চখ পূৰণৰ বাবে ৮ মহীয়া সন্তানক বিক্ৰী

চখ পূৰণৰ বাবে ৮ মহীয়া সন্তানক বিক্ৰী

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ মুখত ক'লাকাপোৰ বান্ধি যুৱতী কৰ্মচাৰীক ধৰ্ষণ

ডিজিটেল ডেস্ক : ভোকত মৰে নে চখত ! সস্তীয়া জনপ্ৰিয়তাৰ বাবে জীৱ শ্ৰেষ্ঠ মানৱ কিমান তললৈ যাব পাৰে, তাৰ এক ঘটনা পোহৰলৈ আহিছে। ইনষ্টাগ্ৰামত ৰীল বনাবলৈ আইফোন ক্ৰয়ৰ বাবে বিক্ৰী কৰিলে ৮ মহীয়া সন্তানক।

Advertisment

এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। ৰাজ্যখনৰ পৰগনা নামৰ জিলাৰ দম্পতীয়ে এটি পুত্ৰ সন্তানক এগৰাকী মহিলাৰ ওচৰত ২ লাখ টকাত বিক্ৰী কৰি দিয়ে। জানিব পৰা মতে, সন্তান বিক্ৰী কৰি পোৱা টকাৰে দম্পতীয়ে ঘূৰি-ফুৰি আইফোন ক্ৰয় কৰে।

অৱশ্যে এই ঘটনা পোহৰলৈ অহাৰ পিচত সন্তানটিৰ পিতৃ পলাতক অৱস্থাত যদিও মাতৃ আৰু ক্ৰেতাৰূপী মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইফালে বিক্ৰী কৰা সন্তানটিক আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

Also Read: নিশা কচুৱাৰ বিৰিঙাআটিত আৰক্ষীৰ অভিযান : ড্ৰাগছসহ হেৰ'ইন জব্দ

west bengal crime