/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/137f5a62-323c-48b4-9ce9-58b37489c428/53.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে চি আই টি ইউৰ বিক্ষোভ কাৰ্যসূচী গোলাঘাট জিলাতো সফল ৰূপায়ণ কৰা হয়। চি আই টি ইউৰ গোলাঘাট জিলা কমিটিৰ উদ্যোগত এই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰা নগৰৰ মাজেৰে প্ৰায় ৫ শতাধিক শ্ৰমিক- কৰ্মচাৰীয়ে শোভাযাত্ৰা কৰি গৈ গোলাঘাট জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। এই বিক্ষোভ কাৰ্য্যসূচীৰ অংশ স্বৰূপে সহ:শ্ৰম আয়ুক্তৰ যোগেদি অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীলৈ ৫ দফীয়া দাবীৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/87097ab7-1fff-4d7f-b602-04558c4a6b22/d1f2b1dd_5ff3_40bc_bd14_9b9c44ca6c56.jpg)
বিজেপি চৰকাৰৰ শ্ৰমিক-কৰ্মচাৰী বিৰোধী নীতিৰ প্ৰতিবাদত সহ:শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি চি আই টি ইউ গোলাঘাট জিলা সম্পাদক প্ৰকাশ হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে,যোৱা ৯ টা বছৰত মোদী চৰকাৰে বৃহৎ পুঁজিপতি,ব্যৱসায়িক ২৫ লাখ কোটি টকাৰ বেংক ঋণ মাফ কৰি দিছে।কিন্তু, ১ কোটিৰো অধিক কেন্দ্ৰীয় আঁচনি ভূক্ত কৰ্মচাৰীক কোনো সামাজিক সুৰক্ষা নিদিয়াকৈ সামান্য মাননিৰে কামত খটুৱাই আছে।
সকলো বস্তুৰ দাম আকাশলংঘী হৈছে,কিন্তু অসম চৰকাৰে বিগত ৮ বছৰত বিভিন্ন উদ্যোগ- প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বাবে এটকাও ন্যূনতম মজুৰি বৃদ্ধি কৰা নাই। বে-চৰকাৰী পৰিবহণ খণ্ডত কৰ্মৰত শ্ৰমিকৰ বাবে নাই কোনো সামাজিক সুৰক্ষা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8ae368ac-f952-46a6-aa33-3921f409d0fe/48de67e2_6576_480b_b484_9dfc1dec4d20.jpg)
সম্প্ৰতি মাত্ৰ ১৮ টকা দৈনিক মজুৰি বৃদ্ধি কৰি অসমৰ ১২ লাখ চাহ শমিকক অসম চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰিলে। যদি শ্ৰমিক-কৰ্মচাৰীৰ এই ন্যাৰ্য দাবীবোৰ কাৰ্যকৰী নকৰে,তেন্তে ২০২৪ চনত কেন্দ্ৰ আৰু ২০২৬ চনত অসমৰ পৰা বিজেপি চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ বাবে শ্ৰমিক-কৰ্মচাৰীসকলক সমৱেত কৰাৰ হুংকাৰ দিয়ে প্ৰকাশ হাজৰিকাই।
Also Read: বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ : কাইলৈৰ পৰা সংগ্ৰহ কৰিব পাৰিব টিকট,জানি লওক দামসমূহ