দুর্গা পূজাত পুৰস্কাৰ ঘোষণাৰে "যাদু ৰাইড"ৰ চেক বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান

দুর্গা পূজাত পুৰস্কাৰ ঘোষণাৰে "যাদু ৰাইড"ৰ চেক বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
দুর্গা পূজাত পুৰস্কাৰ ঘোষণাৰে "যাদু ৰাইড"ৰ চেক বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল ডেস্কঃ মঙলবাৰে অসমৰ থলুৱা কেব প্ৰতিষ্ঠান "যাদু ৰাইড"য়ে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰে এখনি সংবাদমেল। সংবাদমেলত প্ৰতিষ্ঠানটোৱে বিগত সময়ত প্ৰতিষ্ঠানটোৰ জৰিয়তে স্বাৱলম্বী হোৱা চালকক সম্বৰ্ধনা জনোৱাৰ উপৰি শাৰদীয় দুৰ্গা পূজা উপলক্ষে আগবঢ়োৱা আকৰ্ষণীয় উপহাৰৰ কথা জানিবলৈ দিয়ে।

Advertisment

এই সংবাদমেলতেই প্ৰতিষ্ঠানটোৱে চালক তথা সাথীৰ মাজত চেক বিতৰণ আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বিগত ডেৰ মাহত সর্বোচ্চ ভাড়া মৰা চালক দিপু শ‍ইকীয়াক ২৫,০০০ টকাৰ চেক প্ৰদান কৰা হয়। বিগত ডেৰ মাহত ০% কমিচট ব্যৱস্থাত দিপু শ‍ইকীয়া নামৰ চালকজনে প্রায় ১ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই।

ইয়াৰ উপৰি যাদু ৰাইড প্রতিষ্ঠানৰ সৈতে জড়িত ২য় আৰু ৩য় সর্বোচ্চ চালক ক্রমে জয়ন্ত দাস আৰু ভবেশ দাসক বিশেষ ভাবে সম্বর্ধনা জনোৱা হয়। লগতে যাদু ৰাইড প্ৰতিষ্ঠানৰ সাথী অঞ্জন কলিতা, অৰূপ কাকতি, মুন আহমেদক চেক প্রদান কৰে। তদুপৰি মহিলা সাথী দুলুমণি কলিতাকো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই সম্বর্ধনা জনোৱাৰ ব্যৱস্থা কৰিছিল যদিও সাথীগৰাকীৰ অনুপস্থিতিৰ বাবে সম্বৰ্ধনা জনোৱা নহয়।

ইপিনে আগন্তুক শাৰদীয় দূর্গা পূজাক লৈ চালক সমাজৰ বাবে আকর্ষণীয় পুৰস্কাৰ লৈ আহিছে যাদু ৰাইডে। চাৰিচকীয়া বাহনে ৪৫০ টা ৰাইড সম্পূৰ্ণ কৰিলে, দুচকীয়া বাহনে ৫০০ টা বাইড সম্পূৰ্ণ কৰিলে, বিলাসী বাহনত আউট ষ্টেচনৰ ৰাইড ১০,০০০ কিলোমিটাৰ সম্পূৰ্ণ কৰিলে শীর্ষক ১০ গৰাকী চালকক উপহাৰ আগবঢ়োৱা হ'ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। এই উপহাৰত ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, এল ই ডি টিভি, ইনভাৰ্টাৰ, ডিনাৰ ছেট, ইনডাকশ্যন, বাইছ কুকাৰ ইত্যাদি ভিন্ন ধৰণৰ সামগ্ৰী থাকিব।

তদুপৰি ২০২৪ চনৰ ৩০ এপ্ৰিলৰ ভিতৰত ২৫০০ ৰাইড সম্পূৰ্ণ কৰা আৰু ৪ টা ষ্টাৰ ৰেটিং ধৰি ৰাখিবলৈ সক্ষম হোৱা চলকজনে চৰ্ত অনুসৰি এখন হোণ্ডা এক্টভা নতুবা ১লাখ টকা পুৰস্কাৰ পাব বুলিও সংবাদমেলত জনাই যাদু ৰাইডৰ জনসম্পৰ্কৰক্ষী বিষয়া নৱজ্যোতি কলিতাই। উল্লেখ্য যে, সংবাদমেলত উপস্থিত থাকে যাদু ৰাইডৰ মুখ্য সঞ্চালক তপন জ্যোতি ভূঞা, সঞ্চালিকা অপৰাজিতা দত্ত ভূঞাৰ লগতে প্ৰতিষ্ঠানটোৰ কেইবাজনো বিষয়ববীয়া।

Also Read: নেফিটৰ চতুৰ্থ এছিয়ান কেৰা ৰেলীঃ ভূটান, নেপাল, বাংলাদেশক সামৰি BIBN FRIENDSHIP CAR RALLY-2023

guwahati press club