মণিপুৰত হিংসাঃ ৩০ জুনলৈ বৃদ্ধি ইন্টাৰনেট সেৱাৰ নিষেধাজ্ঞা

মণিপুৰৰ হিংসাৰ জুই এতিয়াও নুমুওৱা নাই। ইয়াৰ মাজতে দেওবাৰে মণিপুৰ প্ৰশাসনে পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট নিষেধাজ্ঞাৰ সময়

author-image
Asomiya Pratidin
New Update
মণিপুৰত হিংসাঃ ৩০ জুনলৈ বৃদ্ধি ইন্টাৰনেট সেৱাৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাৰ জুই এতিয়াও নুমুওৱা নাই। ইয়াৰ মাজতে দেওবাৰে মণিপুৰ প্ৰশাসনে পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট নিষেধাজ্ঞাৰ সময়সীমা। প্ৰশাসনে ৩০ জুনলৈ ৰাজ্যখনত ইন্টাৰনেট নিষেধাজ্ঞা কৰাৰ নিৰ্দেশ জাৰি কৰে।

Advertisment

এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, ৰাজ্যখনত ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা ৩০ জুনৰ আবেলি ৩ বজালৈ বৃদ্ধি কৰা হৈছে। মণিপুৰত শান্তি আৰু ৰাজহুৱা শৃংখলা বৰ্তাই ৰখাত কোনো বিভ্ৰান্তিকৰ খবৰ যাতে বিয়পি নপৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যখনত মোবাইল ইন্টাৰনেট সেৱাও বন্ধ কৰা হৈছে।

উল্লেখ্য যে, মণিপুৰত সৃষ্টি হোৱাৰ হিংসাৰ ওপৰত লক্ষ্য ৰাখি ৩ মে'ৰ পৰা ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত আছে। চৰকাৰে ১১ জুনৰ পৰা ১৫ জুনলৈ আৰু তাৰ পিছত পুনৰ পাঁচ দিনৰ বাবে ২০ জুনৰ পৰা ২৫ জুনলৈ নিষেধাজ্ঞা বৃদ্ধি কৰিছিল।ইয়াৰ পাছতে আজি পুনৰ ৫ দিনৰ বাবে বৃদ্ধি কৰে সময়সীমা।

মণিপুৰৰ জাতিগত সংঘৰ্ষই এমাহ অতিক্ৰম কৰিলে। কিন্তু এই পৰ্যন্ত ওলোৱা নাই কোনো সমাধান। হিংসাৰ মাজতে ৰাজ্যখন ভ্ৰমণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পাছত কিছুদিন শান্তিৰ পৰিৱেশ আহিছিল যদিও পুনৰ হিংসাত্মক কাৰ্যকালাপ বৃদ্ধি পাবলৈ ধৰে। দেওবাৰে পুনৰ শ্বাহক সাক্ষাৎ কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। গতিকে পৰৱৰ্তী সময়ত ৰাজ্যখনৰ পৰিস্থিতি কোন দিশলৈ গতি কৰে সেয়া হ'ব লক্ষণীয়।

Also Read: মায়ঙৰ মুৰবৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

manipur internet