বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত দীক্ষান্ত সমাৰোহ...

নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত শুকুৰবাৰে ৫৫৬ গৰাকী নৱনিযুক্ত আৰক্ষী জোৱানৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত দীক্ষান্ত সমাৰোহ...

দীক্ষান্ত সমাৰোহ

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত শুকুৰবাৰে ৫৫৬ গৰাকী নৱনিযুক্ত আৰক্ষী জোৱানৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় । আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ।

Advertisment

অনুষ্ঠানত অসম আৰক্ষীৰ ১১৭ সংখ্যক বেটছৰ আৰক্ষীসকলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় । মূল অনুষ্ঠানৰ আৰম্ভণিতে ২০২২ চনৰ জুন মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা ৪৩ সপ্তাহযোৰা প্ৰশিক্ষণৰ অন্তত নৱনিযুক্ত জোৱানসকলৰ দ্বাৰা সামৰিক কুচকাৱাজ প্ৰদৰ্শন আৰু শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ।

আজিৰ এই অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, বঢ়মপূৰ আৰু ৰহা সমষ্টিৰ বিধায়ক ক্ৰমে জিতু গোস্বামী আৰু শশীকান্ত দাস, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহকে প্ৰমুখ্যে কৰি নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক বিবেকানন্দ দাসৰ লগতে নৱনিযুক্ত জোৱানসকলৰ পৰিয়ালবৰ্গ আৰু বাহিনীটোৰ সমূহ আৰক্ষীৰ বিষয়া তথা জোৱানসকল উপস্থিত থাকে ।

অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত দীক্ষান্ত সমাৰোহ
অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত দীক্ষান্ত সমাৰোহ

Also Read: ঋষি চুনাক প্ৰধানমন্ত্ৰী হোৱাৰ আঁৰত থকা নাৰীগৰাকী কোন?

9th Assam Police Force Convocation ceremony