জাতি-জনগোষ্ঠীৰ কৃষ্টি নৃত্যৰে মুখৰিত চছল বিহুতলী...

চছল যুৱক সংঘৰ সৌজন্যত ৩৮ তম বাৰ্ষিক বৃহত্তৰ চছল ব'হাগী উৎসৱ ২০২৩ যোৱা ২৩ এপ্ৰিলত সফল ভাৱে সামৰণি পৰে । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান প্ৰাক্তন সভাপতি স্বৰ্গীয় ৰণজিৎ ক্ৰ সোঁৱৰণি মঞ্চ বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰে অন্যতম উপদেষ্টা প্ৰীয়াক্ষী মহন্ত আৰু প্ৰয়াত ৰঞ্জিত ক্ৰ ৰ পৰিয়াল বৰ্গই

author-image
Asomiya Pratidin
New Update
জাতি-জনগোষ্ঠীৰ কৃষ্টি নৃত্যৰে মুখৰিত চছল বিহুতলী...

bihu

ডিজিটেল সংবাদ, বেবেজীয়াঃ চছল যুৱক সংঘৰ সৌজন্যত ৩৮ তম বাৰ্ষিক বৃহত্তৰ চছল ব'হাগী উৎসৱ ২০২৩ যোৱা ২৩ এপ্ৰিলত সফল ভাৱে সামৰণি পৰে । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান প্ৰাক্তন সভাপতি স্বৰ্গীয় ৰণজিৎ ক্ৰ সোঁৱৰণি মঞ্চ বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰে অন্যতম উপদেষ্টা প্ৰীয়াক্ষী মহন্ত আৰু প্ৰয়াত ৰঞ্জিত ক্ৰ ৰ পৰিয়াল বৰ্গই ।

Advertisment

বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে বিশেষকৈ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্যশৈলী অনুষ্ঠান দৃষ্টি নন্দন আৰু সকলোৰে আকৰ্ষণীয় কৰি তোলে ।

উক্ত সাংস্কৃতিক অনুষ্ঠানত গুৱাহটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়া, বিশিষ্ট সমাজ সংগঠক নৱ কুমাৰ মুদৈ, প্ৰশান্ত শইকীয়া, সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ।

dance
dance

উদযাপন সমিতিৰ বিষয়-বৱীয়া সকল ক্ৰমে কাৰ্যকৰী সভাপতি লুটফুৰ ৰহমান, কোষাধ্যক্ষ মোহন টেৰণ, সম্পাদক ঈশান বড়ো, মনোজ কুমাৰ ৰায়, তথা সমিতিৰ প্ৰতিজন সদস্যৰ অতি পৰিশ্ৰম আৰু ত্যাগৰ ফল স্বৰূপে দুয়োটি নিশাৰ অনুষ্ঠান সফল ৰূপায়ন হয় ।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰীৰ মনপৰশা গীতে বিহুতলীত উপস্থিত পাঁচ সহস্ৰাধিক লোকক মন্ত্ৰ মুগ্ধ কৰি তোলে ৷ দুয়োটি নিশাৰ কাৰ্যসূচীৰ সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ টেৰণৰ পৰিচালনাৰে সফল সমাপ্তি ঘটে।

dance
dance

Also Read: টেঙাখাতত ধুমুহাত বিধ্বস্ত বহু পৰিয়ালে উদং চালিৰ তলতে কটাইছে নিশা...

bahagiutsav bihu