সফলতাৰে শেষ হ'ল তৃতীয় খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছঃ ১ টা পদকেৰে ৬৪ নং স্থানত কটন...

সফলতাৰে শেষ হ'ল তৃতীয় খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছঃ ১ টা পদকেৰে ৬৪ নং স্থানত কটন...

author-image
Asomiya Pratidin
New Update
সফলতাৰে শেষ হ'ল তৃতীয় খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছঃ ১ টা পদকেৰে ৬৪ নং স্থানত কটন...

ডিজিটেল ডেস্কঃ সফলতাৰে সামৰণি পৰিল তৃতীয় খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা। মুঠ ২১ বিধ খেলেৰে বেনাৰসত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৪ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই খেলুৱৈসকলৰ ভিতৰত আছিল কেইবাজনো তাৰকা খেলুৱৈ।

Advertisment

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি অসমৰো কেইবাজনো খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে। শ্বুটিঙৰ জৰিয়তে ইতিমধ্যে বিশ্বজুৰি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ শ্বুটাৰ হৃদয় হাজৰিকাই এই প্ৰতিযোগিতাখনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

হৃদয় হাজৰিকাৰ উপৰিও প্ৰতিযোগিতাৰ অন্তিম দিনটোত ফেন্সিং খেলুৱৈ ছুমি দত্তই সোণৰ পদক লাভ কৰিছে। অৱশ্য তেওঁ পঞ্জাৱৰ অমৃতসৰৰ গুৰনানক দেৱ বিশ্ববিদ্যালয়কহে প্ৰতিনিধিত্ব কৰি এই সফলতা আহৰণ কৰিছে।

তিনিচুকীয়া জিলাৰ এই প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে প্ৰথমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও তেওঁ সেই সুযোগ, সুবিধা লাভ নকৰিলে। সেয়ে তেওঁ পঞ্জাৱৰ এই গুৰুনানক দেৱ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ লাভ কৰাত সেই বিশ্ববিদ্যালয়ৰ পৰা সকলো সুবিধা লাভেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু সফলতা অৰ্জন কৰে।

উল্লেখ্য যে সদ্য সমাপ্ত প্ৰতিযোগিতাখনত পদক তালিকাৰ শীৰ্ষত থাকে পঞ্জাৱ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে ২৬ টা সোণ, ১৭ টা ৰূপ আৰু ২৬ টা ব্ৰঞ্জৰ সহায়ত মুঠ ৬৯ টা পদক অৰ্জন কৰে।

পদক তালিকাৰ দ্বিতীয় স্থানত আছে পঞ্জাৱৰে গুৰুনানক দেৱ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে লাভ কৰিছে ২৪ টা সোণ, ২৭ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক। তৃতীয় স্থানত থকা কৰ্ণাটকৰ জৈন বিশ্ববিদ্যালয়ে ১৬ টা সোণ, ১০ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে কটন বিশ্ববিদ্যালয়ে এটা পদকেৰে তালিকাৰ ৬৪ সংখ্যক স্থানত থাকে।

Also Read: 'প্লাষ্টিক প্ৰদূষণ' এক মহামাৰী...

খেল' ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ