১৪,০০০ ফুট উচ্চতাত পথ দুৰ্ঘটনাত আহত ১৩ সেনা জোৱানক উদ্ধাৰ বায়ু সেনাৰ

বুধবাৰে ছিকিমত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰায় ১৪,০০০ ফুট উচ্চতাত সংঘটিত এই দুৰ্ঘটনাত ১৩ জন সেনা জোৱান আহত হয়।

author-image
Asomiya Pratidin
New Update
১৪,০০০ ফুট উচ্চতাত পথ দুৰ্ঘটনাত আহত ১৩ সেনা জোৱানক উদ্ধাৰ বায়ু সেনাৰ

ডিজিটেল ডেস্কঃ বুধবাৰে ছিকিমত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰায় ১৪,০০০ ফুট উচ্চতাত সংঘটিত এই দুৰ্ঘটনাত ১৩ জন সেনা জোৱান আহত হয়।

Advertisment

ছিকিমত ভয়ংকৰ দুৰ্ঘটনাত আহত ১৩ জনকৈ সেনা জোৱানক উদ্ধাৰ কৰে বায়ু সেনাই। আই এ এফে জনাই যে বুধবাৰে উত্তৰ ছিকিমৰ এটা পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাত পতিত হোৱা ১৩ জন সেনা জোৱানক উদ্ধাৰ কৰে।

দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পাছত সেনা জোৱানসকলক উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰসমূহ মোতায়েন কৰিছিল এআইএফে। প্ৰায় ১৪,০০০ ফুট উচ্চতাত থকা অঞ্চলটোৰ পৰা সেনা জোৱানসকলক উদ্ধাৰ কৰিছিল এআইএফে। বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।

Also Read: ব্ৰহ্মপুত্ৰত উদ্ধাৰ দুটাকৈ মৃতদেহ, মৃত্যুৰ কাৰণ অজ্ঞাত...