/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a6a25bd8-f1d5-4ed8-80b7-ac7720ce982b/boxing.jpg)
ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনস্থ জিলা মহিলা সৱলীকৰণ হাব আৰু জিলা ক্ৰীড়া বিভাগৰ সহযোগত শুকুৰবাৰে চিদলী- কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হয় । বেটি বচাও - বেটি পঢ়াও অধীনত আয়োজিত এই জুনিয়ৰ আৰু ছাব জুনিয়ৰ মহিলা বক্সিং প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠান আৰু বক্সিং ক্লাৱৰ ৭০ গৰাকী মহিলা বক্সিং খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f6a11e39-2849-41c6-8081-fbd546a0922a/995264b9_bc64_471d_9f7a_3b5753224ad6.jpg)
মহিলা সৱলীকৰণ কৰাৰ লক্ষ্যৰেই এই মহিলা বক্সিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু এনেধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে নতুন প্ৰতিভাৰ বিকাশ ঘটিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে । আজিৰ এই মহিলা বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খেলুৱৈসকলেও সন্তুষ্টি প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7ae3800d-52e5-4818-b6af-5c1a7c5c4b9d/0575c076_3a2f_4f0b_8893_7be004abbde0.jpg)
লগতে উল্লেখ কৰে যে অনাগত দিনত এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে এই অঞ্চলৰ নতুন খেলুৱৈসকলে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব। আনহাতে উপস্থিত খেলুৱৈসকলৰ উপৰি অভিভাৱকসকলে আগলৈ এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি যাবলৈ উদ্যোক্তাসকলক অনুৰোধ জনায় ।
Also Read: অপৰূপ সৌন্দৰ্যৰ আকৰ প্যাগডা ফুল