/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/abbb66a8-bf70-44e8-89c4-54b0fb72fc59/ap_web_bikhekh_pratibedon.jpg)
ম'হ ঘুলিত 'ঢোল' নহয়, 'বিহুৱা'ক কোবালে ফাট বিহু স্থায়ী কমিটীৰ উদণ্ড সম্পাদকে...
অসমৰ ৰাইজৰ অতি মৰমৰ ঢকুৱাখনাৰ ফাট বিহু। জাতি, বৰ্ণ নিৰ্বিশেষে চাৰিকড়িয়া নৈৰ পাৰত ম'হ ঘুলি চাপৰিত উদযাপন কৰা ফাট বিহুস্থলীত সংঘটিত হ'ল এক দুৰ্ভাগ্যজনক ঘটনা। ফাটবিহুৰ আয়োজক কমিটীৰ বিষয়ববীয়াৰ প্ৰহাৰত আহত হ'ল বিহুৱা। কি হৈছিল ফাট বিহুস্থলীত? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।
সমন্বয়ৰ বাৰ্তাৰে কৃষ্টি, সংস্কৃতিক প্ৰাকৃতিক পৰিৱেশৰ মাজত ধৰি ৰখাৰ প্ৰচেষ্টাত যেন কালিমা সানিলে এক সাধাৰণ ঘটনাই। দেওবাৰে পুৱতি নিশালৈকে ঢকুৱাখনাৰ ম'হ ঘুলি চাপৰিত অনুষ্ঠিত হোৱা ফাট বিহুস্থলীত পৰিৱেশন হৈছিল দলীয় হুঁছৰি প্ৰতিযোগিতা।
এই প্ৰতিযোগিতাত অংশ ল'বলৈ ঘিলামৰাৰ পৰা আহিছিল বৰদৈচিলা নামৰ এটা বিহু দল। নিশা ১ বজাত এই দলটোক বিহু প্ৰদৰ্শনৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছিল। পূৰ্বতে বিহু প্ৰদৰ্শন কৰা দলবোৰক ১৫ মিনিটকৈ সময় বিচাৰকে দিছিল যদিও এই দলটোক ১০ মিনিট সময়হে প্ৰদান কৰে ।
১০ মিনিট পাৰ হৈ যোৱাৰ পাছত তেওঁলোকক বিহু বন্ধ কৰিবলৈ বিচাৰক আৰু ফাট বিহু উদযাপন সমিতিয়ে আহ্বান জনোৱাই নহয় চাউণ্ড চিষ্টেমো বন্ধ কৰি দিয়ে। বিহু চলি থকাৰ সময়তে কিয় তেওঁলোকৰ লগত এনে কৰা হ'ল বুলি বিহু দলৰ সদস্য সকলে প্ৰশ্ন কৰাত ফাট বিহুৰ স্থায়ী কমিটীৰ সম্পাদক ভাস্কৰ দাসে বিহু দলটিক গতিয়াই মঞ্চ আৰু ফাট বিহুস্থলীৰ পৰা বাহিৰ কৰি দিয়ে।
আনকি এজন বিহুৱাক প্ৰহাৰো কৰাত বিহুৱা জনে মূৰত আঘাত পায়। ফাট বিহুৰ দৰে এক ঐতিহ্যপূৰ্ণ অনুষ্ঠানত বিষয়ববীয়াৰ এক এনে উদ্ভণ্ডালীৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এই ঘটনাক সকলোৱে নিন্দা কৰি ঢকুৱাখনাৰ দৰে এক আতিথ্যত নাম থকা আৰু ফাট বিহুৰ দৰে মৰ্যাদাপূৰ্ণ অনুষ্ঠানত এনে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে। বিহু দলটোৱে এই সন্দৰ্ভত ঢকুৱাখনা থানাত এখন এজাহাৰো দাখিল কৰিছে।
এই সমগ্ৰ কাণ্ডৰ পাছতেই এতিয়া ফাট বিহুৰ এই স্থায়ী কমিটীৰ সম্পাদকজনৰ ব্যৱহাৰক লৈয়ো ৰাজ্যজুৰি প্ৰশ্ন উত্থাপন হৈছে।
Also Read: পাকিস্তানৰ 'ক্ৰিকেট'ৰ ৰাজনীতি ! ভাৰতত ক'ত খেলিব সেয়া তেওঁলোকেই নিৰ্ধাৰণ কৰিব...