ব্ৰহ্মপুত্ৰত উদ্ধাৰ দুটাকৈ মৃতদেহ, মৃত্যুৰ কাৰণ অজ্ঞাত...

মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ। বুধবাৰে গুৱাহাটীৰ (জালুকবাৰী) ব্রহ্মপুত্র নদীত উদ্ধাৰ হয় মৃতদেহ দুটা

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰত উদ্ধাৰ দুটাকৈ মৃতদেহ, মৃত্যুৰ কাৰণ অজ্ঞাত...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ। বুধবাৰে গুৱাহাটীৰ (জালুকবাৰী) ব্রহ্মপুত্র নদীত উদ্ধাৰ হয় মৃতদেহ দুটা। ইয়াৰে এজন যুৱক আৰু আন গৰাকী মহিলা।

Advertisment

নদী আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো ডিব্রুগড়ৰ আকাশ দাস বুলি জানিব পৰা গৈছে। ১৪ এপ্রিলৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন। ইয়াৰ পাছতে আজি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই কিছু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে সন্ধিয়া আন এগৰাকী ৭০ ঊৰ্ধ্বৰ মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে নদী আৰক্ষীয়ে। মহিলাগৰাকী হাজোৰ জয়মতী মহন্ত বুলি চিনাক্ত হৈছে। নদী আৰক্ষীয়ে দুয়োটা মৃতদেহ ইতিমধ্যে প্রেৰণ কৰিছে GMCHলৈ।

অৱশ্যে কেনেকৈ মৃত্যু হ'ল যুৱক জন আৰু মহিলা গৰাকীৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃত্যু ৰহস্য।

Also Read: বিদ্যুতৰ খুটাত খুন্দা তীব্রবেগী বাহনৰ, থিতাতে প্ৰাণ গ'ল এজনৰ...