নেফিটৰ চতুৰ্থ এছিয়ান কেৰা ৰেলীঃ ভূটান, নেপাল, বাংলাদেশক সামৰি BIBN FRIENDSHIP CAR RALLY-2023

নেফিটৰ চতুৰ্থ এছিয়ান কেৰা ৰেলীঃ ভূটান, নেপাল, বাংলাদেশক সামৰি BIBN FRIENDSHIP CAR RALLY-2023
নেফিটৰ চতুৰ্থ এছিয়ান কেৰা ৰেলীঃ ভূটান, নেপাল, বাংলাদেশক সামৰি BIBN FRIENDSHIP CAR RALLY-2023

ডিজিটেল সংবাদ গুৱাহাটীঃ দক্ষিণ পূব এছিয়াৰ সৈতে যোগাযোগ ব্যবস্থা সূচল কৰি তোলাৰ লগতে এই দেশসমূহৰ সৈতে বাণিজ্য, পর্যটন, সংস্কৃতি আদি খণ্ডত উত্তৰ পূব ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে নর্থ ইষ্ট ফেডাৰেচন অন ইন্টাৰনেচনেল ট্রেড সংগঠনে (চমুকৈ NEFIT) চতুর্থ বাৰৰ বাবে আয়োজন কৰিছে এছিয়ান কাৰ ৰেলী। ভূটান, নেপাল, বাংলাদেশ সামৰি আয়োজন কৰা এই কাৰ ৰেলী এইবাৰ নামাকৰণ কৰা হৈছে BIBN FRIENDSHIP CAR RALLY 2023 বুলি।

অহা ২৮ ছেপ্টেম্বৰত গুৱাহাটী নেহৰু ষ্টেডিয়ামত পুৱা ৭ বজাত ফ্লেগ অফ হ'বলগীয়া এই কাৰ ৰেলী গুৱাহীৰ পৰা গেলেংফুৰ দাদগিৰি ভূ-বন্দৰেদি ভূটানত প্ৰবেশ কৰিব। তাৰ পৰা ভূটানৰ ৰাজধানী থিম্পু ফুন্টচিলিং হৈ জয়গাওঁ ভূ-বন্দৰেদি ৩০ ছেপ্টেম্বৰত ভাৰতত প্ৰবেশ কৰিব।

১ অক্টোবৰৰ পুৱা এই কাৰ ৰেলী শিলিগুৰিৰ পৰা নেপালৰ কাকৰবিট্টাৰ পানী টেংকি ভূ - বন্দৰেদি নেপালত সোমাব। তাৰ পৰা মিথিলা হৈ কাঠমাণ্ডু পাবগৈ এই BIBN কাৰ ৰেলী। নেপাল পৰিক্ৰমা সামৰি অহা ৬ অক্টোবৰত গাড়ীসমূহ শিলিগুৰিত উপস্থিত হ'বহি।

৭ অক্টোবৰত এই কাৰ ৰেলী তুৰা হৈ বাংলাদেশত প্ৰৱেশ কৰিব। বাংলাদেশত ময়মন চিং ৰাজধানী ঢাকাত উপস্থিত হ'বগৈ নেফিটৰ দলটো। তাৰ পৰা উভতি ছিলেট হৈ আহি ৯ অক্টোবৰৰ দিনা সন্ধিয়া কাৰ ৰেলীৰ ফ্লোডাউন চেৰেমনী গুৱাহাটীত অনুষ্ঠিত হ'ব। যাত্রা কালায় নেফিটৰ এই আন্তর্জাতিক কাৰ ৰেলীয়ে প্ৰায় ৩,০০০ কিলোমিটাৰ পথ পৰিক্ৰমা কৰিব।

এই যাত্রাকালত ভূটান, নেপাল আৰু বাংলাদেশৰ কেইবাখনো চেম্বৰ্ছ অফ কমাৰ্চৰ সৈতে নেফিটৰ প্ৰতিনিধি দলৰ মাজত আন্তর্জাতিক সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। ইয়াৰ পূৰ্বে ২০১৮ চনত নেফিট সংগঠনে গুৱাহাটীৰ পৰা ম্যানমাৰ - থাইলেণ্ড হৈ লাওচৰ ৰাজধানী ভিয়েনতিয়েন আৰু তাৰ পৰা গুৱাহাটীলৈ এছিয়ান কাৰ ৰেলী অনুষ্ঠিত কৰিছিল।

তাৰোপৰি ২০১২ আৰু ২০১৬ চনতো গুৱাহাটীৰ পৰা বেংককলৈয়ো এছিয়ান কাৰ ৰেলীৰ আয়োজন কৰিছিল। নেফিট সংগঠনে দীর্ঘ দিন ধৰি দক্ষিণ পূব এছিয়াৰে উত্তৰ পূব ভাৰতৰ যোগাযোগ ব্যৱস্থাৰ সূচনা কৰাৰ বাবে কাম কৰি আহিছে। সেই মর্মে বিভিন্ন দেশৰ বাণিজ্যিক সংগঠনৰ সৈতে বুজাবুজিৰ চুক্তি সম্পাদন কৰি উত্তৰ পূবৰ উদ্যোগীসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াসৰে কাম কৰি গৈছে।

নেফিটৰ এইবাৰৰ BIBN আন্তর্জাতিক কাৰ ৰেলীৰ নেতৃত্বত থাকিব গুৱাহাটী IIT ৰ অৱসৰপ্ৰাপ্ত দিন অধ্যাপক ড° অনুপ গগৈ আৰু নেফিটৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱা কাৰ ৰেলীৰ টেকনিকেল কোঅৰ্ডিনেটৰৰ দায়িত্বত ৰবি আগৰৱাল আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে হিতেন হাটখোৱা।

কাৰ ৰেলী সুচাৰু ৰূপে সম্পন্ন কৰাৰ বাবে নেফিটক আর্থিক সহায় আগবঢ়োৱাৰ বাবে Doner মন্ত্ৰালয় আৰু উত্তৰ পূব পৰিষদক বিশেষ ধন্যবাদ জনাইছে। এইবাৰৰ কাৰ ৰেলীৰ বাবে যাবতীয় অনুমতি দিয়াৰ লগতে বিভিন্ন দিশত সহযোগিতা আগবঢ়োৱাৰ বাবে নেফিট সংগঠনে ভাৰত চৰকাৰৰ বিদেশ পৰিক্ৰমা মন্ত্রালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, অসম চৰকাৰ, মেঘালয় চৰকাৰ, পশ্চিম বংগ চৰকাৰৰ লগতে ভূটান - নেপাল বাংলাদেশ চৰকাৰৰ শলাগ লৈছে।

নেফিটৰ চতুৰ্থ এছিয়ান কেৰা ৰেলীঃ ভূটান, নেপাল, বাংলাদেশক সামৰি BIBN FRIENDSHIP CAR RALLY-2023
নামঘৰত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in