ঋষি চুনাক প্ৰধানমন্ত্ৰী হোৱাৰ আঁৰত থকা নাৰীগৰাকী কোন?

ইংলেণ্ডৰ ৫৭ সংখ্যক প্রধানমন্ত্ৰীৰ আসন শুৱনি কৰিছে ঋষি চুনাকে ৷ এই ঋষি চুনাক প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত এগৰাকী নাৰীৰ হাত থকাৰ দাবী কৰিছে এগৰাকী মহিলাই
rishi sunak
rishi sunak

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ ৫৭ সংখ্যক প্রধানমন্ত্ৰীৰ আসন শুৱনি কৰিছে ঋষি চুনাকে ৷ এই ঋষি চুনাক প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত এগৰাকী নাৰীৰ হাত থকাৰ দাবী কৰিছে এগৰাকী মহিলাই ৷ ঋষি চুনাকৰ প্ৰদানমন্ত্ৰী হোৱাৰ আঁঁৰত পত্নী অক্ষতা মূৰ্তীৰ হাত আছে বুলি শেহতীয়াকৈ মন্তব্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ শাহুয়েক সুধা মূৰ্তিয়ে ৷

শেহতীয়াকৈ সৈামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে এই দাবী কৰিছে সুধা মুৰ্তীয়ে ৷ লগতে তেওঁ কয় যে তেওঁ জীয়ৰী অক্ষতাৰ বাবেই চুনাক আটাইতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী হৈছে ৷

এয়াই নহয় ভিডিঅ’টোত লগতে সুধা মূৰ্তিয়ে কয় যে মই মোৰ স্বামীক সফল ব্যৱসায়ী কৰি তুলিছিলো ৷ তদুপৰি কয় পত্নীয়ে কেনেকৈ স্বামীক সলনি কৰিব পাৰে সেয়া চাওঁক ৷ উল্লেখ্য যে সুধা মূৰ্তি হৈছে ইউনিছেফৰ প্ৰতিষ্ঠাতক নাৰায়ণ মূৰ্তিৰ সহধৰ্মিণী ৷

সুধা মূৰ্তিয়ে তেওঁৰ জীয়াৰীয়ে কিদৰে ঋষি চুনাকৰ জীৱনত প্ৰভাম্বিত কৰিছে অই সন্দৰ্ভতো মন্তব্য কৰা দেখা হৈছে ভিঢিঅ’টোত ৷

লগতে তেওঁ কয় মূৰ্তি পৰিয়ালে দীৰ্ঘদিন ধৰি প্ৰতি বৃহস্পতিবাৰে উপবাসৰ পৰম্পৰা অনুসৰণ কৰি আহিছে ৷ বৃহস্পতিবাৰে পৰিয়ালটোৱে বহুতো কাম আৰম্ভ কৰে ৷

তেওঁলোকে বৃহস্পতিবাৰে ইনফোচিছ আৰম্ভ কৰিছিল, কেৱল সেয়াই নহয়, আমাৰ ছোৱালীক জোৱাইয়ে বিয়া কৰোৱা পিছত প্ৰশ্ন কৰিছিল যে কিয় তেওঁলোকে বৃহস্পতিবাৰে সকলো কাম আৰম্ভ কৰে?

তেওঁলোকে কৈছিল এই প্ৰশ্নৰো উত্তৰ দিছিল ৷ লগতে চুনাকৰ সাহুৱেকে কয় যে আমাৰ জোৱাইৰ মাতৃয়ে প্ৰতি সোমবাৰে উপবাস কৰে, ইয়াৰ বিপৰীতে জোৱাইয়ে বৃহস্পতিবাৰে উপবাস কৰে ৷

rishi sunak
ইন্টাৰনেট বন্ধ, ১৪৪ ধাৰা! জনতাৰ ক্ষোভত বাতিল মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in