অইল ইণ্ডিয়া লিমিটেড
১৮৮৯ চনত ডিগবৈত প্রথম খাৰুৱা তেল আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি ১০০ বছৰৰ ইতিহাস সমৃদ্ধ অইল ইণ্ডিয়া লিমিটেড হৈছে এক মহাৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ১৯৫৯ চনত স্থাপন হোৱা অইল ইণ্ডিয়া লিমিটেড এতিয়া এক সম্পূর্ণ সংহত ৰাষ্ট্ৰীয় আপস্ট্রীম কোম্পানী বা প্রতিষ্ঠান যিয়ে অন্বেষণ আৰু উৎপাদন মূল্য শৃংখলত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। প্রতিষ্ঠানটোৱে ইয়াৰ সঞ্চালন কাৰ্য্যৰ সৈতে বহনক্ষমতাৰ তিনিটা স্তম্ভ সমাজ, পৰিৱেশ আৰু অৰ্থনীতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি বহনক্ষম বিকাশৰ প্ৰতি নিজকে উচৰ্গা কৰিছে। এই নীতিসমূহৰ প্ৰতি অইলৰ দায়বদ্ধতা প্রতিফলিত হৈছে নিগমিত সামাজিক দায়বদ্ধতা আৰু বিশেষভাৱে উত্তৰ-পূৱ ভাৰতৰ সামাজিক উন্নয়নৰ প্ৰতি প্ৰদান কৰা গুৰুত্বত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/media_files/2025/06/02/ojQBibOzeQLgrSkElLkn.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
/asomiyapratidin/media/media_files/2024/11/19/kO7BPSTLeElsZ6sUoy2f.png)
