ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জীৱন দক্ষতা বিকাশ বিষয়ক কৰ্মশালা

চেষ্টা আৰু শিকণ হৈছে সফলতাৰ  মূল বিজ্ঞান

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জীৱন দক্ষতা বিকাশ বিষয়ক কৰ্মশালা

ডিজিটেল সংবাদ, ঢকুৱাখনা : শিকণ আৰু প্ৰচেষ্টাই হৈছে জীৱনত সফলতা অর্জনৰ মুখ্য বিজ্ঞান। সাম্প্ৰতিক প্ৰেক্ষাপটত তথাকথিত 'চোকা' আৰু 'স্মাৰ্ট' শিক্ষাৰ্থীৰ বৰ্ধমুল ধাৰণাৰ বিপৰীতে প্ৰচেষ্টা আৰু শিকাৰ মানসিকতা গঢ়ি তুলিব পাৰিলে একোজন শিক্ষাৰ্থীয়ে জীৱনত সৰ্বতো ক্ষেত্ৰত সফলতা অৰ্জন সম্ভৱ । শৈক্ষিক ক্ষেত্ৰৰে নহয় সকলো ক্ষেত্ৰতে প্ৰত্যাহ্বান থাকিলেহে জীৱনত জয়ী হোৱা আৰু সফলতা অর্জনত মাদকতা পোৱা যায়। কৰ্মক্ষত্ৰত প্ৰত্যাহ্বান আহিলেহে শিকিবলৈ প্ৰেৰণা  লাভ কৰা হয়। কেৱল নম্বৰে ভৱিষ্যতৰ নিশ্চয়তা নিদিয়ে, জীৱনত সফলতা আৰু নিশ্চয়তা পাবলৈ শিকা আৰু প্ৰচেষ্টাৰ মানসিকতা গঢ়ি তুলিব লাগিব। নিজৰ মনত এই শিকাৰ মানসিকতা গঢ়ি তুলিব পাৰিলেহে সফল ভৱিষ্যতৰ গেৰাণ্টি লাভ কৰাটো সম্ভৱ । ঢকুৱাখনাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত 'জীৱন দক্ষতা বিকাশ বিষয়ক' এক মনোজ্ঞ কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি এই মননশীল বক্তব্য দাঙি ধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে ।

Advertisment

বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ স্তুতিৰ মাজত  বিষয় শিক্ষক কমল বুঢ়াগোহাঁইৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সকলৰ দ্বাৰা পৰিবেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা কৰ্মশালাৰ পাছতেই আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে ।

ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ উদ্বোধনী ভাষনেৰে শুভাৰম্ভ কৰা হয় কৰ্মশালাৰ । বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক শিক্ষক, শিক্ষাৰ্থী, অভিভাৱকৰ উপস্থিতিত সমল ব্যক্তি গৰাকীয়ে জীৱন মানেই প্ৰত্যাহ্বান বুলি উল্লেখ কৰি সফলতা প্ৰাপ্তিৰ পথত আহি পৰা এই প্ৰত্যাহ্বান সমূহ কি কৰ্ম প্ৰণালীৰে অতিক্ৰম কৰিব পাৰি তাৰ ওপৰত এক সংজ্ঞা নিৰূপণ কৰি শিক্ষাৰ্থী সকলক এই পথেৰে আগুৱাই যোৱাৰ পৰামৰ্শমূলক বক্তব্য আগবঢ়াই ।

assam dhakuakhana