ভাৱিছিল- আছে ছাৰ, সাহস কাৰ?

ভাৱিছিল- আছে ছাৰ, সাহস কাৰ?

মৃদুল কুমাৰ সন্দিকৈ

মানুহে মানুহক নিৰ্মাণ কৰে। মানুহে মানুহক ধ্বংসও কৰে। এই কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। চিকিৎসক দম্পত্তীয়ে সংঘটিত কৰা দুৰ্ভাগ্যজনক ঘটনাই ভিতৰৰ কথাবোৰ যিমানেই পোহৰলৈ আহিছে, সমগ্ৰ কাণ্ডই সাধাৰণলোককো ব্যাথিত কৰি তুলিছে।

সাধাৰণ মানুহে তেওঁলোকক এক স্থানত থৈছিল। সেই স্থান আছিল সন্মানীয় আৰু শ্ৰদ্ধেয়। কিন্তু এতিয়া তেওঁলোকক সেইসকল মানুহে ডাইনী মাতৃ আৰু অসুৰ পিতৃ আখ্যা দিবলৈ কুণ্ঠাবোধ কৰা নাই।

এচাম ক্ষমতাবানলোকে তেওঁলোকক এই আত্মবিশ্বাস গঢ়াত সহায় কৰিছিল নেকি যে তেওঁলোকে যি ইচ্ছা তাকেই কৰিব পাৰে। এই প্ৰচুৰ আত্মবিশ্বাসে অহংকাৰী কৰি তোলা চিকিৎসক দম্পত্তীয়ে হয়তো পাহৰি পেলাইছিল সাধাৰণ এজন মানুহৰ থাকিব লগা মানৱতাবোধ।

কেৱল দেখুৱাই ভালপোৱা আৰু গ্লেমাৰত ডুব গৈ থকা মায়াবিনী পৃথিৱীৰ অভিনেতা-অভিনেত্ৰী আছিল তেওঁলোক। মাতৃ হ'ব খোজে, মাতৃৰ চেনেহ দিব নিবিচাৰে। সন্তানৰ বাবে একো এটা কৰিব নোৱাৰা এইসকলে মাতৃ-পিতৃ হ'ব বিচৰাটোৱেই সমাজৰ বাবে এক ডাঙৰ অভিশাপ।

নিজৰ বাদে আনক চিনি নোপোৱা তেওঁলোকে পাৰ্টী, চেলিব্ৰেশ্যন, সৌন্দৰ্য চৰ্চা,সংগীত, সাজ-ভূশা আদিতেই নিজৰ সময়বোৰ ব্যয় কৰিব বিচাৰে। তেওঁলোকৰ কাষত যিবোৰ শক্তিশালী,ক্ষমতাবান আৰু প্ৰতিষ্ঠিত লোক আছিল বা আছে সেই সকলৰ ভিতৰত বৰ্তমানৰ ন্যায়ধীশ, ৰাজ্য চৰকাৰৰ মহাধিবক্ত , অসম চৰকাৰৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰ মুখবোৰ সাধাৰণ ৰাইজে চিনাক্ত কৰিছে।

সেই লোকসকলক তেওঁলোকৰ কাষত দেখি সৰ্ব সাধাৰণলোকে বুজি উঠিছে এনে অপকৰ্ম কৰা সকল কিমান শক্তিশালী বা হাত দীঘল লোক হ'ব পাৰে। এনে লোকৰ আশীৰ্বাদৰ হাত তেওঁলোকৰ মূৰৰ ওপৰত থকাৰ বাবে কোনো দিনেই ভৱা নাছিল এনে দুৰ্দিনো তেওঁলোকৰ বাবে আহিব।

এই সকলৰ জন্মদিন মানেই বিৰাট আয়োজন আৰু ক্ষমতাশালী লোকসকলৰ আগমন। উচ্চ পদস্থ বিষয়াৰ কথা বাদেই ন্যায় ব্যৱস্থাৰে জড়িত সকলেও সেই আনন্দৰ ভাগ ল'বলৈ অহাৰ কাৰ্যত সৰ্বসাধাৰণ লোকৰ মাজত প্ৰশ্ন উঠিছে- পাৰে জানো ন্যায়ধীশৰ দৰে আসনত অধিষ্ঠিত লোকে এনেবোৰ অনুষ্ঠানত মুকলিকৈ এনেদৰে অংশ ল'ব?

যিবোৰ ভিডিঅ' ভাইৰেল হৈছে, যিবোৰ ভিডিঅ'ৰ দৃশ্যক লৈ প্ৰশ্ন উঠিছে সেই ভিডিঅ' সুক্ষ্মভাৱে চালে দেখা পোৱা যায় ২০২২ বৰ্ষৰ ২৫ ডিচেম্বৰত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল। ভিডিঅ'টোৰ পিছফালে আঁৰি থোৱা এখন বেনাৰত সেয়া উল্লেখ আছে।

সেয়েহে ন্যায়ধীশৰ দায়িত্ব লোৱাৰ আগতেই কোনোবা প্ৰতিষ্ঠিত অধিবক্তাই এই অনুষ্ঠানত অংশ লৈছিল বুলি কোৱাৰ অৱকাশ হয়তো নাথাকে। কিয়নো এই ভিডিঅ'ত দেখা পোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ গৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০২১ বৰ্ষৰ ১২ অক্টোবৰত ন্যায়ধীশ হিচাপে নিযুক্তি দিছিল। অৱশ্যে সকলো লোকৰে ব্যক্তিগত এক জীৱন আছে। কিন্তু সেই জীৱন-যাপন কৰোতে দায়িত্বশীল লোকসকলৰ পদ-মৰ্যদাৰ লাঘৱ হয় নেকি সেই বিচাৰৰ দায়িত্ব সংশ্লিষ্ট লোক তথা কৰ্তৃপক্ষৰ।

শিশুক বৰ্বৰভাৱে নিৰ্যাতন চলোৱা চিকিৎসক দম্পত্তীৰ সমান্তৰালকৈ এতিয়া এই বিষয়বোৰেও সাধাৰণ মানুহক চুই গৈছে। কাৰ কি প্ৰটোকল আছে সেইবোৰ কথা উল্লেখ নকৰাকৈ সৰ্বসাধাৰণৰ বোধগম্য নোহোৱা বিষয়টো হৈছে লয় জানো এনে অনুষ্ঠানত অংশ ন্য়ায়ধীশৰ দৰে সন্মানীয় লোকসকলে?

সাধাৰণ মানুহে ভাৱে নিৰপেক্ষ বিচাৰত যাতে বিঘ্নিত নহয় তাৰ বাবে বহু নীতি-নিয়মৰ মাজেৰে জীৱন অতিবাহিত কৰে বিচাৰকসকলে । সেয়াও এক এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। মুখত কেকৰ ওপৰত থকা ক্ৰীম সানি দায়িত্বশীল ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় বিষয়া সকলে কিশোৰৰ দৰে কৰা আচৰণো মানুহৰ দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই।

পিতৃ-মাতৃৰ পৰিচয় দি এই দুষ্কাৰ্য সংঘটিত কৰা সকল এতিয়া আৰক্ষীৰ আলহী। ইয়াকে হয়তো কয় কৰ্মফল। তাৰ মাজতো নিজক বচাবলৈ আৰক্ষী বিষয়া, জ্যেষ্ঠ সাংবাদিকৰ নাম লৈ তেওঁলোকে বিষয়টোৰ দৃষ্টিকোন আনফালে নিবলৈও চেষ্টা অব্যাহত ৰাখিছে।

কেতিয়াবা সময়ে সংগ নিদিলে, ভাগ্য বেয়া থাকিলে বহু ওখ দেৱালৰ ভিতৰত সংঘটিত কৰা অপৰাধো পোহৰলৈ আহে। উন্মোচিত হয় সত্য। গ্লানি আৰু সমালোচনাৰ জোৱাৰে তেওঁলোকৰ গ্লেমাৰৰ পৃথিৱীখন নিমিষতে চাৰখাৰ কৰি পেলায়। তেওঁলোকক দলিয়াই দিয়ে সেই কঠোৰ সময়ে নৰ্দমাৰ বোকালৈ।

সেই নৰ্দমাৰ লেতেৰাই গা গোন্ধোৱাৰ পাছতো বাস্তৱক উপলব্ধি কৰিব নোৱাৰি। উচ্চ বাক্যৰে নিজৰ আধিপত্য় প্ৰতিষ্ঠা কৰিব বিচৰাতো এক বাতুলামি। এয়া হৈ পৰে ছাৰ্কাচ সদৃশ। মেকআপৰ বস্তু বিচৰা,আঠুৱা, নতুন বেডকভাৰ ,জুচ, ভাল হোটেলৰ খাদ্য আদি এনে ক্ষণত কোনোবাই বিচৰা কাৰ্যক সেই ছাৰ্কাচৰে অংশ বুলিব পাৰি।

মানুহে প্ৰচণ্ড ঘৃণাত নাক কোচাইছে। সেই ঘৃণাৰ অংশ বিশেষ তেওঁলোকৰ কাষত থকা ক্ষমতাবান সকলৰ গালৈও চিটিকি পৰিছে। এচাম সম্ভান্ত শ্ৰেণীৰ লোকবোৰৰ পোহৰত জিলিকি উঠিছে। তেওঁলোকক মানুহে দেখি নিশ্বাস আৰু হুমুনিয়াহ এৰি কৈছে- এই সকলৰো সংগ তেওঁলোকৰ লগত।

উপযুক্ত শাস্তিৰ প্ৰতীক্ষাত সকলো। ক্ষমাৰ অযোগ্য় তেওঁলোক। বিকৃত মানসিকতাৰ চূড়ান্ত প্ৰতিফলন তেওঁলোকৰ কাণ্ড। সাধাৰণতে কোৱা হয় নাৰী মমতাময়ী। তেওঁলোকৰো গাত হয়তো এই গুণ নাই।

দুটাকৈ গোচৰ ৰুজু হৈছে তেওঁলোকৰ বিৰুদ্ধে। যিমান খিনিলৈকে ক'ব পাৰি সিমানখিনিলৈকে কোৱা হৈছে বুলি আৰক্ষীয়েও স্বীকাৰ কৰিছে সভ্য লোকে এই কথাবোৰ মুকলিকৈ কোৱাতো অসুবিধা আছে।

দুটাকৈ মেডিকেল ৰিপোৰ্ট উন্মোচিত হৈছে চিকিৎসক দম্পত্তীৰ বৰ্বৰ কাহিনী। বাকী এতিয়া আইনৰ হাতত। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত অভিজাত বুলি গোপতে গংগাটোপ হৈ থকা লোকসকলকো নিজৰ কৰ্মকাণ্ডক লৈ সজাগ সচেতন হোৱাৰ এক সকীয়নি নিশ্চয় সময়ে দিলে।

ভাৱিছিল- আছে ছাৰ, সাহস কাৰ?
ৰাজতন্ত্ৰ ! কেতিয়াবা পৰিব নে অন্ত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in