জি-২০ শীৰ্ষ সন্মিলনত বহুতো গুৰুত্বপূৰ্ণ ঘোষণা

জি-২০ শীৰ্ষ সন্মিলনত বহুতো গুৰুত্বপূৰ্ণ ঘোষণা

ডিজিটেল ডেস্কঃ জি-২০ শীৰ্ষ সন্মিলনৰ বাবে নতুন দিল্লীত সমবেত হোৱা বিশ্ব নেতাসকলে প্ৰথম দিনটোত "গোলকীয় আস্থা ঘাটি", জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সমস্যা সমাধানৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ পিছত দ্বিতীয় দিনাও সদস্যসকল বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনাচক্ৰত মিলিত হ’ব।

শীৰ্ষ সন্মিলনৰ প্ৰথম দিনটোত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত আছিল "গোলকীয় আস্থা ঘাটি"ৰ  অন্ত পেলোৱাৰ আহ্বান,  গোলকীয় বায়'ফুৱেল এলায়েন্স আৰম্ভ কৰা  আৰু আমেৰিকা, ভাৰত, চৌদি আৰব, আৰু উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ মাজত নতুন সংযোগ নেটৱৰ্ক আৰম্ভ কৰা।

শীৰ্ষ সন্মিলনৰ প্ৰথম দিনটোতেই জি-২০ৰ সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে 'দিল্লী ঘোষণাপত্ৰ' গ্ৰহণ কৰা হয়।  য’ত শান্তি আৰু স্থিতিশীলতা ৰক্ষাৰ বাবে ৰাষ্ট্ৰসমূহক ভূখণ্ডৰ অখণ্ডতা আৰু আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন বজাই ৰাখিবলৈ আহ্বান জনোৱা হয়।

ঘোষণাপত্ৰত কোৱা হৈছে যে, সকলো ৰাষ্ট্ৰকে ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব, আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন, শান্তি আৰু স্থিতিশীলতা ৰক্ষা কৰা বহুপক্ষীয় ব্যৱস্থাকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিসমূহ ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে।

দেশৰ মুৰব্বীসকলে শীৰ্ষ সন্মিলনত ভাগ নোলোৱা চীন আৰু ৰাছিয়াও ‘দিল্লী ঘোষণা’ৰ সৈতে একমত বুলি জানিব পৰা গৈছে ।

কিন্তু এই ঘোষণাই সকলো ৰাষ্ট্ৰকে ভূখণ্ড দখল কৰিবলৈ বল প্ৰয়োগ নকৰিবলৈ আহ্বান জনোৱাৰ বিপৰীতে ইউক্ৰেইনৰ যুদ্ধৰ বাবে ৰাছিয়াক নিন্দা কৰাটো এৰাই চলিছে। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে এই ঘোষণাক গৌৰৱৰ বিষয় নহয় বুলি উল্লেখ কৰি কয় যে,  ইউক্ৰেইনৰ উপস্থিতিয়েহে জি-২০ শীৰ্ষ সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক প্ৰকৃত পৰিস্থিতিৰ বিষয়ে ভালদৰে বুজিব পাৰিলেহেঁতেন।

জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত সদস্যসকলে লগতে কয় যে, তেওঁলোকে ২০৩০ চনৰ ভিতৰত বিশ্বৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতা তিনিগুণ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিব আৰু ৰাষ্ট্ৰীয় পৰিস্থিতিৰ সৈতে সংগতি ৰাখি কয়লা শক্তি পৰ্যায়ক্ৰমে হ্ৰাস কৰাৰ প্ৰচেষ্টা ক্ষিপ্ৰতাৰে কৰিব।

বিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰা আৰু নিৰ্গমনৰ ৮০ শতাংশ অৰিহণা যোগোৱা জি-২০ৰ সদস্যসকলে অৱশ্যে ২০০৯ চনত পিটচবাৰ্গত কৰা অদক্ষ জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্য নিৰ্মূল আৰু যুক্তিসংগত কৰাৰ প্ৰতিশ্ৰুতি পালন কৰিব বুলিও কয়।

এই সন্মিলনতে আফ্ৰিকান ইউনিয়নক জি-২০ৰ নতুন স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। যিয়ে নতুন বিশ্ব ব্যৱস্থাক আগুৱাই নিয়াত সহায়ক হ’ব আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক বিশ্বৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক মতামত প্ৰদান কৰিব পাৰিব।

দ্বিতীয় দিনৰ অধিৱেশনৰ পূৰ্বে প্ৰতিনিধিসকলে দিল্লীৰ মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজঘাট ভ্ৰমণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

নিৰ্ধাৰিত সকলো আলোচনাৰ সামৰণিৰ পিছত দেওবাৰে বিয়লি ২ বজাত বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু জি-২০ শ্বেৰপা অমিতাভ কান্তে সংবাদ মাধ্যমক সম্বোধন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in