চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
গুৱাহাটী মুখ্য-পৃষ্ঠা

বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰঃ ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল...

বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰঃ ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল...

author-image
Asomiya Pratidin
14 May 2023 22:02 IST

Follow Us

New Update
বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰঃ ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল...

বন্দনা কলিতাৰ ডাৱল মাৰ্ডাৰঃ ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল...

ডিজিটেল ডেস্কঃ দেশ কঁপাই তোলা গুৱাহাটীৰ নাৰেংগীৰ ডাৱল মাৰ্ডাৰ কেচ সন্দৰ্ভত তদন্ত চলাই আৰক্ষীয়ে প্ৰায় ৩ মাহৰ অন্তত আজি এই সমগ্ৰ গোচৰটোৰ চাৰ্জশ্বীট দাখিল কৰিলে। নুনমাটী আৰক্ষীয়ে এই হত্যা কাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে দাখিল কৰিছে এই চাৰ্জশ্বীট।

Advertisment

আদালতত দাখিল কৰা এই চাৰ্জশ্বীটত সমগ্ৰ হত্যাকাণ্ডৰ প্ৰামাণ্য নথি-পত্ৰ দাখিল কৰি স্পষ্টকৈ উল্লেখ কৰিছে যে, এই হত্যাকাণ্ড পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবে সংঘটিত কৰা হৈছিল। বন্দনা কলিতাৰ নৃশংসাতৰ বলি হৈছিল তেওঁৰ স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'।

এই দুয়োগৰাকীকে বন্দনাই হত্যা কৰি তেওঁলোকৰ দেহ কেইবাটুকুৰা কৰি পেলাই দিছিল চুবুৰীয়া মেঘালয়ৰ বিভিন্ন অঞ্চলত। নিজেই নিজৰ স্বামী, শাহুক হত্যা কৰি নিজেই তেওঁলোকৰ নিৰুদ্দিষ্টৰ গোচৰ তৰি পৰৱৰ্তী সময়ত নিজে পতা জালত নিজে সোমাই পৰা বন্দনাৰ এই সমগ্ৰ ঘটনাৰাজীৰ সহযোগী আছিল ধনজিৎ ডেকা আৰু অৰূপ ডেকা। ইয়াৰে ধনজিৎ ডেকাৰ লগত আছিল বন্দনা কলিতাৰ অবৈধ প্ৰেমৰ সম্পৰ্ক।

এই হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰায় ৭ মাহ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল। প্ৰথমে বন্দনা কলিতাই স্বামী, শাহু দুয়োকে হত্যা কৰি তেওঁলোক নিৰুদ্দেশ হোৱাৰ গোচৰ তৰিছিল আৰু পৰৱৰ্তী সময়ত স্বামীৰ মোমায়েকে শাহুৱেয়কৰ বেংক একাউণ্টৰ পৰা ধন উঠাইছিল বুলি আন এক অভিযোগ দাখিল কৰিছিল।

উল্লেখ্য বন্দনাই হত্যা কৰা স্বামী অমৰজ্যোতিৰ মাতৃ তথা শংকৰী দে' বাস কৰিছিল চানামাৰী অঞ্চলত। ইয়াত আছিল তেওঁৰ ৫ টা অট্টালিকা। ইয়াৰে ৪ টা ভাড়ালৈ দি এটাত তেওঁ নিজেই অকলে বাস কৰিছিল।

এই ভাড়া দিয়া ৪ টা অট্টালিকাৰ পৰা ভাড়াৰ বাবদ মাহে পোৱা সমুদায় ধন সংগ্ৰহ কৰিছিল অমৰজ্যোতিৰ মোমায়েকে। সেয়ে অধিক উচ্চাকাংশী বন্দনাই সহ্য কৰিব পৰা নাছিল।

বন্দনা কলিতাৰ প্ৰথমটো গোচৰৰ আধাৰতে আৰক্ষীয়ে অমৰজ্যোতি আৰু শংকৰী দে'ৰ সন্ধান বিচাৰি তদন্ত চলাই থকাৰ মাজতে দ্বিতীয়খন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰত তেওঁ অভিযোগ কৰিছিল নিৰুদ্দিষ্ট শাহুয়েকৰ ৫ টাকৈ একাউণ্টৰ পৰা মোমায়েকে ধন উলিয়াইছিল।

আৰক্ষীয়ে এই বিষয়টো অতি সূক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰে আৰু বন্দনা কলিতাইহে এ টি এমৰ পৰা ধন উলিওৱাটো নিশ্চিত হয়। ইয়াৰ পাছতে আৰক্ষীয়ে বন্দনা কলিতাক সোধা-পোছা আৰম্ভ কৰে আৰু সোধা-পোছাৰ অন্তত যোৱা ১৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত সমগ্ৰ দেশ কঁপাই যোৱা এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

এই ডাৱল মাৰ্ডাৰ গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতা, সহযোগী ধনজিৎ ডেকা আৰু অৰূপ ডেকাৰ বৰ্তমানৰ ঠিকনা লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰ। এই সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আজি আৰক্ষীয়ে কামৰূপ চি জি এম আদালতত দাখিল কৰিছে।

Also Read: কৃষ্ণাইত লেখিকা সমাৰোহ সমিতিৰ জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

বন্দনা কলিতা
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!