/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/50be272f-c8f5-4c0c-8134-50a6cc895a67/AP_FOR_WEB_23.jpg)
শৈক্ষিক,সামাজিক,সাংস্কৃতিকলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰি পুৰোধালৈ ৰাজহুৱা সন্মান
ডিজিটেল সংবাদ নগাঁও: বৃহত্তৰ উৰিয়াগাঁৱৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশত জীৱনজোৰা সাধনা আগবঢ়োৱা চাৰি গৰাকী বৰণ্য ব্যক্তিক আজি তেওঁলোকৰ ঘৰে ঘৰে গৈ ৰাজহুৱা সন্মান প্ৰদান কৰা হয় ৷ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, উৰিয়াগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত আৰু বহু বিশিষ্ট ব্যক্তিৰ সহযোগিতাত অনুষ্ঠিত হয় এই সন্মান প্ৰদান অনুষ্ঠান ৷
বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ লগতে নগাওঁ জিলাখনৰে পৰিচিত নাম প্ৰসন্ন কুমাৰ গোস্বামী, অকন চন্দ্ৰ বৰা, জীৱন শইকীয়া আৰু বেদানন্দ মহন্ত ৷ উৰিয়াগাঁৱৰ লগতে সমগ্ৰ নগাওঁ জিলাতে নৱ প্ৰজন্মৰ বাবে শৈক্ষিক, সামাজিক, সাংস্কৃতিক আদি দিশত এক সুস্থিৰ পৰিবেশ গঢ়োতা এই পুৰোধা ব্যক্তি কেইগৰাকীক তেওঁলোকৰ অৱদানৰ বাবে আজি আনুষ্ঠানিক ভাবে ৰাজহুৱা ভাবে সন্মান প্ৰদান কৰা হয় ৷
এই সন্মান প্ৰদান কৰিবলৈ যৌথ ভাৱে এই কাৰ্য সমাপন কৰা সংগঠন কেইটাৰ বিষয়ববীয়া আৰু সদস্য তথা একাংশ স্থানীয় বিশিষ্ট ব্যক্তিয়ে তেওঁলোকৰ ঘৰে ঘৰে গৈ এই ৰাজহুৱা সন্মান প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e726a7b1-efe6-4f8a-aec5-8f5d8fe23358/b39f2807_3605_4d48_b207_fcd2f91ff64d.jpg)
প্ৰথমে ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, সাহিত্যিক প্ৰসন্ন কুমাৰ গোস্বামীৰ বাসভৱনত উপস্থিত হয়গৈ এই তিনিওটা সংগঠনৰ নেতৃত্ব আৰু দলটোলৈ সহযোগিতা আগবঢ়োৱা স্থানীয় বিশিষ্ট ব্যক্তিসকল। তেওঁলোকে প্ৰসন্ন কুমাৰ গোস্বামীক তেওঁৰ বাসগৃহত এখন চমু আনুষ্ঠানিক সভা অনুষ্ঠিত কৰে। এই অনুষ্ঠানতে গোস্বামীৰ কৰ্মময় জীৱনক সোঁৱৰণ কৰি তেওঁ আগবঢো়ৱা শৈক্ষিক, সাংস্কৃতিক, সামাজিক অৱদানৰ বাবে এখন বিহুৱান, শৰাই, চেলেঙ, সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সন্মান প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8dee602b-ff1f-477a-9d4b-b19b2e32917b/910b0117_9b74_4bfc_89ca_73f9bdb3c928.jpg)
ইয়াৰ পিছতে উৰিয়াগাঁও নিকামূল সত্ৰৰ নিবাসী অকন চন্দ্ৰ বৰাক ৰাজহুৱা সন্মান প্ৰদান কৰিবলৈ এই দলটো গৈ তেওঁৰ বাসগৃহত উপস্থিত হয় ৷ শিক্ষাবিদ বৰাৰ বাসভৱনত উপস্হিত হৈ তিনিওটা সংগঠনে শিক্ষাবিদ অকন চন্দ্ৰ বৰাক বিহুৱান, চেলেঙ, শৰাই, সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰে ৷ ইয়াতো অনুষ্ঠিত হয় এক চমু আনুষ্ঠানিক সভা। এই সভাতেই তেওঁক আনুষ্ঠানিক ভাৱে এই সন্মান প্ৰদান কৰা হয়।
ইয়াৰ পাছত এই দলটো উপস্থিত হয়গৈ অঞ্চলটোৰ ভোটাই গাঁৱত। এই গাঁৱৰে নিৱাসী তথা অৱৰসপ্ৰাপ্ত শিক্ষক, শিল্পী জীৱন শইকীয়াৰ বাসগৃহত এই দলটোৱে অনুৰূপ ভাৱে চমু আনুষ্ঠানিক সভা অনুষ্ঠিত কৰি তেওঁকো একেদৰেই ৰাজহুৱা সন্মান প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c2b5b5c7-9049-4164-a338-89fd5743146d/28ea906f_4a09_46c4_b179_56092b22582d.jpg)
শেষত ভোটাইগাঁও শ্ৰী শ্ৰী নগঞাঁ এলেঙী বালি সত্ৰত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ক্ষুদ্ৰ ব্যৱসায়ী সন্হাৰ প্ৰতিনিধি আৰু ৰাইজৰ দলটো উপস্হিত হয় ৷ সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজসেৱক বেদানন্দ মহন্তৰ বাসভৱনত ৰাইজ উপস্থিত হৈ ৰাজহুৱা ভাবে সন্মান প্ৰদান কৰা হয় ৷ ইয়াত প্ৰথমে বৰগীত পৰিৱেশনেৰে সন্মান প্ৰদানৰ অনুষ্ঠান আৰম্ভ কৰা হয়। তাৰ পাছতে বিহুৱান , চেলেঙ, শৰাই, সম্বৰ্ধনা পত্ৰৰে তেওঁক সন্মানিত কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/94141873-9f4b-4446-bbf7-f85b562bbf2f/700ac7a5_947c_43d5_af68_e8518c63feb7.jpg)
ৰাজহুৱা সন্মান প্ৰদানৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে উৰিয়াগাওঁ আঞ্চলিক উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ন বনিয়া, উৰিয়াগাওঁ আছুৰ প্ৰতিষ্ঠাপক সভাপতি পিতাম্বৰ শইকীয়া আৰু সম্পাদক কমলেশ শইকীয়া, বিষয়ববীয়া পদুম বৰুৱা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি তথা উৰিয়াগাওঁ আঞ্চলিকৰ উপদেষ্টা প্ৰাগজ্যোতিষ বনিয়া, ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা, উৰিয়াগাওঁ উন্নয়ন সমিতিৰ বিষয়ববীয়া ৰূপৰাং বণিয়া, যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া ৰাজ হাজৰিকাৰ লগতে তিনিওটা সংগঠনৰ আন আন বিষয়ববীয়া, সদস্যৰ উপৰিও অঞ্চলটোৰ বহু জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে।
Also Read: ম'হ ঘুলিত 'ঢোল' নহয়, 'বিহুৱা'ক কোবালে ফাট বিহু স্থায়ী কমিটীৰ উদণ্ড সম্পাদকে...