তিনিচুকীয়া ধৰ্ষণকাণ্ডঃ ন্যায় বিচাৰি অহা ভুক্তভোগী পৰিয়ালৰ সদস্যক 'আপ' কৰ্মীৰ সৈতে চোচৰাই নিলে আৰক্ষীয়ে...

তিনিচুকীয়া ধৰ্ষণকাণ্ডঃ ন্যায় বিচাৰি অহা ভুক্তভোগী পৰিয়ালৰ সদস্যক 'আপ' কৰ্মীৰ সৈতে চোচৰাই নিলে আৰক্ষীয়ে...
তিনিচুকীয়া ধৰ্ষণকাণ্ডঃ ন্যায় বিচাৰি অহা ভুক্তভোগী পৰিয়ালৰ সদস্যক 'আপ' কৰ্মীৰ সৈতে চোচৰাই নিলে আৰক্ষীয়ে...

ডিজিটেল ডেস্কঃ একেখন জিলাত একেই জঘণ্য অপৰাধৰ বাবে ভিন ভিন দৃষ্টি ভংগী আৰক্ষী প্ৰশাসনৰ ! এজনক যদি তাৎক্ষণিক ভাৱে গ্ৰেপ্তাৰ কৰাৰ উপৰিও ''এনকাউণ্টাৰ'' কৰা হৈছে, আনজনৰ বিৰুদ্ধে আকৌ তেনে কঠোৰ ব্যৱস্থা লোৱাটো দূৰৰে কথা ভুক্তভোগীৰ পৰিয়াল আৰু স্থানীয় জনতাই প্ৰতিবাদ কৰিও ন্যায় লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

কেৱল সেয়াই নহয়, ভুক্তভোগীৰ পৰিয়ালে গুৱাহাটীলৈ আহি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তো আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা চোচৰাই লৈ গৈছে। এইখন অসমৰে ঘটনা এয়া। একেই অপৰাধাৰ বাবে দুজনৰ ক্ষেত্ৰত দুটা ভিন্ন নীতি।

আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আম আদমী পাৰ্টিৰ সহযোগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে দাবীপত্ৰ দিবলৈ আহি আৰক্ষীৰ ৰোষত পৰিবলগীয়া হ'ল এইখন অসমৰে এগৰাকী ধৰ্ষিতাৰ পৰিয়ালৰ সদস্যই।

তিনিচুকীয়া জিলাত শেহতীয়াকৈ যোৱা এপ্ৰিল আৰু মাৰ্চ মাহত দুটাকৈ জঘণ্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল। মাৰ্ঘেৰিটাৰ আনন তাঁতী নামৰ এজন লোকে এগৰাকী নাবালিকাক প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত হত্যা কৰি লেটিনৰ টেংকিত মৃতদেহ লুকুৱাই ৰাখিছিল।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে আনন তাঁতীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছিল আৰু আৰক্ষীয়েও অৰুণাচলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি অনাৰ পথত ভৰিত গুলীয়াবলৈ বাধ্য হৈছিল। এই ধৰ্ষণকাণ্ডৰ পূৰ্বেই একেখন জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ২০ মাৰ্চতে ৫০ উৰ্ধ্বৰ সমুন্দ্ৰে ৰায় নামৰ লোকজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

কেৱল নাবালিকাগৰাকীক ধৰ্ষনেই নহয় এই ঘটনাক গাপ দিবলৈ পৰিয়ালৰ লোকৰ ওপৰত মানিসিক অত্যাচাৰ আৰু ভয়, ভাবুকি প্ৰয়োগ কৰিছিলি। পৰিণতিত ভুক্তভোগীৰ মাতৃয়েও গৰু বিহুৰ দিনটোতে আত্মহত্যাৰ পথ বাচি লৈছিল।

কিন্তু পৰিতাপৰ কথা হ'ল এইগৰাকী ধৰ্ষণকাৰীক আজিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সাহস নকৰিলে। ইয়াৰ আঁৰৰ কাৰণ ধৰ্ষণকাৰী সমুন্দ্ৰে ৰায় বিজেপিৰ এটা বুথৰ সভাপতি আৰু গাওঁ পঞ্চায়তৰ সদস্য। ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পাছৰ দিনাই অৰ্থাৎ  ২১ মাৰ্চতে ধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি গোচৰ পঞ্জীয়ন কৰিছিল (Case bearing no 434/2023 GR Case no. 31/2023)।

কিন্তু ঘটনাৰ প্ৰায় ২ মাহ হোৱাৰ সময়তো বৰডুবি আৰক্ষীয়ে আজিলৈকে অভিযুক্ত বিজেপি নেতা সমুন্দ্ৰে ৰায়ৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰঞ্চ অভিযুক্তক ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত অত্যাধিক হাৰত মানসিক নিৰ্যাতন আৰু ভাবুকি প্ৰদানৰহে সুযোগ দিলে।

যাৰ পৰিণতিত ভুক্তভোগী নাবালিকাগৰাকীৰ মাতৃয়ে ১৪ এপ্ৰিল গৰু বিহুৰ দিনাই আত্মহত্যাৰ পথ বাচি লয়। এই ঘটনাৰ বিৰুদ্ধেও আজিলৈকে বৰডুবি আৰক্ষী থানাত কোনো গোচৰ ৰুজু নহ'ল।

ন্যায়ৰ বাবে অপেক্ষাত থকা এই দুৰ্ভগীয়া পৰিয়ালটোৱে তিনিচুকীয়া আৰক্ষীৰ পৰা কোনো সহাযোগিতা লাভ নকৰাত আম আদমি পাৰ্টীৰ সহযোগত আজি গুৱাহাটীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত তেওঁক সাক্ষাৎ কৰি ধৰ্ষণকাৰী বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবী জনাবলৈ আহিছিল।

ভুক্তভোগী নাবালিকাগৰাকীৰ জ্যেষ্ঠ ভাতৃৰ সৈতে পৰিয়ালৰ ৫ সদস্যই আৰক্ষী সঞ্চালক প্ৰধানক দাবী পত্ৰ দিবলৈ যাত্ৰা কৰাৰ সময়ত তেওঁলোকক সংগ দিয়ে 'আপ'ৰ প্ৰায় শতাধিক কৰ্মীয়ে। কিন্তু অসম আৰক্ষীয়ে এই ভুক্তভোগীৰ পৰিয়ালটোক সেই দাবী পত্ৰ দিয়াৰ সুযোগ প্ৰদান কৰাৰ বিপৰীতে দীঘলীপুখুৰীৰ পাৰৰ পৰা 'আপ' কৰ্মীৰ সৈতে আটক কৰে। আৰু চোচৰাই নি গাড়ীত উঠাই চচললৈ লৈ গৈ আৱদ্ধ কৰি ৰাখে।

প্ৰশ্ন উত্থাপন হৈছে, বিজেপি নেতা হোৱাৰ বাবেই সমুন্দ্ৰে ৰায়ে ধৰ্ষণৰ দৰে জঘণ্য কাণ্ড সংঘটিত কৰিও সাৰি যাব নেকি? বিজেপি নেতা হ'লেই সাত খুন মাফ হয় নেকি? আইনে কেতিয়া ঢুকি পাব এইগৰাকী ধৰ্ষণকাৰী বিজেপি নেতাক?

একেখন জিলাৰ একেই অপৰাধৰ বাবে আনন তাঁতীক যদি গ্ৰেপ্তাৰ কৰাৰ উপৰিও 'এনকাউণ্টাৰ' কৰিব পাৰে তেন্তে কিয় বিজেপি নেতা সমুন্দ্ৰে ৰায়ক আজিলৈকে সেই একেই আৰক্ষী বাহিনীয়ে চুবলৈকো সাহস কৰা নাই? এই প্ৰশ্নৰ উত্তৰ অসম আৰক্ষীয়ে দিবনে?

তিনিচুকীয়া ধৰ্ষণকাণ্ডঃ ন্যায় বিচাৰি অহা ভুক্তভোগী পৰিয়ালৰ সদস্যক 'আপ' কৰ্মীৰ সৈতে চোচৰাই নিলে আৰক্ষীয়ে...
ধৰ্ষণকাৰীক আটক নকৰাৰ বাবে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in