প্ৰতিকী ফটো
প্ৰতিকী ফটো 
মৰিগাঁও

অসম সাহিত্য সভাৰ ২০২৪ৰ মধ্যকালীন অধিবেশন বাৰপূজীয়াত

Asomiya Pratidin

ডিজিটেল সংবাদ ,বেবেজীয়া: অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনে মৰিগাঁৱবাসীলৈ দুটাকৈ সু বাৰ্তা লৈ আনিছে। অসম সাহিত্য সভাই প্ৰদান কৰা শ্ৰেষ্ঠ জিলা সাহিত্য সভাৰ বঁটা মৰিগাঁও জিলা সাহিত্য সভায়ো লাভ কৰিবলৈ সক্ষম হয় ।

যোৱা বছৰসমূহত মহামাৰী কভিড পৰিস্থিতিৰ মাজতেই মৰিগাঁও জিলা সাহিত্য সভাই কৰণীয় নিৰলস প্ৰচেষ্টাৰ ফলশ্ৰুতিতে স্বীকৃতি পাবলৈ সক্ষম হৈছে। তাৰোপৰি জিলা সাহিত্য সভাৰ অন্তৰ্গত বাৰপূজীয়া শাখা সাহিত্য সভাৰ আমন্ত্ৰণক সন্মান জনাই অহা ২০২৪ চনৰ অসম সাহিত্য সভাৰ মধ্যকালীন অধিবেশনখনি বাৰপূজীয়া শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হ'ব বুলি প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই খবৰে মৰিগাঁও জিলা বাসীৰ বাবে অতি গৌৰৱৰ কথা।

যিহেতু মৰিগাঁও জিলাত ২৯ বছৰৰ পাছত ৩০ বছৰত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'বলগীয়া বিষয়টোত জিলা বাসী উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।