/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2289052b-fd04-45c8-8f66-d557a8bd360d/rr.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ বহুতো জৰুৰী বিষয়ৰ ওপৰত বিশ্বৰ নেতাসকলে আলোচনা চলাই থকা দুদিনীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে দেওবাৰে তেওঁৰ পত্নী অক্ষতা মূৰ্তিৰ সৈতে দিল্লীৰ অক্ষৰধাম মন্দিৰ পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7d22b34e-2b4c-46ce-b826-87df2483b1ed/ea814aff_ca62_46c1_9c37_5e089d448874.jpg)
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এইটোৱেই হৈছে ঋষি ছুনাকৰ প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকীৰ উপস্থিতিৰ বাবে অক্ষৰধাম মন্দিৰৰ ভিতৰত আৰু আশে-পাশে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/daab2be3-dcaa-49a2-a294-e53d381c5d00/55d89e54_552b_49f9_926b_de948f95c0ec.jpg)
অক্ষৰধাম মন্দিৰত সেৱা আগবঢ়োৱাৰ পিছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকী আন প্ৰতিনিধিসকলৰ সৈতে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটলৈ ৰাওনা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3f86d45b-1234-42ec-bfdc-19a7dce6b0ef/b6bed86e_c57e_4e98_8f4d_4fd2996cd842.jpg)
নিজৰ হিন্দু শিপাক লৈ গৌৰৱ প্ৰকাশ কৰি ঋষি ছুনাকে শনিবাৰে কৈছিল যে, তেওঁ ভাৰতত মন্দিৰ দৰ্শন কৰাৰ আশা ৰাখিছে। তেওঁ লগতে কয় যে, তেওঁ আৰু পত্নী অক্ষতাই আগতে সঘনাই যোৱা দিল্লীৰ কিছুমান প্ৰিয় ৰেষ্টুৰেণ্ট ভ্ৰমণ কৰাৰো পৰিকল্পনা কৰিছে।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁৰ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি অতিশয় সন্মান আছে আৰু তেওঁ জি-২০ক বিপুল সফলতা লাভ কৰাত প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰিবলৈ আগ্ৰহী।
শনিবাৰে জি-২০ শীৰ্ষ সন্মিলনৰ মাজতেই প্ৰধানমন্ত্ৰী মোদীয়ে ঋষি ছুনাকক সাক্ষাৎ কৰি বাণিজ্যিক সংযোগ গভীৰ আৰু বিনিয়োগ বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে।
উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহত হিৰোচিমাত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ মাজতে অনুষ্ঠিত হোৱা বৈঠকত দুয়োগৰাকী নেতাৰ মাজত আলোচনা হৈছিল। য’ত তেওঁলোকে ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি, উদ্ভাৱন আৰু বিজ্ঞানৰ লগতে দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিছিল।