তিনিচুকীয়াৰ ধৰ্ষণকাৰী বিজেপি নেতা পলাতকঃ জিপি সিঙে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে সবিশেষ তথ্য....

তিনিচুকীয়াৰ ধৰ্ষণকাৰী বিজেপি নেতা পলাতকঃ জিপি সিঙে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে সবিশেষ তথ্য....

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াৰ ধৰ্ষণকাৰী বিজেপি নেতা পলাতকঃ জিপি সিঙে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে সবিশেষ তথ্য....

তিনিচুকীয়াৰ ধৰ্ষণকাৰী বিজেপি নেতা পলাতকঃ জিপি সিঙে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে সবিশেষ তথ্য....

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ বৰডুবিৰ বিজেপি নেতাৰ ধৰ্ষণকাণ্ড সন্দৰ্ভত ২১ মাৰ্চতেই গোচৰ ৰুজু হৈছিল বৰডুবি আৰক্ষী থানাত। টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

Advertisment

অৱশ্যে ২১ মাৰ্চত গোচৰ ৰুজু হৈছিল যদিও ঘটনাৰ ২ মাহ হোৱাৰ সময়তো আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল ধৰ্ষণৰ দৰে জঘণ্য কাণ্ডত অভিযুক্ত বিজেপি নেতা সমুন্দ্ৰে ৰায়ক। টুইটাৰৰ জৰিয়তে জি পি সিঙে প্ৰকাশ কৰা অনুসৰি বৰডুবিৰ ধৰ্ষণকাণ্ডৰ অভিযুক্ত সমুন্দ্ৰে ৰায়ৰ বিৰুদ্ধে আই পি চিৰ ধাৰা C/N 39/2023, U/S 376 (3)/ 506 আৰু POCSO আইনৰ ছেকচন ০৪ ৰ আধাৰতো গোচৰ ৰুজু কৰা হৈছে।

তেওঁ উল্লেখ কৰা অনুসৰি ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তিনিচুকীয়া আৰক্ষীয়ে অসম আৰু চুবুৰীয়া আন আন ৰাজ্যত ধৰ্ষণৰ অভিযোগত অভিযুক্ত সমুন্দ্ৰে ৰায়ৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

আনহাতে ২০ মাৰ্চত এই ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পাছত সমুন্দ্ৰে ৰায়ে পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালক বিভিন্ন ভয়, ভাবুকিৰে যি ভিতী প্ৰদৰ্শন কৰি আহিছিল আৰু যাৰ পৰিণতিত ভুক্তভোগীৰ মাতৃয়ে আত্মহত্যাৰ পথ বাছি লৈছিল সেই ঘটনাৰ সন্দৰ্ভতো এক গোচৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে।

উল্লেখ্য ২০ মাৰ্চত সংঘটিত হোৱা এই ধৰ্ষণকাণ্ড সন্দৰ্ভত ২১ মাৰ্চতে পৰিয়ালৰ লোকে বৰডুবি আৰক্ষী থানাত গোচৰ দিছিল যদিও এই পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তৰ কৰায়ত্ত কৰা নাই। বৰঞ্চ বিজেপি নেতা হোৱাৰ বাবেই তেওঁ ক্ষমতাৰ ৰাগীত মাতাল হৈ ভুক্তভোগীৰ পৰিয়ালকে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

যাৰ বাবে ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ প্ৰায় ২৪ দিনৰ পাছত ভুক্তভোগীৰ মাতৃয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। ইফালে স্থানীয় লোকে এই ঘটনাৰ উচিত তদন্ত আৰু দোষীৰ শাস্তিৰ দাবীৰে প্ৰতিবাদ কৰি আহিছিল যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

আজি ভুক্তভোগী পৰিয়ালৰ ৫ সদস্য আৰু আম আদমী পাৰ্টীৰ প্ৰায় শতাধিক কৰ্মীয়ে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ পৰা ডিজিপি অফিচলৈ সমদল কৰি গৈ এই ঘটনা সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰিবলৈ বিচাৰিছিল যদিও অসম আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালৰ সদস্যৰ সৈতে আম আদমি পাৰ্টীৰ কৰ্মীসকলক আটক কৰি চোচৰাই গাড়ীত উঠাই লৈ যায় আৰু চচলত আৱদ্ধ কৰি ৰাখে।

Also Read: তিনিচুকীয়া ধৰ্ষণকাণ্ডঃ ন্যায় বিচাৰি অহা ভুক্তভোগী পৰিয়ালৰ সদস্যক 'আপ' কৰ্মীৰ সৈতে চোচৰাই নিলে আৰক্ষীয়ে...

Also Read: হিতাধিকাৰী আঁচনিয়েই অসমত পতন আনিব বিজেপিৰ !

তিনিচুকীয়াৰ ধৰ্ষণকাণ্ড জি পি সিং