/asomiyapratidin/media/media_files/2025/05/16/1jCFToifpz6ZJJKKY37M.jpg)
ডিজিটেল সংবাদ গোলাঘাটঃ অসমৰ ভিতৰতে উচ্চ মানদণ্ডৰ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে গোলাঘাটৰ দ’গাওঁস্থিত গুৰুকুল গ্ল’ৱেল একাডেমী৷ বিগত বৰ্ষত দশম শ্ৰেণীৰ পৰীক্ষাত এই বিদ্যালয়ৰ পৰা বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ পিছত সদ্যঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাতো বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আমনিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰীসকলে।
আজি বিদ্যালয়খনৰ ফালৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেই সকলো শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়৷ বিদ্যালয়খনৰ এইবাৰ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰতঅনুৰাগ ভূঞাই ৯৮ শতাংশ, অৰ্ণৱ শইকীয়াই ৯৭.৮০ শতাংশ, আয্যবদ্ধন কোৱঁৰে ৯৭.৪৯ শতাংশ, ৰুদ্ৰ শৰ্মা আৰু তেজস্ব আগৰৱালাই ৯৫ শতাংশ, শুভিত ৰঞ্জন নাথে ৯৪.৬০ শতাংশ, কুৱাইছ নাওকাই ৯৩.৮০ শতাংশ, শান্তনু দোস্বাদে ৯৩.৮০ শতাংশ, পংখী কলিতাই ৯২.৮০ শতাংশ, শুভ শৰ্মাই ৯০.৬০ শতাংশ, ৰোহিত শৰ্মাই ৯০.৪০ শতাংশ নম্বৰ লাভ কৰিছে৷
এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা মুঠ ৩৩ গৰাকী শিক্ষাৰ্থীৰ ১১ গৰাকীয়ে ৯০ শতাংশৰো অধিক, ১০ গৰাকীয়ে ৮০ শতাংশৰো অধিক, ৯ গৰাকীয়ে ৭০ ৰ পৰা ৮০ শতাংশৰ ভিতৰত আৰু ৩ গৰাকীয়ে ৬০ ৰ পৰা ৭০ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
বিদ্যালয়খনৰ এনে ফলাফলৰ পৰিপ্ৰেক্ষিতত আজি বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক, শিক্ষয়িত্ৰী আনন্দতিত হৈ পৰিছে। বিদ্যালয়খনৰ এনে ফলাফলৰ বাবেই ৰাজ্যখনৰ ভিতৰত এখন উল্লেখনীয় বিদ্যালয় হিচাপে প্ৰতিষ্ঠিত হৈছে।
ছাত্ৰ-ছাত্ৰীসকলৰ এই সাফল্যৰ বাবে শলাগ লৈছে বিদ্যালয়খনৰ সঞ্চালক সঞ্জয় টোডী, অধ্যক্ষ গৌতম বৰাৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us