নৰ সূচনা কৰিছিল। কৃষাণগঞ্জ ৰে'লৱে ষ্টেচনৰ পৰা বাবুল বৰুৱাই ফোন কৰা চাৰিটা ফোন কলৰ ভিতৰত এটা ফোন কলত কৈছিল যে "মোক সিহঁতে বহুত অত্যাচাৰ কৰি মাৰিব। ইমান টৰ্ছাৰ খাই মই মৰিব নোৱাৰো। লাগিলে নিজে মৰি যাম।"

পত্নী পৰিস্মিতাক নিজে মৰি যাম বুলি কোৱাৰ পিছত বাবুল বৰুৱাৰ মোবাইল ছুইছ অফ হৈ পৰাৰ বিষয়টো যথেষ্ট সন্দেহৰ আবৰ্তত সোমাই পৰিছে। ইপিনে বৈদ্যুতিক মাধ্যমৰ বিহাৰৰ এগৰাকী সাংবাদিকে গহপুৰৰ এগৰাকী সাংবাদিকলৈ প্ৰেৰণ কৰা এখন ফটোত বাবুল বৰুৱাৰ মৃতদেহ ৰে'লৰ চিৰিৰ ওপৰত পৰি থকাটো স্পষ্ট হৈ আছিল।

য'ত বাবুলৰ মূৰ আৰু এখন হাত শৰীৰৰ পৰা বিচ্ছিন্ন হৈ থকা দেখা পাইছিল। তদুপৰি বিহাৰৰ সাংবাদিক জনে যুৱক জনক ৰে'লে মহটিয়াই নিয়াৰ ফলতে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। কিন্তু পত্নীলৈ ফোন কৰি "নিজে মৰি যাম" বুলি কোৱাৰ পিছতে কিয় ৰে'লে মহটিয়াই নিব লগা হ'ল বাবুল বৰুৱাক সেয়া গভীৰ ৰহস্যৰ ভিতৰত সোমাই পৰিছে।

উল্লেখযোগ্য যে, প্ৰায় ছয় বছৰ আগৰ পৰাই দাদৰনগৰ হাবিলিৰ চি পি এফ নামৰ কোম্পানীত কাম কৰিছিল বাবুল বৰুৱাই। কৰ্কট ৰোগত আক্ৰান্ত মাতৃৰ অসুখ বেছি হোৱাৰ কাৰণে ঘৰলৈ ট্ৰেইনেৰে আহিছিল বাবুল।

কিন্তু ঘৰলৈ আহি থকা বাবুলে পত্নীলৈ ফোন কৰি তেওঁৰ মৃত্যু নিশ্চিত বুলি জনোৱাৰ পিছতে বাবুলৰ ক্ষত-বিক্ষত মৃতদেহৰ ফটো লাভ কৰে পৰিয়ালৰ লোকে। ইয়াৰ পিছতে গভীৰ ৰহস্যৰ আবৰ্তত সোমাই পৰে বাবুলৰ মৃত্যুৰ কাৰণ।

বাবুল বৰুৱাৰ পত্নীলৈ গহপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ আৰ্থিক সাহায্য...
১০০ টকাৰে শস্য বীমা কৰক আৰু লাভ কৰক ৪০,৭৫৪ টকাৰ পৰা ৬৭,৯২০ টকালৈ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in