''আপ আৰু বিজেপিৰ আছে গোপন মিত্ৰতা''

দেশৰ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰিছে আগন্তুক সাধাৰণ নিৰ্বাচনক লৈ। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী দল সমূহ একগোট হোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু আপৰ মাজত বৃদ্ধি পাইছে যুঁঁজ।

author-image
Asomiya Pratidin
New Update
''আপ আৰু বিজেপিৰ আছে গোপন মিত্ৰতা''

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰিছে আগন্তুক সাধাৰণ নিৰ্বাচনক লৈ। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী দল সমূহ একগোট হোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু আপৰ মাজত বৃদ্ধি পাইছে যুঁঁজ।

Advertisment

দুয়োটা দলে পৰস্পৰক তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰা পৰিলক্ষিত হয়। দেওবাৰেও কংগ্ৰেছৰ অজয় মাকনে আম আদমী পাৰ্টিক তীব্ৰ সমালোচনা কৰি মন্তব্য কৰে। তেওঁ কয় যে, কেজৰিৱালৰ ৰাজনৈতিক কৌশলে বহুতক আচৰিত কৰি তুলিছে। ইয়াৰ কাৰণ এটাই যে দুৰ্নীতিৰ অভিযোগত তেওঁ জেলত যোৱাৰ পৰা নিজকে বচাই ৰাখিব বিচাৰে। ইতিমধ্যেই তেওঁৰ দুই সহকৰ্মী কাৰাগাৰত আছে।

তেওঁ কয় যে, বিৰোধী ঐক্যৰ ওপৰত কেজৰিৱালে যি বক্তব্য কৰিছে তেওঁ সেয়া ইচ্ছাকৃত ভাৱে কৰিছে। বিজেপিৰ সৈতে তেওঁৰ সেয়া ৰাজনৈতিক দৰদাম। উল্লেখ্য যে, পাটনাত অনুষ্ঠিত বিৰোধীৰ বৈঠকত কেজৰিৱালে স্পষ্টকৈ কৈছিল যে কংগ্ৰেছে অধ্যাদেশৰ বিষয়ত নিজৰ স্থিতি স্পষ্ট নকৰালৈকে বিৰোধী ঐক্যৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। ইয়াতে উল্লেখ কৰিব লাগিব যে অধ্যাদেশ সম্পৰ্কত কংগ্ৰেছৰ সহায় বিচাৰিছিল আপে।

ইয়াৰ পাছতে কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজয় মাকনে কয় যে, "সংসদ, দিল্লী বিধানসভা বা আন ঠাইত আপৰ পূৰ্বৰ কাৰ্যকলাপে প্ৰমাণ কৰিছে যে বিজেপিৰ আপৰ গোপন মিত্ৰতা আছে। বিজেপিক সহায় কৰিবলৈ আৰু কংগ্ৰেছৰ ক্ষতি কৰিবলৈ আপে কেইবাখনো ৰাজ্যত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দুৰ্নীতিৰ ধন ব্যৱহাৰ কৰি আছে। ইয়াৰোপৰি দিল্লীৰ মুখ্যমন্ত্ৰীক বিশ্বাসঘাতক বুলি কয় তেওঁ।

যি সময়ত বিৰোধী একগোট হৈ আছে সেই সময়ত দল দুটাৰ এনে সংঘাতে বহু প্ৰশ্ন উত্থাপন কৰে। ২০২৪ চনৰ নিৰ্বাচনত বিজেপি প্ৰতিহত কৰিব বুলি পণ বন্ধা বিৰোধীয়ে নিজৰ স্থিতি কিমান সৱল কৰি ৰাখিব পাৰিব সেয়া লক্ষণীয় হ'ব।

Also Read: মণিপুৰত হিংসাঃ ৩০ জুনলৈ বৃদ্ধি ইন্টাৰনেট সেৱাৰ নিষেধাজ্ঞা

bjp aap congress