টেঙাখাতত ধুমুহাত বিধ্বস্ত বহু পৰিয়ালে উদং চালিৰ তলতে কটাইছে নিশা...

দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ টেঙাখাত অঞ্চলত দেওবাৰে আবেলি হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত ৰাইজৰ ফলমূল তথা মূল্যবান গছ-গছনি ভঙা ঘৰ ভঙা তথা ঘৰৰ চালি বাৰাণ্ডাৰ গোহালি ভঁৰালৰ চালি উৰুৱাই নিয়া আদি ব্যাপক ক্ষয়ক্ষতি হয়

author-image
Asomiya Pratidin
New Update
টেঙাখাতত ধুমুহাত বিধ্বস্ত বহু পৰিয়ালে উদং চালিৰ তলতে কটাইছে নিশা...

টেঙাখাতত ধুমুহা

প্ৰতিদিন সংবাদ, টেঙাখাতঃ দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ টেঙাখাত অঞ্চলত দেওবাৰে আবেলি প্ৰচণ্ড শিলাবৃষ্টিৰ হয় । যাৰ ফলত ৰাইজৰ ফলমূল তথা মূল্যবান গছ-গছনি ভঙা ঘৰ ভঙা তথা ঘৰৰ চালি বাৰাণ্ডাৰ গোহালি ভঁৰালৰ চালি উৰুৱাই নিয়া আদি ব্যাপক ক্ষয়ক্ষতি হয় ।

Advertisment

লগতে চৰকাৰী বে-চৰকাৰী বিদ্যালয় কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান আদিৰো ব্যাপক ক্ষয়-ক্ষতি হয় । অন্যহাতে ধুমুহাৰ ফলত গছ-গছনি ভাঙী বিদ্যুত তাঁৰৰ ওপৰত পৰি তাঁৰ চিঙা খুঁটা ভঙাৰ ফলত কালিৰে পৰা অঞ্চলটোত বিদ্যুত বিচ্ছিন্ন হৈ পৰাত ৰাইজে বহুতো সমস্যাত পৰিছে ।

বানটনা কপহুৱা চাউদাং ন-খঙীয়া পুৰণিখঙীয়া তিৰলীয়া চকলিভৰীয়া নিজ টেঙাখাত গন্ধীয়া-ভাজনী, গন্ধীয়া-চাউদাং পানীমুদি, ভেকুলাজান, নকাৰী, শেনচোৱা আদি গাঁৱত বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ লগতে দেওবাৰৰ পৰা পৰা সম্পূৰ্ণ বিদ্যুৎ বিচ্ছিন্ন হৈ থাকে ।

বিধ্বস্ত বহু পৰিয়াল
বিধ্বস্ত বহু পৰিয়াল

অৱশ্যে বিপদমুক্ত একাংশ অঞ্চলত আজি সন্ধিয়াৰ পৰা বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা কৰাৰ পৰিলক্ষিত হয় । আজি বতৰ ফৰকাল হোৱাৰ হেতু দুৰ্দশাগ্ৰস্থ ৰাইজে পুৱাৰ পৰা ওৰেদিন কাপোৰ-কানি ৰ'দত দিয়া ঘৰ মেৰামতি কৰাকে ধৰি ব্যস্থ হৈ থকা পৰিলক্ষিত হয় ।

অৱশ্যে বহু দৰিদ্ৰ পৰিয়ালে ঘৰ মেৰামতি কৰিব নোৱাৰি আজিও উদং চালিৰ তলত নতুবা আনৰ ঘৰত আশ্ৰয় লব লগা হোৱা পৰিলক্ষিত হয় ।

ইফালে ক্ষতিগ্ৰস্থ পৰিয়ালত স্থানীয় লাট গাওঁবুঢ়া ৱাৰ্ডমেম্বাৰৰ দ্বাৰা জৰিপ কৰা পৰিলক্ষিত হয় যদিও টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা এইক্ষেত্ৰত কোনোধৰণৰ তৎপৰতা গ্ৰহণ নকৰাত ক্ষতিগ্ৰস্থ ৰাইজে ক্ষোভিত হৈছে ।

উদং চালি
উদং চালি

Also Read: জেহাদী সংগঠন এবিটিৰে জড়িত থকাৰ সন্দেহত তিনিজনক আটক...

tengakhatstrom