ছয়দুৱাৰ মহাবিদ্যালয়ত "আৰ্কিঅ’লজি অৱ দ্যা নৰ্দান বেঙ্ক অৱ আপাৰ ব্ৰহ্মপুত্ৰ ভেলী" উন্মোচন

ড° স্বপ্না কাকতিৰ দ্বাৰা ৰচিত “ আৰ্কিঅ’লজি অৱ দ্যা নৰ্দান বেঙ্ক অৱ আপাৰ ব্ৰহ্মপুত্ৰ ভেলী” নামৰ গ্ৰন্থ খন উন্মোচন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক নিৰোদ বৰুৱাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ghf

ডিজিটেল সংবাদ,গহপুৰ:  গহপুৰ সমজিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়ত (স্বায়ত্ব শাসিত ) শনিবাৰে এখন গম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপিকা তথা আই .কিউ.এ.চি.সমন্বয়ক ড° স্বপ্না কাকতিৰ দ্বাৰা ৰচিত “ আৰ্কিঅ’লজি অৱ দ্যা নৰ্দান বেঙ্ক অৱ আপাৰ ব্ৰহ্মপুত্ৰ ভেলী” নামৰ গ্ৰন্থ খন উন্মোচন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক নিৰোদ বৰুৱাই।

Advertisment

উন্মোচনী ভাষণ প্ৰসংগত উপাচাৰ্য্য গৰাকীয়ে এই গ্ৰন্থৰ দ্বাৰা ইতিহাসৰ গৱেষণাৰ ক্ষেত্ৰত এক নতুন পৃষ্ঠা সংযোজিত হোৱাৰ লগতে এই গ্ৰন্থত সন্নিৱিষ্ট সমল সমূহে ভৱিষ্যত সময়ত ইতিহাসৰ গৱেষণাৰ বাবে বৃহত্তৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ ঐতিহাসিক সমল সমূহক ৰাষ্ট্ৰীয় পৰ্যায়ত এক সুকীয়া মাত্ৰা প্ৰদান কৰিব বুলি মতপোষণ কৰে।

উল্লেখযোগ্য যে  এই গ্ৰন্থ খনৰ প্ৰকাশৰ বাবে প্ৰয়োজনীয় আৰ্থিক অনুদান নতুন দিল্লী স্থিত ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট্ৰ’ৰিকেল ৰিচাৰ্ছয়ে আগবঢ়োৱাৰ লগতে গ্ৰন্থ খন প্ৰকাশ কৰি উলিয়ায় নতুন দিল্লী স্থিত আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠী  আগম কলা প্ৰকাশনে। পুৱা ৯.৩০  বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী তথা সহযোগী অধ্যাপক ড° বিপুল শইকীয়াই।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ সিং ৰাজপুতে সকলোকে আদৰণি ভাষণ প্ৰদানৰ লগতে এই গ্ৰন্থই স্থানীয় ইতিহাসক সম্পূৰ্ণ গৱেষণাৰ ভিত্তিত ৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠা কৰাৰ বাবে গ্ৰন্থ প্ৰণেতা ড° স্বপ্না কাকতিক মহাবিদ্যালয় পৰিয়ালৰ হৈ অভিনন্দন জনায়।

গ্ৰন্থ খনৰ প্ৰণেতা ড° স্বপ্না কাকতিয়ে উক্ত বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত গৱেষণা গ্ৰন্থ খনৰ উচ্চ মানদণ্ডৰ লগতে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখনৰ প্ৰকাশৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে উৎসাহ আৰু অনুমতি প্ৰদান কৰে বুলি ব্যক্ত কৰে। তেওঁ গ্ৰন্থ খনত সন্নিবিষ্ট বিষয়সমূহৰ ওপৰত এক বিশদ ব্যাখ্যা আগবঢ়োৱাৰ লগতে এক পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে উক্ত বিষয় সমূহৰ এক সুন্দৰ আৰু সাৱলীল বাখ্যা দাঙি ধৰে।

এই গ্ৰন্থত স্থানীয় ইতিহাসৰ বিভিন্ন বিষয় যেনে: ধন্দি দৌল, কলাবাৰীৰ বাসুদেৱ দৌল, নাৰায়ণপুৰৰ মাঘনোৱা দৌল আদিৰ স্থাপত্য-ভাস্কৰ্য সমূহৰ লগতে হাৱাজানৰ বৰকালিকা থানৰ ঘণ্টা লিপি, গলচেপাৰ সূৰ্য মূৰ্তি, কল্যাণী দেৱালয়ৰ ভৃংগাৰ লিপি, বঁটা লিপি, কলাবাৰীৰ পৰা উদ্ধাৰ হোৱা ইন্দ্ৰৰ মূৰ্তি, বুঢ়ামাধৱ দেৱালয়ৰ পৰা উদ্ধাৰ হোৱা তাৰাদেৱীৰ মূৰ্তি, ৰাজগড় আলি, গোঁহাই কমল আলি আদি ঐতিহাসিক সমল সমূহৰ সম্পূৰ্ণ বিজ্ঞান সন্মত বাখ্যা আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে। 

প্ৰায় দুই শতাধিক লোকে অংশ গ্ৰহণ কৰা এই সভাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি চন্দন বৰুৱা, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি খগেন গোস্বামী, অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ দিগন্ত গোঁহাই, অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্ত,অৱসৰপ্ৰাপ্ত গ্ৰন্থগাৰিক উপেন হাজৰিকা, শিক্ষাবিদ নিকুঞ্জ কোঁৱৰ মহন্ত, সৱিতা কোঁৱৰ, বকুল ফুকন, ৰঞ্জু কাকতি, কেশৱ কাকতি, ৰঞ্জনা দাস শইকীয়াই ভাষণ ৰাখে।

উক্ত বক্তা সকলে গ্ৰন্থ খনৰ বিষয়ে আৰু গ্ৰন্থ প্ৰণেতাৰ  স্থানীয় ইতিহাসৰ এনে গুৰুত্বপূর্ণ কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰি প্ৰকাশ কৰাৰ প্ৰচেষ্টাৰ বাবে শলাগ লয়। সংবাদ সেৱাৰ লগত জড়িত সাংবাদিক তুৱাকান্ত দুৱৰা, প্রকাশক, লেখক তথা সাংবাদিক বিপুল কুমাৰ দিহিঙ্গীয়া, পৰশ শইকীয়া, হেমন্ত বৰুৱাকে ধৰি স্থানীয় ভালে সংখ্যক লোকৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

ছয়দুৱাৰ মহাবিদ্যালয়